সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আফগানিস্তান দখল কৰা কোন এই তালিবান ?

সেয়া আছিল ১৯৮০ৰ দশকৰ কথা। আফগান চৰকাৰৰ নিৰাপত্তা আৰু সুৰক্ষাৰ স্বাৰ্থত আফগানিস্তানত উপস্থিত হৈছিল ছোভিয়েট সেনাৰ এটা বিশেষ দল। সেই সময়ছোৱাত কেইবাটাও মুজাহিদীন গোটে আফগানিস্তানৰ চৰকাৰ আৰু সেনাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি আছিল। এই মুজাহিদীন গোটবোৰক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পাকিস্তানে সহায় কৰিছিল। ১৯৮৯ চনত ছোভিয়েট ইউনিয়নে আফগানিস্তানৰ পৰা নিজৰ সৈন্যবাহিনী প্ৰত্যাহাৰ কৰে। সেনা প্ৰত্যাহাৰ কৰাৰ পাছতে চৰকাৰ আৰু সেনাবাহিনীৰ বিৰুদ্ধে বিদ্ৰোহ কৰা গোটবোৰে নিজৰ মাজতে যুদ্ধ আৰম্ভ কৰিছিল। তেনে এজন বিদ্ৰোহী আছিল মোল্লা মহম্মদ ওমৰ ৷ এইজন মোল্লা মহম্মদ ওমৰেই কিছু সংখ্যক বিদ্ৰোহী যুৱকৰ সহযোগত তালিবান বিদ্ৰোহ আৰম্ভ কৰিছিল। বৰ্তমান সময়ত আফগানিস্তান দখল কৰা সশস্ত্ৰ  সংগঠনটোৱেই হৈছে তালিবান।

কেনেকৈ কাম কৰে তালিবানে?

- Donation -

যিকোনো এখন দেশৰ চৰকাৰৰ দৰেই তালিবানৰো আছে কঠোৰ নীতি-নিয়ম আৰু কৰ্মপ্ৰণালী। তালিবানৰ এজন সাংগঠিনক মুখপাত্র থাকে আৰু তেওৰ নেতৃত্বত ৩ গৰাকীকৈ ডেপুটী লীডাৰে কাৰ্যনিৰ্বাহ কৰে। তালিবান নেতৃত্বৰ এখন বিশেষ পৰিষদ আছে। ইয়াৰ উপৰিও দেশখনৰ প্ৰতিটো প্ৰান্তৰ বাবে তালিবানৰ নিজা নিজা গৱৰ্ণৰ আৰু কামাণ্ডাৰ আছে।

জনসাধাৰণৰ প্ৰতি তালিবানৰ দৃষ্টিভংগী কেনেকুৱা?

১৯৯৬ চনৰ পৰা ২০০১ চনলৈ আফগানিস্তানত তালিবানে শাসন কৰিছিল। সেই সময়ত তালিবানে দেশত প্ৰণয়ন কৰিছিল কেইবাটাও কঠোৰ নিয়ম আৰু নিৰ্দেশনা –

ক) কোনো ছোৱালীয়ে স্কুললৈ যাব নোৱাৰিব আৰু কোনো মহিলাই কাম কৰিব নোৱাৰিব।

খ) পুৰুষে দীঘল দাড়ি ৰখাটো আৰু নামাজ পঢ়াতো বাধ্যতামূলক।

গ) আদেশ অমান্য কৰা নাগৰিকক শাস্তি প্ৰদান কৰাটো আছিল এটা ৰাজহুৱা উৎসৱ।

ঘ) হত্যাকাৰীক ফাঁচী আৰু চুৰি কৰা লোকক অংগচ্ছেদ কৰা হৈছিল।

ঙ) আফগানিস্তানত বিশ্বৰ সকলো সন্ত্ৰাসবাদীক আশ্ৰয় প্ৰদান কৰা হৈছিল।

কিমান ধনী তালিবান?

তালিবানে সাধাৰণতে নিজৰ কোনো ব্যক্তিগত তথ্য প্ৰকাশ নকৰে। Forbes Media LLCৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি তালিবানৰ বাৰ্ষিক টাৰ্ণঅভাৰ প্ৰায় ২৯৬৮ কোটি। ইউৰোপৰ আন এটা সংস্থাৰ গোপন তথ্য অনুসৰি ২০১৯-২০ বৰ্ষত তালিবানৰ বাৰ্ষিক বাজেট আছিল ১১ হাজাৰ কোটি।

ক’ৰ পৰা ধন সংগ্ৰহ কৰে তালিবানে?

অফীম নামৰ ফল বিধৰ বিশ্বৰ প্ৰায় ৮০ শতাংশ উৎপাদন আফগানিস্তানত হয়। এই খেতিৰ অধিকাংশ তালিবানৰ নিয়ন্ত্ৰণত আছে। এই ফলৰ ব্যৱসায় কৰা ব্যৱসায়ী সকলৰ পৰা তালিবানে কৰ সংগ্ৰহ কৰে। তালিবানে দখল কৰি থকা অঞ্চলৰ সমূহৰ সীমান্ততো ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহ কৰে দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠনটোৱে। আফগান সেনা চাউনিত আক্ৰমণ কৰি সকলো সা-সম্পত্তি বাজেয়াপ্ত কৰে তালিবানে। আফগানিস্তানত অবৈধ খনন কৰা উদ্যোগবোৰেও তালিবানক দিব লাগে গুণ্ডা টেক্স।

আমেৰিকাৰ লগত তালিবানৰ ২০ বছৰীয়া যুদ্ধৰ কাৰণ কি?

২০০১ চনৰ ১১ ছেপ্টেম্বৰত ১৯ টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীয়ে আমেৰিকাৰ ৪ খনকৈ যাত্ৰীবাহী বিমান হাইজেক কৰিছিল। ইয়াৰে দুখন বিমানক ৱৰ্ল্ড ট্ৰেড চেন্টাৰত, এখনক পেন্টাগনত আৰু এখন বিমানক অজ্ঞাত স্থানত দুৰ্ঘটনাত পতিত কৰোৱা হৈছিল। এই ঘটনাত প্ৰায় ২৯৯৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। এই ঘটনাৰ বাবে দায়ী আছিল আলকায়দা। লগে লগে আমেৰিকা ওচামা বিন লাডেনৰ তেজৰ পিপাসু হৈ পৰিছিল। লাডেনে প্ৰথম চুডানত আৰু পিছত আফগানিস্তানত আশ্ৰয় লৈছিল। তেতিয়া আফগানিস্তানত চলি আছিল তালিবানী শাসন আৰু লাডেন আফগানিস্তানত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ লগে লগেই আমেৰিকা তালিবানৰ ওপৰত জপিয়াই পৰিছিল।

ভৱিষ্যতৰ বাবে কি পৰিকল্পনা আৰু লক্ষ্য থিৰ কৰিছে তালিবানে?

ক) আমেৰিকা আৰু নাটো চুক্তিৰ অন্তৰ্গত দেশ সমূহৰ সেনা বাহিনীক চলিত বৰ্ষতে আফগানিস্তান এৰিবলৈ বাধ্য কৰোৱা।

খ) চীন আৰু ৰাছিয়াৰ লগত তালিবানৰ কূটনৈতিক সম্পৰ্ক বৃদ্ধি কৰা।

গ) আফগানিস্তানত আধিপত্য চিৰদিনৰ বাবে বৰ্তাই ৰখা।

তালিবানে ইতিমধ্যেই হেৰাত, কান্দাহাৰ আৰু কাবুল সহ আফগানিস্তানৰ ৩৪ খন দেশৰ ২৪ খন দখল কৰিছে। পৰৱৰ্তী সময়ত আফগানিস্তানৰ জনসাধাৰণৰ নিৰাপত্তা আৰু শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হব লক্ষণীয়।

Leave A Reply

Your email address will not be published.