দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত পতাকা উত্তোলন কৰি কি কি বিশেষ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে?

Share This Article

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত পতাকা উত্তোলন কৰি কি কি বিশেষ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে?

 

আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি কেইবাটাও বিশেষ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে –

১) এতিয়াৰে পৰা সমগ্ৰ দেশতে ছাত্ৰী সকলেও সৈনিক স্কুলত পঢ়াৰ সুবিধা লাভ কৰিব।

২) শিক্ষা খণ্ডটোত মাতৃভাষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হব।

৩) নতুন শিক্ষা নীতি হব দেশৰ দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজাৰ অস্ত্ৰ। নতুন শিক্ষা নীতি অনুসৰি অধ্যয়নৰ লগতে ক্ৰীড়াক শৈক্ষিক পাঠ্যক্ৰমৰ দৰেই গুৰুত্ব প্ৰদান কৰা হব।

8) এতিয়ালৈকে চৰকাৰে দেশৰ প্ৰতিটো প্ৰান্তৰ জনসাধাৰণক সা-সুবিধা প্ৰদান কৰাৰ চেষ্টা কৰি আহিছিল, কিন্তু এতিয়াৰে পৰা প্ৰতিজন ব্যক্তিক ১০০% সা-সুবিধা প্ৰদান কৰাটোহে হব চৰকাৰৰ নতুন লক্ষ্য।

৫) ক্ষুদ্ৰ খেতিয়কক বিশেষ গুৰুত্ব প্ৰদান কৰা হব।

৬) দেশৰ বৰ্ধিত জনসংখ্যালৈ লক্ষ্য ৰাখি কৃষিত খণ্ডত উৎপাদন বৃদ্ধিৰ বাবে বিজ্ঞানী-গৱেষকৰ পৰামৰ্শ লোৱাৰ সময় সমাগত।

৭) নাগৰিকৰ জীৱনত চৰকাৰৰ হস্তক্ষেপ হ্ৰাস কৰা হব।

৮) উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বাকী সমগ্ৰ ভূখণ্ডৰ লগত সংযোগ কৰা হব। উত্তৰ-পূৰ্বাঞ্চলত তৈল ক্ষেত্ৰ, ভেষজ(হাৰ্বেল) কৃষি আৰু জৈৱিক কৃষিৰ যথেষ্ট সম্ভাৱনীয়তা আছে।

৯) জম্মু আৰু কাশ্মীৰত অনুস্থিত হব বিধানসভা নিৰ্বাচন।

১০) ৰাষ্ট্ৰীয় হাইড্ৰ’জেন মিছন ঘোষণা ।

১১) ১৪ আগষ্টত ভাৰতে পালন কৰিব বিভাজন বিভীষিকা স্মৃতি দিৱস(Partition Horror Memorial Day)

১২) গতি শক্তি যোজনাৰ অধীনত ভাৰতত চলিব ৭৫ খন বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইন।

১৩) নগদবিহীন(Cashless) আৰু স্বচ্চতাৰ লগত নিজক অভিযোজন কৰাব লাগিব দেশৰ নাগৰিকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.