সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২৭ বছৰীয়া আফগান মহিলা মেয়ৰ জাৰিফাই কিয় মৃত্যুৰ ক্ষণ গণিছে ?

চকুৰ পচাৰত সকলো সলনি হৈ গ’ল ৷ তালিবানে আফগানিস্তান দখল কৰাৰ লগে লগে প্ৰাণৰ শংকাত ভুগিছে লাখ লাখ নাগৰিক ৷ তালিবানৰ আগ্ৰাসনৰ ভয়াৱহতাৰ কথা ক’বলৈ গৈ শিয়ৰি উঠিছে আফগানিস্তানৰ কণিষ্ঠ মহিলা মেয়ৰ  জাৰিফা গাফাৰি ৷  তেও কয় –‘তালিবানে আমাক কেতিয়া হত্যা কৰিব , এতিয়া তাৰেই অপেক্ষাতে আছো’৷

জাৰিফাৰ বয়স ২৭ ৷আশ্ৰফ ঘানি চৰকাৰৰ কৰ্মী ৷ ঘানিয়ে দেশ এৰি ইতিমধ্যে পলায়ন কৰিছে ৷কিন্তু জাৰিফাৰ দৰে বহুতো ৰৈ গৈছে ৷ তেওলোকে মাথো আসন্ন বিপদৰ ক্ষণ গণিছে ৷

- Donation -

সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত জাৰিফাই কৈছে –‘ঘানি চৰকাৰৰ অনেক শীৰ্ষস্থানীয় বিষয়াই ইতিমধ্যে পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰিছে ৷ কিন্তু আমাৰ পলাবলৈ কোনো ঠাই নাই ৷সেয়ে ইয়াতেই বহি তালিবানে হত্যা কৰালৈ অপেক্ষা কৰিছো ৷’

তেও আৰু কয়-‘আমাক সহায় কৰোতা কোনো নাই ৷সেয়ে পৰিয়ালৰ সৈতে একেলগে সেই সময়লৈ অপেক্ষা কৰিছো , যেতিয়া তালিবানে আমাক বিচাৰি বিচাৰি ইয়াত ওলাবহি ৷’

২০১৮ চনত ময়দান ওৱাৰ্ডা প্ৰদেশৰ প্ৰথম মহিলা সৰ্বকণিষ্ঠ মেয়ৰ হিচাপে দায়িত্ব লৈছিল জাৰিফা গাফাৰিয়ে ৷তেওৰ ভাষাত-‘সকলো ঠিকেই চলি আছিল ৷ কিন্তু মুহূৰ্তৰ ভিতৰতে যেন ঠন ঠনকৈ সকো খহি পৰিল ৷’

ইয়াৰ আগতেও তালিবানৰ ভাবুকিৰ সন্মুখীন হৈছিল জাৰিফা ৷ বিগত ১৫ নৱেম্বৰত তালিবানে হত্যা কৰিছিল জাৰিফাৰ পিতৃ জেনেৰেল আব্দুল ৱাছি গাফাৰিক ৷ বিতত হোৱা নাছিল মহিলা মেয়ৰ গৰাকী ৷ আনকি যেতিয়া তালিবানৰ আগ্ৰাসন আৰম্ভ হৈছিল , তেতিয়াও তেও কৈছিল –‘দেশৰ বৰ্তমানৰ যুৱ প্ৰজন্ম পৰিৱেশ – পৰিস্থিতিক লৈ সচেতন ৷ তেওলোকৰ হাতত ইন্টাৰনেট আছে ৷ নিজৰ মাজত সহজতে যোগাযোগ ৰাখিব পাৰে ৷ আমাৰ ধাৰণা এইটোৱে যে দেশখন আগুৱাই নিয়াৰ বাবে তেওলোকে নিজৰ যুঁজখন চলাই নিব ৷ এটা নতুন ভৱিষ্যত তৈয়াৰ কৰিব ৷’

সকলো এতিয়া অতীত ৷ জাৰিফাই গণিছে মৃত্যুৰ প্ৰমাদ ৷

 

Leave A Reply

Your email address will not be published.