অসহনীয় ক্ষুধাৰ পৰা মুক্তি কেতিয়া ?

Share This Article
  • বিপুল কলিতা

বিশ্বত  দৰিদ্ৰতা নিৰ্মূলৰ বাবে অনেক  চৰকাৰী সংস্থাৰ লগতে  প্ৰায়  ২৫ টা আন্তৰ্জাতিক  সংস্থাই কাম কৰি আছে ৷সেই সংস্থাসমূহ হৈছে – অক্সফাম ইণ্টাৰনেচনেল, দৰিদ্ৰতা দূৰীকৰণ আৰু উন্নয়ন সংস্থা, গ্লোবেল চিটিজেন,ওৱৰ্ল্ড কেয়াৰ, কেয়াৰ ইণ্টাৰনেচনেল,ৰাইটছ ,ইনোভেটিভ ওৱৰ্ক ফ’ৰ পভাৰ্টি, মুছলিম হেন্ডছ,বি এ আৰ চি ,ইউৰোপীয় এন্টি পভাৰ্টি নেটৱৰ্ক,বৰ্জেন প্ৰকল্প, এডভকেট ফ’ৰ ইন্টাৰনেচনেল ডেভেলপমেন্ট, গ্ৰীণ শ্বটছ ফাউণ্ডেচন, ইণ্টাৰএকচন, ইঞ্জিনিয়াৰছ উইদাউট বৰ্ডাৰ , ৱৰ্ল্ড ভিজন, ৱৰ্ল্ড হোপ ইণ্টাৰনেচনেল, ভিলেজ এণ্টাৰপ্ৰাইজ, ট্ৰিকল আপ ৷ ফিলিপাইনছ, ম্যানমাৰ, ভিয়েটনাম , কিৰগিজস্তান, আমেৰিকা, ৰুছ,আফ্ৰিকান দেশ সমূহত এই সংস্থাসমূহে কাম কৰি আছে ৷

অতি পৰিতাপৰ  বিষয় এইটোৱে যে  সকলো প্ৰচেষ্টাৰ পিছতো বিশ্বত প্ৰতি মিনিটত ১১ জন লোক অনাহাৰ আৰু  ভোকত মৰে। যোৱা বছৰত সমগ্ৰ বিশ্বতে দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ সন্মুখীন হোৱা লোকৰ সংখ্যা ছয়গুণ বৃদ্ধি পাইছে। ৭০০ নিযুতৰো অধিক লোক  বা বিশ্বব্যাপী জনসংখ্যাৰ ১০ শতাংশ  এতিয়াও অত্যাধিক দৰিদ্ৰতাত বাস কৰে ৷ যাৰ অৰ্থ হৈছে তেওঁলোকে দৈনিক ১.৯০ ডলাৰৰ কম মূল্যত জীয়াই আছে। বিশেষজ্ঞসকলে ভৱিষ্যতবাণী কৰিছে যে সংঘাত আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ লগতে কোভিড সংকটৰ ফলস্বৰূপে এই পৰিসংখ্যা বৃদ্ধি হৈ থাকিব। আটাইতকৈ দৰিদ্ৰ আৰু আটাইতকৈ দুৰ্বল লোকসকলৰ জীৱন উন্নত কৰাটো  হৈছে বহনক্ষম উন্নয়নৰ বা চাচটেইনেবল ডেভেলপমেন্ট গ’ল (এছ.ডি.জি.)ৰ এক গুৰুত্বপূৰ্ণ বিষয় আৰু লক্ষ্য ৷এই লক্ষ্যত উপনীত হ’বৰ বাবে দৰিদ্ৰতাৰ মৌলিক সমস্যাটো সমাধান কৰিব লাগিব।

দৰিদ্ৰতা মানে কেৱল উপাৰ্জনহীনতা নহয়, তাতোকৈ অধিক  ভয়াবহ  বিষয় । আগশাৰীৰ সংগঠন ” অক্সফাম ” য়ে অসমতা, বৈষম্যৰ আধাৰত  উন্নয়নশীল দেশসমূহত দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দি আছে। সংগঠনটোৱে মানৱীয় সংকটৰ সময়ত সহায় আগবঢ়ায়। ৰাজনৈতিক পৰ্যায়ত দৰিদ্ৰতাৰ মূল কাৰণ সলনি কৰাৰ বাবে অক্সফামে বিশ্বৰ দৰিদ্ৰ লোকসকলক মানৱ আৰু  নাগৰিক অধিকাৰ,  সুৰক্ষাৰ বিষয়ে শিক্ষিত কৰাৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰি আছে ।

তাৰ মাজতে ইউনিছেফে যোৱা ৮ জুলাইত প্ৰকাশ কৰা ‘দ্য হাংগাৰ ভাইৰাছ মাল্টিপ্লিজ’  শীৰ্ষক এক প্ৰতিবেদনত উল্লেখ কৰিছে  যে দুৰ্ভিক্ষৰ ফলত হোৱা মৃত্যুৰ সংখ্যা কভিদ ১৯তকৈ অধিক হৈছে ৷  প্ৰতি মিনিটত প্ৰায় সাতজন লোকৰ মৃত্যু দুৰ্ভক্ষৰ ফলত হৈ আছে ৷

এই সন্দৰ্ভত অক্সফাম , আমেৰিকাৰ মুখ্য কাৰ্যবাহী বিষয়া এবি মেক্সমেনে কৈছে যে পৰিসংখ্যাবোৰ আশ্চৰ্যজনক ৷  কেইবাখনো দেশক ‘আটাইতকৈ বেয়া ক্ষুধাৰ হট স্পট’ হিচাপে তালিকাভুক্ত কৰা হৈছে, যাৰ ভিতৰত আছে ইথিওপিয়া, আফগানিস্তান, চিৰিয়া, দক্ষিণ চুদান আৰু য়েমেন  ৷ এই আটাইকেইখন দেশেই সংঘৰ্ষজৰ্জৰ ৷

ইয়াৰ উপৰিও , বিশ্বব্যাপী খাদ্যৰ মূল্য বৃদ্ধিও অনাহাৰৰ বাবে দায়ী। অক্সফামৰ এক প্ৰতিবেদন অনুসৰি, মহামাৰী আৰু গোলকীয় উষ্ণতাৰ অৰ্থনৈতিক প্ৰতিক্ৰিয়াৰ ফলত বিশ্বব্যাপী খাদ্যৰ মূল্য ৪0% বৃদ্ধি হৈছে যি এক দশকত সৰ্বাধিক।এই ব্যাপক মূল্যবৃদ্ধিয়ে কোটি কোটি লোকক ভোক আৰু অনাহাৰ গৰাহলৈ ঠেলি দিছে ।

ভোকৰ সমস্যাৰ  অধিক অৱনতিৰ অন্য এক কাৰণ হ’ল  সামৰিক সংঘৰ্ষ | মানৱতাবাদী গোটে কৈছে যে বিশ্বজুৰি ১৫৫ নিযুত লোক এতিয়া খাদ্য নিৰাপত্তাহীনতাৰ সংকটৰ স্তৰত বাস কৰে বা তাতোকৈও  বেয়া  অৱস্থাত আছে ৷ এই পৰিসংখ্যা যোৱা বছৰতকৈ প্ৰায় ২০ নিযুত অধিক। এই লোকসকলৰ প্ৰায় দুই-তৃতীয়াংশই ভোক আৰু অনাহাৰৰ সন্মুখীন হয় ৷ কিয়নো তেওঁলোকৰ দেশখন সামৰিক সংঘৰ্ষত আছে।

আন এক উদ্বেগজনক কথা হ’ল-  কোভিড-১৯ মহামাৰীৰ সময়ত বিশ্বব্যাপী সামৰিক ব্যয় ৫১ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। এয়া  ৰাষ্ট্ৰসংঘৰ ভোক আৰু অনাহাৰ  নিঃশেষ  কৰাৰ বাবে প্ৰয়োজনীয় ধনতকৈ কমেও ৬ গুণ বেছি ।

ভাৰত এখন উন্নয়নশীল ৰাষ্ট্ৰ।  ইয়াৰ অৰ্থনীতিৰ পৰিসৰ বৃদ্ধি হৈ আছে যদিও  দৰিদ্ৰতা এতিয়াও এক ডাঙৰ প্ৰত্যাহ্বান। অৱশ্যে  ভাৰতত  লক্ষণীয়ভাৱে নহ’লেও কিছু পৰিমানে দৰিদ্ৰতা হ্ৰাস পাইছে। ভাৰতত বৰ্তমান প্ৰায় ৯৪ নিযুত লোক অত্যাধিক দৰিদ্ৰতাৰ মাজত বাস কৰে ৷ চলিত বছৰৰ য মে’  মাহ পৰ্যন্ত এই সংখ্যা  মুঠ জনসংখ্যাৰ  ৬ শতাংশ। দৰিদ্ৰতা দূৰীকৰণৰ বাবে ভাৰতৰ এতিয়াও বহুদূৰ  বাট  বাকী আছে ।

দৰিদ্ৰতা কেৱল এটা পৰিয়ালৰ সমস্যা নহয় ৷ মানৱ অধিকাৰ আৰু শ্ৰমিক অধিকাৰ উলংঘনৰ মূল কাৰণো হ’ল দৰিদ্ৰতা । উদাহৰণস্বৰূপে,  শিশু শ্ৰমিক, বলপূৰ্বক শ্ৰমিক আৰু মানৱ সৰবৰাহ,  মানৱ অংগৰ বেহাৰ   প্ৰতিটো ঘটনাই দৰিদ্ৰতাৰ সৈতে গভীৰভাৱে সম্পৰ্কিত।অসমতো শেহতীয়াকৈ পোহৰলৈ অহা কিডনী বিক্ৰীৰ ঘটনাৰ দৰিদ্ৰতাৰ সৈতে আছে এৰাব নোৱাৰা সম্পৰ্ক ৷গতিকে বিশ্বব্যাপী সৃষ্টি হোৱা অসহনীয় দৰিদ্ৰতা দূৰ কৰিবৰ বাবে চৰকাৰী -বেচৰকাৰী এক উমৈহতীয়া প্ৰচেষ্টাৰ খুবেই বেছি  প্ৰয়োজন হৈ পৰিছে ।

প্ৰকাশিত তথ্য , বিশ্লেষণ আৰু মতামত লেখকৰ নিজা৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.