উৰন্ত বিমানৰ পৰা সৰি পৰি আফগানিস্তানত মৃত্যু দুজনৰ  

Share This Article

উৰন্ত বিমানৰ পৰা সৰি পৰি আফগানিস্তানত মৃত্যু হৈছে দুজন লোকৰ ৷ স্থানীয় সূত্ৰৰ খবৰ অনুসৰি , কাবুল বিমান বন্দৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা ৷ আফগানিস্তানত তালিবান শাসনলৈ অহাৰ লগে লগে দেশৰ পৰা পলায়ন কৰিবলৈ কাবুল বিমান মন্দৰত  হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে ৷ দুজন আফগান লোকে বিমানৰ চকাত ওলমি পলায়নৰ চেষ্টা কৰিছিল ৷ কিন্তু বিমানখন উৰিবলৈ লওতেই ব্যক্তি দুজন তললৈ সৰি পৰে আৰু তেওলোকৰ থিতাতে মৃত্যু হয় ৷

সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিও বিয়পি পৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.