বিশ্ব সন্ত্ৰাস তালিবানক সহায় কৰিছে নেকি পাকিস্তানে? সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন-

Share This Article
  • নিয়ৰ ডেকা

প্ৰায় দুটা দশকৰ অন্ততঃ তালিবানে শাসনৰ বাঘজৰী হস্তগত কৰাৰ পিছত আফগানিস্তানত এতিয়াও মাৰ যোৱা নাই উত্তেজনা। আফগানিস্তানৰ পাঞ্জশিৰত তালিবান আৰু প্ৰতিৰোধ বাহিনীৰ মাজত এতিয়াও অব্যাহত আছে সামৰিক সংঘৰ্ষ। ইফালে তালিবান প্ৰতিৰোধ বাহিনীয়ে দাবী কৰিছে যে ইতিমধ্যেই শনিবাৰে ৬০০ তালিবান সদস্য হত্যা কৰা হৈছে আৰু প্ৰায় ১০০০ তালিবানক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰোৱা হৈছে কৰিছিল নতুবা বন্দী কৰা হৈছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি তালিবানে কয় যে পাঞ্জশিৰৰ ৰাজধানী বাজাৰক আৰু প্ৰাদেশিক অঞ্চলবোৰলৈ যোৱা পথৰ লেণ্ডমাইনৰ বাবে তেওঁলোক আগবাঢ়িব পৰা নাই।আনহাতে আফগানিস্তানৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি তথা প্ৰতিৰোধ বাহিনীৰ নেতা আমৰুল্লাহ চালেহে পাকিস্তানৰ সন্দৰ্ভত এক বৃহৎ দাবী উত্থাপন কৰিছে। ব্ৰিটিছ বাতৰি কাকত ডেইলী মেইলৰ এটা প্ৰবন্ধত চালেহে কৈছে যে তালিবান পাকিস্তানৰ কুখ্যাত চোৰাংচোৱা সংস্থা ISIৰ দ্বাৰা পৰিচালিত হৈ আছে আৰু তালিবানৰ মুখপাত্ৰই প্ৰতি ঘণ্টাত পাকিস্তানী দূতাবাসৰ পৰা নিৰ্দেশনা লাভ কৰি আছে। চালেহে লগতে লিখিছে যে পাঞ্জশিৰত তালিবানৰ মুখামুখি হোৱাৰ সিদ্ধান্ত লোৱাৰ সময়ত তেওঁ তেওঁৰ নিৰাপত্তাকৰ্মীসকলক কৈছিল যে-যদি মই তালিবানৰ সৈতে যুদ্ধত আঘাতপ্ৰাপ্ত হয় তেন্তে মোক দুবাৰ মূৰত গুলী মাৰিব কাৰণ মই তালিবানৰ ওচৰত আত্মসমৰ্পণ কৰিব নিবিচাৰো।

হাক্কানি নেটৱৰ্কৰ আক্ৰমণত আহত হৈছে নেকি তালিবানৰ সহ প্ৰতিষ্ঠাপক মোল্লা বাৰাদাৰ?

বৰ্তমান সময়ত আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ বাবে সমুখ সমৰত নামি পৰিছে দুটাকৈ দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠন তালিবান আৰু হাক্কানি নেটৱৰ্ক। তালিবানৰ সহ-প্ৰতিষ্ঠাপক মোল্লা বাৰাদাৰ হাক্কানি নেটৱৰ্কৰ সদস্যৰ গুলীত আহত হৈছে বুলি আফগান বাতৰি কাকত পাঞ্জশিৰ অৱজাৰ্ভাৰত ইতিমধ্যেই প্ৰকাশ পাইছে। প্ৰতিবেদনত এইটোও কোৱা হৈছিল যে বাৰাদাৰ বৰ্তমান পাকিস্তানত চিকিৎসাধীন হৈ আছে। অৱশ্যে এই তথ্য এতিয়াও নিশ্চিত হোৱা নাই।

পাঞ্জশিৰত সঁচাকৈয়ে তালিবানৰ হৈ যুঁজ দি আছে নেকি পাকিস্তানী সেনাই?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাঞ্জশিৰত চলি থকা যুদ্ধত পাকিস্তানী সৈন্যই তালিবানক সমৰ্থন কৰি আছে। কোৱা হৈছে যে পাঞ্জশিৰত নিহত এজন পাকিস্তানী সৈনিকৰ আই-কাৰ্ডো উদ্ধাৰ কৰা হৈছে। পাকিস্তানৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি তালিবানক সহায় কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু আফগানিস্তানত তালিবানৰ দখলৰ আঁৰত পাকিস্তানৰ হাত আছে বিশ্বত ইতিমধ্যেই চৰ্চা আৰম্ভ হৈছে।

তালিবানৰ চৰকাৰ ভংগ কৰিব বিচাৰে নেকি পাকিস্তানে?

আফগানিস্তানত তালিবান চৰকাৰৰ ঘোষণাৰ পূৰ্বে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ফৈজ হামিদৰ কাবুল ভ্ৰমণক লৈ কেইবাটাও প্ৰশ্ন উত্থাপিত হৈছে। ইফালে আফগানৰ প্ৰাক্তন সাংসদ মাৰিয়াম চোলাইমাংখিলে কয় যে হাক্কানি নেটৱৰ্কৰ নেতাজনক তালিবান চৰকাৰৰ মুৰব্বী হিচাপে গঢ়ি তুলিবলৈ আৰু মোল্লা আব্দুল গনি বাৰাদাৰক প্ৰধান হোৱাত বাধা দিবলৈ ISIৰ মুৰব্বী কাবুলত উপস্থিত হৈছে। মাৰিয়ামে এইটোও কৈছে যে তালিবান আৰু মোল্লা বাৰাদাৰৰ মাজত কেইবাটাও বিষয়ত মতভেদ আছে আৰু বাৰাদাৰে নিজৰ পক্ষৰ তালিবানী যোদ্ধা সকলক পাঞ্জশিৰত চলি থকা যুদ্ধৰ পৰা আঁতৰাই ৰাখিছে। মৰিয়মৰ বক্তব্যৰ আগতে মোল্লা বাৰাদাৰ তালিবান চৰকাৰৰ মুৰব্বী হ’ব বুলি অনুমান কৰা হৈছিল।

কাবুলত প্ৰতিবাদ সাব্যস্ত কৰি থকা মহিলাসকলক কিয় আক্ৰমণ কৰিলে তালিবানে?

আফগানিস্তানত শনিবাৰে তালিবানৰ বিৰুদ্ধে মহিলা সকলৰ প্ৰতিবাদ হিংসাত্মক হৈ পৰিছিল। কাবুলত তালিবানে কন্দুৱা গেছ নিক্ষেপ কৰি মহিলাৰ অধিকাৰৰ মাত মতা কৰ্মীসকলক বাধা দিবলৈ চেষ্টা কৰিছিল। দুদিন ধৰি প্ৰতিবাদ কৰি থকা মহিলাসকলে কয় যে তেওঁলোকে নতুন চৰকাৰত অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱাৰ উপৰিও গুৰুত্বপূৰ্ণ পদবী পোৱা উচিত। তালিবানে কাবুলত মহিলা সকলৰ প্ৰতিবাদৰ সময়ত আক্ৰমণ কৰি বীৰত্ব প্ৰদৰ্শন কৰিছিল। মহিলা কৰ্মী নাৰ্গিছ চাদ্দাতে অভিযোগ কৰিছিল যে শনিবাৰে মহিলা অধিকাৰ কৰ্মীসকলৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ সময়ত তালিবানে তেওঁক আক্ৰমণ কৰিছিল। তেওঁৰ মুখত আঘাতৰ চিন এতিয়াও স্পষ্ট। নাৰ্গিছে লগতে কয় যে তালিবানে তেওঁৰ মুখত বন্দুকৰ নলীৰে আক্ৰমণ কৰিছিল। তাৰ পিছত তেওঁৰ মুখৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰিছিল। টোলো নিউজৰ মতে তালিবানে পদযাত্ৰাত অংশগ্ৰহণ কৰা মহিলাসকলক ৰাষ্ট্ৰপতি ভৱন অভিমুখে যোৱাত বাধা দিছিল আৰু তেওঁলোকৰ ওপৰত কন্দুৱা গেছৰ নিক্ষেপ কৰিছিল। কেইবাজনো সাংবাদিকে তালিবানে জনতাৰ ওপৰত গুলীচালনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে।

কেতিয়া চৰকাৰ গঠন কৰিব তালিবানে?

তালিবানে অহা সপ্তাহত নতুন চৰকাৰ ঘোষণা কৰিব। তালিবান নেতাসকলে শুক্ৰবাৰে চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছিল। কিন্তু পাঞ্জশিৰত বিদ্ৰোহী গোটৰ সৈতে এক ভয়ংকৰ যুদ্ধৰ পিছত শনিবাৰে চৰকাৰ গঠন কৰা বুলি কোৱা হৈছিল। তালিবানৰ মুখপাত্ৰ জাবেউল্লাহ মুজাহিদে শনিবাৰে কৈছিল যে আমাৰ নেতাসকলে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক এক স্থিৰ আৰু ব্যাপক ব্লুপ্ৰিণ্ট দিয়াৰ প্ৰস্তুতি চলাই আছে। সেয়েহে চৰকাৰ গঠনৰ বিষয়ে অহা সপ্তাহতহে সিদ্ধান্ত লোৱা হ’ব।

তালিবানক প্ৰতিপালন কৰা পাকিস্তানৰ ওপৰত কিয় নজৰ ৰাখিব ভাৰতে?

আফগানিস্তান সম্পৰ্কত ৱাশ্বিংটনত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ভাৰতৰ বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতে আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি আছে। আফগানিস্তানৰ চুবুৰীয়া পাকিস্তানে তালিবানক সমৰ্থন কৰিছে আৰু তালিবানক লালন-পালন কৰি আছে। পাকিস্তানৰ ভূমিকা নিৰীক্ষণ কৰিব লাগিব আৰু পাকিস্তানে তালিবানক সহায় কৰা বহু প্ৰমাণ আছে বুলি দাবী কৰি শ্ৰীংলাই লগতে কয় যে আফগানিস্তানত জৈশ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ অবিৰাম আন্দোলন আৰু ভূমিকা উদ্বেগজনক। ভাৰতে আফগানিস্তানৰ পৰিস্থিতি সতৰ্কতাৰে নিৰীক্ষণ কৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.