মেট্ৰিকৰ পৰীক্ষাৰ্থীক লৈ আৰু কিমান খেলা চলিব ?

Share This Article

বয়স তেওলোকৰ পোন্ধৰ অথবা ষোল্ল ৷ কুমলীয়া বয়সতে কান্ধ পাতি ল’বলগীয়া হৈছে অভিভাৱকৰ সপোন আৰু এখন সমাজৰ আকাংক্ষাৰ বোজা ৷ নম্বৰ আৰু ফলাফল সৰ্বস্ব শিক্ষা ব্যৱস্থাত তেওলোক সাজু হৈছিল জীৱনৰ প্ৰথমটো বৃহৎ পৰীক্ষাৰ বাবে ৷ কিন্তু কোভিড মহামাৰীয়ে সূচনা কৰিলে অন্য এক অনাকাংক্ষিত পৰিৱেশৰ ৷ তথাপি চৰকাৰে যি সিদ্ধান্ত লৈছে , তাকেই নতশিৰে মানি লৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীসকলে ৷ কিন্তু এইসকল শিক্ষাৰ্থীক যিদৰে বাৰাম্বাৰ আঘাত দিয়া হৈছে , যিদৰে তেওলোকৰ মন আৰু মগজুক অহৰহ শংকাৰ মাজলৈ ঠেলি দি থকা হৈছে , তাৰ পৰা ভাল কিবা এটা আশা কৰাটো অতিশয় কঠিন হৈ পৰিছে ৷ যেন এটা প্ৰজন্মক মানসিকভাবে পংগু কৰি তোলাৰহে অহৰহ কুচকাৱাজ চলিছে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেন্দ্ৰিক বিতৰ্কৰ অৱসানৰ কোনো উম – ঘাম নোহোৱা হৈ পৰিছে ৷ কামৰূপ জিলাত ‘ ধনৰ বিনিময়ত নম্বৰ ‘ কেলেংকাৰি পোহৰলৈ অহাৰ পাছত এইবাৰ আন এক ভয়ংকৰ খবৰ আহিছে নলবাৰী জিলাৰ পৰা ৷ শিক্ষাৰ নৱদ্বীপ হিচাপে পৰিচিত জিলাখনত কিদৰে পৰীক্ষাৰ্থীৰ বিকল্প মূল্যায়ন চলি আছে , সেয়া জনাৰ পাছত কোনো এগৰাকী শিক্ষাৰ্থী বা অভিভাবক মানসিকভাবে সুস্থিৰ হৈ থাকিব নোৱাৰিব ৷ ‘অসমীয়া প্ৰতিদিন ‘ কাকতত প্ৰকাশিত খবৰ অনুসৰি , নলবাৰী জিলাত মেট্ৰিকৰ মূল্যায়ন হৈ আছে এক বজাৰ সদৃশ পৰিৱেশৰ মাজত ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিকল্প মূল্যায়নৰ বাবে প্ৰতিখন জিলাত বিদ্যালয় পৰিদৰ্শকক লৈ গঠন কৰি দিয়া হৈছিল একোখন বিশেষ সমিতি ৷এই সমিতিয়ে বিদ্যালয়সমূহে জমা দিয়া নম্বৰৰ পুনৰীক্ষণৰ কাম কৰে ৷ কিন্তু প্ৰকাশিত বাতৰি অনুসৰি , নলবাৰী জিলাত অকৰ্তৃত্বশীল কিছুমান ব্যক্তিয়ে চলাই গৈছে পৰীক্ষাৰ্থীৰ নম্বৰৰ পুনৰীক্ষণৰ কাম ৷ জিলাখনৰ ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক সীমান্ত ডেকাই নিজৰ পছন্দৰ কিছুসংখ্যক ব্যক্তিক নীতি বহিৰ্ভূতভাবে নম্বৰৰ তালিকা পুনৰীক্ষণ কৰিবলৈ দিছে ৷ এই ব্যক্তিসকলৰ কোনোবাজন যদি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক , কোনোবাজন আকৌ এম ই স্কুলৰ শিক্ষক ৷ মেট্ৰিকৰ মূল্যায়নৰ লগত জড়িত হোৱাৰ কোনো কৰ্তৃত্বই নাই তেওলোকৰ ৷ কিন্তু তাৰ পাছতো নলবাৰী জিলাত এক বজাৰ সদৃশ পৰিৱেশৰ মাজত ছাত্ৰ – ছাত্ৰীসকলৰ ভৱিষ্যত নিৰূপনৰ কাম চলি আছে ৷ শিক্ষাৰ্থীৰ অধিকাৰ আৰু পৰীক্ষাৰ গোপনীয়তা -এই সকলোবোৰ ধোৱাচাঙত তুলি ছেবাৰ অধ্যক্ষৰ গৃহজিলাত এনেদৰে চলিছে মেট্ৰিকৰ মূল্যায়ন ৷

আন এক ভয়ানক খবৰ আহিছে বৰাক উপত্যকাৰ পৰা ৷ খবৰ অনুসৰি , বৰাক উপত্যকাৰ বহু শিক্ষাৰ্থীৰ হাতে হাতে এতিয়া বিকল্প মূল্যায়নৰ মাৰ্কশ্বীট ৰাজহুৱা হৈ পৰিছে ৷ বিশেষকৈ শিলচৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্বামী বিবেকানন্দ হায়াৰ ছেকোণ্ডাৰী স্কুলৰ কেবাগৰাকীও ছাত্ৰ – ছাত্ৰীৰ হাতত এনে মাৰ্কশ্বীট দেখিবলৈ পোৱা গৈছে ৷ দাবী কৰা হৈছে যে এই মাৰ্কশ্বীটসমূহ ছেবাৰ ৱেবছাইটৰ পৰাই ডাউনল’ডকৰা হৈছে ৷ অৱশ্যে ছেবাই এই দাবী নাকচ কৰি আগতীয়াকৈ ফাদিল হোৱা মাৰ্কশ্বীটক ভুৱা আখ্যা দিছে ৷ কিন্তু কোন চক্ৰই মাৰ্কশ্বীটৰ এই মুকলিমূৰীয়া ব্যৱসায় চলাই গৈছে , সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ তাৰ পাছতো এনে মাৰ্কশ্বীটৰ ভিত্তিতেই উচ্চতৰ মাধ্যমিকৰ আসন সংৰক্ষণৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে হেচা দিয়াৰ বাতৰি ওলাইছে ৷ স্বাভাবিকতে নলবাৰী আৰু কাছাৰ জিলাৰ পৰা অহা এনে বাতৰিয়ে সমগ্ৰ অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ দু:শ্চিন্তা দুগুণে বৃদ্ধি কৰিব ৷

প্ৰথমতে পৰীক্ষা অনুষ্ঠিত হোৱা – নোহোৱাক লৈ অনিশ্চয়তা , তাৰ পাছত মাৰ্কশ্বীটৰ গ্ৰহণযোগ্যতাক লৈ বিতৰ্ক , পৰৱৰ্তী সময়ত ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰি আৰু এতিয়া ফলাফলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বজাৰ – পোন্ধৰ , ষোল্ল বছৰ বয়সৰ এইসকল ছাত্ৰ – ছাত্ৰী আৰু কিমান আঘাতৰ মুখামুখি হ’ব লাগিব ,তাৰ উত্তৰ আছেনে ছেবা অথবা শিক্ষা বিভাগৰ হাতত ৷ শিক্ষামন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত টেলিভিছনৰ সাক্ষাৎকাৰত বহু কথাই কৈছিল নতুন শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ বহু মানুহে তেওৰ কথাত ভৰষাও কৰিছিল ৷ কিন্তু দিন যোৱাৰ লগে লগে সকলো আশ্বাস , সকলো বিশ্বাস যেন ফুটুকাৰ ফেনত পৰিণত হ’ল ৷ কেৱল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ প্ৰস্তুত কৰিবলৈ যাওতে বিভাগটোৱে যিদৰে বাৰে বাৰে ব্যৰ্থতাৰ পৰিচয় দি গৈছে , তাৰ পৰাই বিয়াগোম বিভাগটোৰ অন্ত:সাৰশূণ্যতা প্ৰকট হৈ পৰিছে ৷ সেয়ে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ বাবে আজিৰ দিনটোৰ আটাইতকৈ পোনপটীয়া প্ৰশ্নটো হ’ল – শিক্ষা বিভাগে আৰু কিমান দিনলৈ হেতালি খেলি যাব ৰাজ্যিক ব’ৰ্ডৰ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ লগত ? শিক্ষা বিভাগৰ ব্যৰ্থতাৰ মাচুল  শিক্ষাৰ্থীয়ে কিমান দিনলৈ ভৰিব লাগিব ? এই প্ৰশ্নৰ উত্তৰ আছেনে শিক্ষামন্ত্ৰী অথবা মুখ্যমন্ত্ৰীৰ হাতত ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.