মহাকাশত দৃশ্যমান ঈশ্বৰৰ হাতঃ কি ক’লে নাছা(NASA)ই?

Share This Article

মহাকাশ সংস্থা নাছাই শেহতীয়াকৈ এখন ফটো শ্বেয়াৰ কৰিছে যিখন ফটোৱে এতিয়া আচৰিত কৰিছে সকলোকে। মানুহৰ বিশালকায় হাত এখনৰ দৰে এই ফটোখনে যথেষ্ট চৰ্চা লাভ কৰিছিল সামাজিক মাধ্যমত। বহুতে ইয়াক অলৌকিক শক্তি বুলিও অভিহিত কৰিছে। কিন্তু ফটোখনত দেখা যোৱা হাতখন আচলতে কি? প্ৰকৃত ৰহস্য ভেদ কৰিছে নাছাই। আচলতে ফটোখনত শক্তিৰ নেবুলাৰ ফটোখনত মহাকাশত এখন হাতৰ আকৃতিৰ ছবি প্ৰতিফলিত হৈছে। নাছাই ফটোখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল আৰু লিখিছিল যে ছবিখনত এটা সোণৰ দৰে হাতৰ আকৃতিৰ প্ৰতিচ্ছবি নেবুলা (Nebula) দেখা গৈছে। পি এছ আৰ বি ১৫০৯-৫৮ নামেৰে জনাজাত পালচাৰ হৈছে মহাকাশত বিয়পি থকা কণা আৰু ইয়াৰ ব্যাস প্ৰায় ১৯ কিলোমিটাৰ। লগতে পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ১৭০০০ আলোক বৰ্ষ। অৱশ্যে মহাকাশ সংস্থাৰ দ্বাৰা মুকলি কৰা ফটোবোৰ দুই বা তিনি বছৰ আগতে তোলা হৈছিল। অৱশ্যে এতিয়া মহাকাশত দৃশ্যমান আকৃতিটো কম ডাৱৰৰ বাবে লাহে লাহে নাইকিয়া হৈ গৈ আছে। নাছাই ইয়াৰ বিষয়ে বিতং তথ্য সংগ্ৰহ কৰিছে। নেবুলাক ঈশ্বৰৰ হাত বুলিও জনা যায়। মহাকাশত এই আকৃতি প্ৰায় ৩৩ আলোক বৰ্ষৰ এলেকাত বিয়পি আছে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে চুপাৰনোভা বিস্ফোৰণৰ পিছত প্ৰায় ১৭০০ বছৰ আগতে নেবুলাৰ (Nebula) পোহৰ পৃথিৱীত উপস্থিত হৈছিল। নাছাই প্ৰায় ১৫ বছৰ আগতে এটা অধ্যয়ন আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰা নিৰন্তৰে ফটো মুকলি কৰি আহিছে। আগৰ ফটোবোৰৰ পৰা এয়া স্পষ্ট যে নেবুলা (Nebula)ৰ মেঘৰ ঘনত্ব ক্ৰমান্বয়ে হ্ৰাস হৈ আহিছে যাৰ ফলত আকৃতি টো অস্পষ্ট হৈ পৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.