বিশ্বত অচিৰেই উপলব্ধ হ’ব হুপি ল’ব পৰা ক’ভিড ভেকচিন

Share This Article

বিশ্বত অতি শীঘ্ৰেই উপলব্ধ হ’ব হুপি ল’ব পৰা ক’ভিড ভেকচিন। এই ভেকচিনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব ৩০০ গুণ। চীন দেশে শেহতীয়াকৈ প্ৰস্তুত কৰিছে হুপি বা ইনহেল কৰি ল’ব পৰা কোভিড ভেকচিনৰ বুষ্টাৰ শ্বট। চীনৰ গ্লোবেল টাইমছত প্ৰকাশিত বাতৰি মতে এই ইনহেল কৰিব পৰা কোভিড বুষ্টাৰ শ্বটে ৩০০ গুণ অধিক এণ্টিবডী সৃষ্টি কৰিব পাৰে। এই ভেকচিনবিধ প্ৰস্তুত কৰি উলিয়াইছে চীনৰ কেনচিনো বায়’লজিকছে। এডেনোভাইৰাছ Type-5 ভেক্টৰ বেছড ক’ভিড ১৯ ভেকচিন (Ad5-nCoV) দুই পালি ক’ভিড ভেকচিন লোৱাৰ পিছত গ্ৰহণ কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা সাধাৰণ বুষ্টাৰতকৈ যথেষ্ট বৃদ্ধি পায় বুলি দাবী কৰিছে এই ভেকচিন প্ৰস্তুত কৰোঁতা বিজ্ঞানী সকলে। সাধাৰণ ভেকচিন এটা বুষ্টাৰ শ্বট হিচাপে গ্ৰহণ কৰিলে ইয়াৰ কাৰ্যকাৰীতা ৩০ গুণলৈ বৃদ্ধি পাব পাৰে। কিন্তু এই নতুন ইনহেল কৰি ল’ব পৰা বুষ্টাৰ শ্বট গ্ৰহণ কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা ২৫০ৰ পৰা ৩০০ গুণলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.