‘দৈনিক ভাস্কৰ’ৰ কাৰ্যালয়ত আয়কৰৰ তালাচী : সত্যৰ মুখামুখি হ’বলৈ চৰকাৰৰ ভয় কিয় ?

Share This Article

কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত গংগাৰ পাৰৰ শাৰী শাৰী শৱদেহৰ দৃশ্য আপুনি নিশ্চয় দেখিছে ৷ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰে কোভিড মৃতকৰ সংখ্যা ইচ্ছাকৃতভাবে কমকৈ দেখুৱাইছিল ৷ অথচ কোভিড মহামাৰীয়ে ৰাজ্যখনত এক প্ৰকাৰ নৰসংহাৰ চলাইছিল ৷ এই ঘটনাক যিমান পাৰি সিমান লুকুৱাই ৰাখিবলৈ চেষ্টা চলাইছিল উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে ৷ কিন্তু ৰাষ্ট্ৰীয় হিন্দী কাকত  “দৈনিক ভাস্কৰ”য়ে এক দু:সাহসিক অভিযান চলালে ৷ কাকতখনৰ ৩০ গৰাকী সাংবাদিকক প্ৰেৰণ কৰা হ’ল গংগাৰ পাৰত থকা ২৭ খন জিলালৈ ৷ সাংবাদিকসকলে গংগাৰ পাৰে পাৰে চৰজমিন অনুসন্ধান চলাই যি বাতৰি আৰু ফটো প্ৰকাশ কৰিলে , সেয়া দেখি স্তম্ভিত হৈ পৰিল সমগ্ৰ বিশ্ব ৷ কাৰণ , গংগাৰ পাৰত কোনো হিচাপ নৰখাকৈ সমাধিস্থ কৰা হৈছিল প্ৰায় ২ হাজাৰ শৱদেহ ৷ ইয়াৰ বাহিৰেও ভেকচিন প্ৰদানত ব্যৰ্থতা , অক্সিজেনৰ অভাৱ আদিৰ বাতৰি ধাৰাবাহিকভাবে কাকতখনে প্ৰকাশ কৰি গ’ল ৷ যাৰ বাবে উত্তৰ প্ৰদেশত বিজেপিৰ বিৰুদ্ধে আৰম্ভ হ’ল প্ৰতিষ্ঠানবিৰোধী ঢৌ ৷ যোগী আদিত্যনাথ নিজেই সংকটত পৰিল ৷ কিয়নো ক’ভিড নিয়ন্ত্ৰণত যোগীৰ ব্যৰ্থতাৰ কাহিনী ইতিমধ্যে দেশে – বিদেশে বিয়পি পৰিছিল ৷ এই সত্য প্ৰথমতে পোহৰলৈ আনিছিল “দৈনিক ভাস্কৰ ” কাকতে ৷ ইয়াৰ পাছতে আৰম্ভ হ’ল প্ৰতিশোধৰ পৰিকল্পনা ৷ এই পৰিকল্পনাই বাস্তৱ ৰূপ পালে বৃহস্পতিবাৰৰ দিনটোত ৷

বৃহস্পতিবাৰে দেশৰ বিভিন্ন প্ৰান্তত থকা “দৈনিক ভাস্কৰ”ৰ ৩৫ টা কাৰ্যালয়ত চলিল আয়কৰ বিভাগৰ তালাচী ৷ কাকতখনৰ দিল্লী , মধ্যপ্ৰদেশ , ৰাজস্থান , গুজৰাট আৰু মহাৰাষ্ট্ৰত থকা কাৰ্যালয়ত বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ আয়কৰৰ তালাচী চলিল ৷ এই সময়ছোৱাত কাকতখনৰ মালিকৰ লগতে কেবাগৰাকীও কৰ্মচাৰীৰ ঘৰতো আয়কৰ বিভাগে তালাচী চলায় ৷

“দৈনিক ভাস্কৰ”ৰ কাৰ্যালয়ত চলা  আয়কৰৰ তালাচীয়ে দেশবাসীৰ সন্মুখত উন্মুক্ত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশোধপৰায়ণ মনোবৃত্তি ৷ ইয়াৰ আগলৈকে নিৰ্বাচনৰ সময়ত বিৰোধী নেতাৰ ঘৰত চি বি আই , আয়কৰৰ দৰে কেন্দ্ৰীয় সংস্থাৰ তালাচীৰ বাতৰি পোৱা গৈছিল ৷ যাৰ পৰা প্ৰমান হৈ গৈছে যে এই সংস্থাসমূহ আচলতে শাসকীয় দলটোৰ ৰাজনৈতিক অভিপ্সা পূৰণৰ একপ্ৰকাৰ হাথিয়াৰত পৰিণত হৈছে ৷ সকলো সীমা চেৰাই এইবাৰ সংবাদমাধ্যমৰ কণ্ঠৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হ’ল আয়কৰৰ দৰে সংস্থাক ৷ চৰকাৰে গতানুগতিকভাৱে কৈছে যে আয়কৰে নিজৰ দায়িত্ব নিজে পালন কৰি গৈছে ৷ চৰকাৰৰ কোনো সম্পৰ্ক ইয়াৰ লগত নাই ৷ কিন্তু কিয় উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ আগে আগে ‘দৈনিক ভাস্কৰ’ক লক্ষ্য কৰি লোৱা হ’ল তাৰ উত্তৰ জনতাক পৃথককৈ দিয়া প্ৰয়োজন নাই ৷ সুৰাপান কৰিলে যিদৰে মুখ গোন্ধাবই ,তাৰ কোনো পৃথক প্ৰমানৰ দৰকাৰ নাই , সেইদৰে সংবাদ মাধ্যমৰ কাৰ্যালয়ত আয়কৰৰ এই ‘ হঠাৎ তৎপৰতা’ই চৰকাৰৰ সকলো অভিসন্ধি পোহৰৰ দৰে উন্মুক্ত কৰি তুলিছে ৷ ইয়াক লৈ আৰু সন্দেহৰ কোনো অৱকাশ নাই ৷ এয়া সংবাদ মাধ্যমলৈ চৰকাৰৰ প্ৰত্যক্ষ ভাবুকি ৷ “দৈনিক ভাস্কৰ”ৰ লগতে উত্তৰ প্ৰদেশৰ আন এটা টেলিভিছন চেনেল ভাৰত সমাচাৰৰ কাৰ্যালয়তো একেদিনাই আয়কৰৰ তালাচী চলিল ৷ এই চেনেলটোৱেও  যোগী চৰকাৰৰ ব্যৰ্থতাক ধাৰাবাহিকভাবে উন্মোচন কৰি আহিছিল ৷ চৰকাৰৰ ব্যৰ্থতাৰ দিনলিপি লিখি অহা বাবেই দুটা সংবাদ গোষ্ঠীক বাচি বাচি লক্ষ্য কৰি লোৱা হ’ল আৰু চৰকাৰৰ ‘চৰিত গাথা’ লিখি অহা সংবাদ গোষ্ঠীসমূহক অতিৰিক্ত বিজ্ঞাপন দি পুৰষ্কৃত কৰা হ’ল ৷ এই ঘটনাক একেমুখে নিন্দা কৰিছে বিৰোধী দলসমূহে ৷সকলোৱে সুধিছে – সত্যৰ মুখামুখি হ’বলৈ চৰকাৰৰ ইমান ভয় কিয় ?

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.