চীনৰ সৃষ্টি আছিল কৰ’না

Share This Article

নিউয়ৰ্ক প’ষ্টৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি বিজ্ঞানীজনে য়ুহানৰ লেবৰটৰীৰ পৰাই এই মানৱ সৃষ্ট ভাইৰাছটো বাহিৰ হৈছিল বুলি দাবী কৰিছে।য়ুহান লেবৰটৰীটো চীনৰ য়ুহান নগৰত অৱস্থিত।এই মহানগৰ খনতে প্ৰথম ভাইৰাছটো বিয়পি পৰিছিল ৷ য়ুহানত এই ভাইৰাছটো ২০১৯ চনৰ ডিচেম্বৰত বিয়পি পৰিছিল আৰু সেই সময়ত বিশ্ব স্বাস্থ্য সংস্থাই এইটোক এক নতুন ভাইৰাছ বুলি অভিহিত কৰিছিল।২০১৯ চনৰ ৩১ ডিচেম্বৰত চীনৰ হুই প্ৰভিন্সৰ য়ুহানত বহুতো লোক নিউমোনিয়াত আক্ৰান্ত হৈছিল।ইয়াৰ ঠিক এটা সপ্তাহ পিছতেই অৰ্থাৎ ৭ জানুৱাৰীত চীনা কৰ্তৃপক্ষই এক নতুন ভাইৰাছ আৱিষ্কাৰ হোৱা বুলি প্ৰকাশ কৰিছিল৷এই নতুন ভাইৰাছটোক কৰ’না ভাইৰাছ হিচাপে নামাকৰণ কৰা হৈছিল।ইয়াৰ পিছতেই য়ুহান কৰ’নাৰ হটস্পট হৈ পৰিছিল৷মাৰ্চ-এপ্ৰিল মাহ মানলৈ এই ভাইৰাছ বিধ সম্পূৰ্ণ নিয়ন্ত্ৰণত আছিল কিন্তু লাহে লাহে ই সমগ্ৰ বিশ্ব লৈ সম্প্ৰসাৰিত হৈছিল।য়ুহানৰ লেবৰটৰীত কাম কৰা এগৰাকী বিজ্ঞানীয়ে আৰম্ভণিতেই কৰ’না এক মানৱ সৃষ্ট ভাইৰাছ বুলি উল্লেখ কৰি বিতৰ্কিত হৈ পৰিছিল।দ্যা নিউয়ৰ্ক প’ষ্টে লগতে বৃটিছ সংবাদপত্ৰ ‘ছান’ৰ উদ্ধৃতি দি প্ৰতিবেদনটোত লিখিছে গৱেষক এন্দ্ৰিউ হাফে দুবছৰ আগতেই য়ুহান ইনষ্টিটিউট অব ভাইৰ’লজীৰ পৰা এই ভাইৰাছবিধ বাহিৰ হোৱাৰ কথা উল্লেখ কৰিছিল। প্ৰতিবেদনটোত প্ৰকাশ পোৱা অনুসৰি মহামাৰী বিশেষজ্ঞ হাফে তেওঁৰ গ্ৰন্থ ‘দ্যা ট্ৰুথ এবাউট য়ুহান’ত লিখিছে কৰ’না মহামাৰীৰ কাৰণ আছিল ভয়ংকৰ জেনেটিক ইঞ্জিনীয়াৰিঙৰ ফল৷এই গৱেষণা কৰা লেবৰটৰীটোত আমেৰিকা যুক্তৰাষ্ট্ৰই যথেষ্ট ধন বিনিয়োগ কৰিছিল।হাফৰ গ্ৰন্থখনৰ কিছু অংশ বৃটেইনৰ ‘দ্যা ছান’ আলোচনীতো প্ৰকাশ পাইছিল।নিউয়ৰ্ক প’ষ্টৰ প্ৰতিবেদন অনুসৰি হাফ নিউয়ৰ্কৰ এটা স্বেচ্ছাসেৱী সংস্থা ইক’হেলথ এলায়েন্সৰ প্ৰাক্তন উপসভাপতি৷এই সংস্থাটোৱে এনেধৰণৰ সংক্ৰামক ৰোগৰ ওপৰতেই গৱেষণা চলায়। এএনআই নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ মতে সংস্থাটোৱে নেশ্যনেল ইনষ্টিটিউট অব হেল্থৰ পৰা বিত্তীয় সাহাৰ্য লাভ কৰিছিল প্ৰায় এটা দশক।সেই সময়চোৱাত বাদুলীৰ ওপৰত প্ৰয়োগ কৰি এই ভাইৰাছবিধ পৰীক্ষা চলোৱা হৈছিল ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সকলো বায়’মেডিকেল আৰু জনস্বাস্থ্য জনিত গবেষণা।নেশ্যনেল ইনষ্টিটিউট অব হেল্থ নামৰ সংস্থাটোৱেই সম্পন্ন কৰে ৷ হাফে ইক’হেলথ এলায়েন্সত ২০১৪ চনৰ পৰা ২০১৬ চনলৈ সেৱা আগবঢ়াইছিল।তেওঁ য়ুহানৰ লেবৰেটৰীটো সেৱা আগবঢ়াইছিল।য়ুহান লেবৰ পৰা কৰ’না ভাইৰাছৰ বীজাণু সংক্ৰমণ হোৱা বুলি প্ৰথমৰ পৰাই বিতৰ্কৰ সৃষ্টি হৈছিল।আমেৰিকাৰ প্ৰশাসনেও প্ৰথমৰ পৰাই এই চীনৰ য়ুহানৰ লেবৰটৰীটোৰ পৰাই কৰ’না ভাইৰাছ সংক্ৰমিত হোৱা বুলি দাবী কৰি আহিছে ৷ অৱশ্যে চীনে আৰম্ভণিৰে পৰাই এই অভিযোগ নস্যাৎ কৰি আহিছে৷প্ৰথম অৱস্থাত য়ুহানৰ এখন জন্তুৰ বজাৰৰ পৰা এই ভাইৰাছবিধ সংক্ৰমিত হোৱা বুলি বাতৰি প্ৰকাশ হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.