IAS বিষয়া হ’ল ঐশ্বৰ্য

সৌন্দৰ্য আৰু জ্ঞান এই দুয়োটা গুণ একেলগে খুব কম সংখ্যক নাৰীৰ গাতহে দেখা যায়।এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি কেইবাখনো সৌন্দৰ্য প্ৰতিযোগিতাত সফলতাৰ শীৰ্ষ স্থান লাভ কৰা ঐশ্বৰ্যই এইবাৰ লাভ কৰিলে IAS বিষয়াৰ দৰে লোভনীয় পদ।১৯৯৭ চনৰ ১১মাৰ্চত জন্ম হৈছিল ঐশ্বৰ্যৰ৷ ৰাজস্থানৰ এক শিক্ষিত পৰিয়ালৰ কন্যা আছিল ঐশ্বৰ্য৷সৰুৰে পৰাই পঢ়াশুনাত অত্যন্ত মেধাবী আছিল ঐশ্বৰ্য।ঐশ্বৰ্যৰ পিতৃ অজয় কুমাৰ আছিল তেলেংগানা বেটেলিয়নৰ কামাণ্ডিং অফিচাৰ, তেওঁৰ মাতৃ এগৰাকী গৃহিনী।পিতৃৰ গৃহৰাজ্য ৰাজস্থান যদিও নতুন দিল্লীত পঢ়াশুনা কৰিছিল ঐশ্বৰ্যই।স্কুলীয়া দিনত অত্যন্ত মেধাবী আছিল আৰু কোনোটো পৰীক্ষাত দ্বিতীয় হৈ পোৱা নাছিল তেওঁ।দ্বাদশ শ্ৰেণীৰ পৰীক্ষাতো অত্যন্ত ভাল ফলাফল দেখুৱাইছিল ঐশ্বৰ্যই।দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৯৭.৫ % নম্বৰ লাভ কৰিছিল ঐশ্বৰ্যই।শ্ৰীৰাম কলেজত অধ্যয়ন কৰিছিল ঐশ্বৰ্যই।অৰ্থনীতি বিষয়ত মেজৰ আছিল ঐশ্বৰ্যৰ।পঢ়াশুনাৰ সমানে সমানে তেওঁ আছিল মডেলিঙৰ প্ৰতি অশেষ ধাউতি।২০১৪ চনত প্ৰথম সৌন্দৰ্য প্ৰতিযোগিতাত অৱতীৰ্ণ হৈয়ে বিজয়ীৰ খিতাপ লাভ কৰিছিল ঐশ্বৰ্যই।২০১৫ চনত তেওঁ মিছ দিল্লী খিতাপ অৰ্জন কৰে।২০১৬ বৰ্ষৰ মিছ ইণ্ডিয়াৰ চূড়ান্ত শাখাৰ প্ৰতিযোগী আছিল ঐশ্বৰ্য।সৌন্দৰ্য প্ৰতিযোগিতাত খিতাপ জয় তেওঁৰ লক্ষ্য নাছিল,তেওঁৰ লক্ষ্য আছিল এগৰাকী আইএএছ বিষয়া হোৱা।সেয়ে তেওঁ ইউপিএছছি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰা আৰম্ভ কৰিলে।কলেজৰ শিক্ষা শেষ কৰি তেওঁ IIM ইন্দোৰত নামভৰ্তি কৰাৰ সুযোগ পাইছিল।কিন্তু এই সুযোগ এৰি তেওঁ আৰম্ভ কৰিছিল ইউপিএছছিৰ প্ৰস্তুতি।২০১৮ বৰ্ষত ইউপিএছছিৰ বাবে সম্পূৰ্ণ এটা বছৰ প্ৰস্তুতি চলাইছিল ঐশ্বৰ্যই।প্ৰথমটো চেষ্টাতেই সফল হৈছিল ঐশ্বৰ্য।২০১৯ বৰ্ষৰ ইউপিএছছি পৰীক্ষাত ৯৩ সংখ্যক স্থান লাভ কৰিছিল ঐশ্বৰ্যই৷নিজৰ এই সফলতাৰ বিষয়ে তেওঁ কয়’ পৰীক্ষাটো অত্যন্ত কঠিন৷মই ম’বাইল অফ কৰি ৰাখিছিলোঁ।আনকি সামাজিক মাধ্যমৰ পৰা নিজকে আঁতৰাই সম্পূৰ্ণ অধ্যয়নত মনোনিৱেশ কৰিছিলোঁ।’ইউপিএছছি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ফলাফললৈ কিছুদিন অপেক্ষা কৰিবলগীয়া হৈছিল।সেই সময়চোৱা চিনেমা চাই সময় পাৰ কৰিছিল ঐশ্বৰ্যই।ঐশ্বৰ্যই কয় ‘দেশ সেৱা কৰাটো মোৰ লক্ষ্য৷সেয়ে এই সেৱা মই বাচি ল’লো।’

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296