সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাবুলৰ ভাৰতীয় দূতাবাস খালী কৰাৰ সিদ্ধান্ত কিয় নতুন দিল্লীৰ ?

কাবুলৰ ভাৰতীয় দূতাবাসত থকা ৰাষ্ট্ৰদূতসহ আন আন কৰ্মচাৰীসকলক দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে নতুন দিল্লীয়ে ৷ আফগানিস্তানৰ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ৷ মঙলবাৰৰ পৰাই ভাৰতীয় বায়ুসেনাৰ দুখন বিশেষ বিমানৰ জড়িয়তে সকলো কৰ্মীকে ঘূৰাই অনাৰ কাম আৰম্ভ হ’ব ৷ ইয়াৰ বাবে বিশেষ হেল্পলাইন নম্বৰ আৰু ই- মেইল আই ডিও মুকলি কৰা হৈছে ৷ বিদেশ মন্ত্ৰালয়ৰ সুত্ৰই জানিবলৈ দিয়া অনুসৰি কাবুলৰ দূতাবাসত বৰ্তমান ১৪০ গৰাকী বিষয়া – কৰ্মচাৰী কৰ্মৰত হৈ আছে ৷ তদুপৰি বাতৰি সংগ্ৰহৰ বাবে আফগানিস্তানলৈ যোৱা চাৰিগৰাকী সাংবাদিককো দেশলৈ ওভতাই অনা হৈছে ৷ ভাৰত চৰকাৰৰ এই পদক্ষেপৰ পাছত কাৰ্যত: শূণ্য হৈ পৰিব কাবুলস্থিত ভাৰতীয় দূতাবাস৷

 

Leave A Reply

Your email address will not be published.