কেনে আছে আফগানিস্তানৰ মহিলা চিনেমা নিৰ্মাতা , খেলুৱৈসকল ?

Share This Article

আফগানিস্তানত তালিবানৰ পুনৰুত্থানত আফগানিস্তানবাসীৰ লগতে শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ববাসী। দেশখনৰ  নাগৰিকসকলে পলায়নৰ বাবে  হাহাকাৰ কৰা পৰিস্থিতিৰ ফটো, ভিডিও দেখি স্তম্ভিত হৈ পৰিছে সকলো। তেনে সময়তে আফগানিস্তানৰ এগৰাকী মহিলা ফিল্ম নির্মাতাৰ এখন চিঠিয়ে কৈ গৈছে বহু কথা ৷

আফগানিস্তানৰ ফিল্ম নিৰ্মাতা ছাহৰা কৰিমিয়ে  লিখা মুকলি চিঠিখনত উল্লেখ কৰিছে, ” তেওঁলোকে আমাৰ মানুহবোৰক মাৰি পেলালে। সৰু সৰু লৰা ছোৱালীক অপহৰণ কৰিছে।কাপোৰৰ নামত এগৰাকী মহিলাৰ হত্যা কৰি পেলালে। তেওঁলোকে আমাৰ প্রিয় হাস্য কলাকাৰসকলৰ ভিতৰত এগৰাকীক অত্যাচাৰ কৰি মাৰি পেলালে।তেওঁলোকে আমাৰ এগৰাকী  কবিক হত্যা কৰিলে। তেওঁলোকে চৰকাৰৰ সৈতে জড়িত লোকসকলক মাৰি পেলালে।আমাৰ মাজৰ কিছুমানক ফাঁচী দিলে।তেওঁলোকে লাখ লাখ পৰিয়ালৰ ঘৰ ভাঙি পেলালে।সেই পৰিয়াল সমূহে ইয়াৰ পৰা পলাই গৈ শিবিৰত সংস্থাপন লৈছে। য’ত তেওঁলোক গভীৰ সংকটৰ মুখামুখি হৈছে৷”

ছাহৰা কৰিমি

 

ছাহৰা কৰিমিয়ে চিঠিখনত আগলৈ লিখে, ” আমাৰ লৰা -ছোৱালীবোৰ শিবিৰত ডকাইতি আৰু গাখীৰৰ অভাৱত মৃত্যুমুখত পৰিছে।এয়া মানৱীয়তাৰ সংকট।তথাপিও সমগ্ৰ পৃথিৱী শান্ত হৈ আছে।আমি ইয়াৰ অভ্যস্ত যদিও এয়া উচিত নহয়।আমি জানো যে আমাৰ মানুহবোৰক এনেদৰে এৰি দিয়াটো এক ভুল সিদ্ধান্ত, আমাক আপোনালোকৰ কণ্ঠৰ প্ৰযোজন।মই মোৰ দেশত এগৰাকী ফিল্ম নিৰ্মাতা হিচাপে যিমান কষ্ট কৰিছোঁ, সেয়া শেষ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।যদি তালিবানৰ চৰকাৰ আহি যায় , তেতিয়া তেওঁলোকে সমগ্ৰ কলাৰ ওপৰত প্ৰতিবন্ধকতা আনি দিব । মোৰ লগতে অন্য ফিল্ম নির্মাতাসকল তেওঁলোকৰ হিট লিষ্টত অহাৰ সম্ভাৱনা আছে।তেওঁলোকে মহিলাসকলৰ অধিকাৰ শেষ কৰি দিব।আৰু আমাৰ অভিব্যক্তিক শেষ কৰি দিয়া হ’ব।”

এনেদৰেই এইগৰাকী আফগান ফিল্ম নিৰ্মাতাই নিজৰ শংকা , দুখ , ক্ষোভ ব্যক্ত কৰিছে।

আফগানিস্তানৰ আন এগৰাকী প্ৰাক্তন মহিলা ফুটবলাৰ খালিদা পোপেলে নিজৰ জীৱনৰ অভিজ্ঞতা ব্যক্ত কৰি কান্দি উঠিছে। ৩৪ বছৰীয়া এইগৰাকী মহিলা ফুটবলাৰে ১৯৯৬ চনত তালিবানে ক্ষমতা দখল কৰা সময়ত আফগানিস্তান এৰি পাকিস্তানত শৰণাৰ্থী হিচাপে বাস কৰিছিল। প্ৰায় দুটা দশক পাছত যেতিয়া তেওঁ আফগানিস্তানলৈ ঘুৰি আহিছিল তেওঁ অনুভৱ কৰিছিল যেন মহিলাৰ অধিকাৰ পুনৰ ঘূৰি আহিব। সেই আশা লৈ তেওঁ মহিলাসকলৰ  সৱলীকৰণৰ বাবে ২০০৭ চনত আফগানিস্তানৰ প্ৰথম মহিলা ৰাষ্ট্ৰীয় ফুটবল দল গঠন কৰিছিল।

খালিদা পোপেল

কিন্তু এতিয়া তালিবানৰ পুনৰুত্থানত শংকিত হৈ পৰিছে তেওঁ।সম্প্ৰতি ডেনমাৰ্কৰ পৰা নিজৰ অভিজ্ঞতা ব্যক্ত কৰি তেওঁ কয় যে মানুহবোৰে হাহাকাৰ কৰি কান্দি কান্দি তেওঁলৈ সহায়ৰ হাত বিচাৰি ফোন কৰে। কিন্তু তেওঁ মানুহবোৰক ঘৰ এৰি পলাই যোৱাৰ বাহিৰে একো সহায় কৰিব নোৱাৰে। পোপেলে উল্লেখ কৰে, “মই ইতিমধ্যে বহু মৃত্যুৰ ভাবুকি লাভ কৰিছোঁ। কাৰণ  ৰাষ্ট্ৰীয় সংবাদমাধ্যমত তালিবানক শত্ৰু বুলি উল্লেখ কৰিছিলোঁ।মোৰ জীৱন এতিয়া গভীৰ সংকটত আছে।”

এনেদৰে এটা এটা দিন মৃত্যুৰ ভয়ত জীয়াই থাকিবলৈ বাধ্য হৈছে আফগানিস্তানবাসী।চিনেমা নিৰ্মাতা , খেলুৱৈ সকলো গভীৰভাৱে শংকিত ৷এই কাহিনী শুনি হয়তো আপুনিও শিহৰিত হৈ উঠিছে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.