টকিঅ’ অলিম্পিক : হকীত কেনেকৈ ইতিহাস ৰচিলে ভাৰতে ?

Share This Article

ভাৰতীয় হকী দলৰ অনুৰাগীসকলৰ ৪১ বছৰযোৰা অপেক্ষাৰ অন্ত পৰিল ৷ টকিঅ’ অলিম্পিকত জাৰ্মানীক হৰুৱাই ভাৰতে লাভ কৰিলে ব্ৰঞ্জৰ পদক ৷ আজি ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচখনত ভাৰতে জাৰ্মানীক ৫-৪ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ ১৯৮০ চনৰ পাছত হকীত এয়া ভাৰতৰ প্ৰথম পদক ৷ মেচখনত ভাৰতৰ হৈ চিমৰণপ্ৰীতে দুটা , ৰূপিন্দৰ পাল সিঙ , হৰমনপ্ৰীত সিঙ আৰু হাৰ্দিক সিঙে এটাকৈ গ’ল দিয়ে ৷

মেচত ভাৰতৰ আৰম্ভণি মুঠেই ভাল নাছিল ৷ প্ৰথম দুই মিনিটতে গ’ল খোৱাৰ পাছত অনুৰাগীসকল হতাশ হৈ পৰিছিল ৷ কিন্তু দ্বিতীয় কোৱাৰ্টাৰৰ পৰা খেলৰ গতি সলনি হ’বলৈ ধৰে ৷ প্ৰথমে ভাৰতে সমতা স্থাপন কৰে যদিও জাৰ্মানীয়ে উপৰ্যুপৰি দুটা গ’ল দি ব্যৱধান ৩-১ লৈ বৃদ্ধি কৰে ৷ ইয়াৰ পাছত তৃতীয় কোৱাৰ্টাৰত ভাৰতে কেবাটাও পেনাল্টীৰ সঠিক ব্যৱহাৰ কৰি ৫-৩ ৰ অগ্ৰগতি লাভ কৰে ৷

শেষত ৫-৪ ৰ ব্যৱধানত জাৰ্মানীৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ব্ৰঞ্জৰ পদক সুনিশ্চিত কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.