সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মেট্ৰিকৰ পৰীক্ষাৰ্থীক লৈ আৰু কিমান খেলা চলিব ?

নলবাৰী আৰু কাছাৰৰ বিসংগতি কিহৰ ইংগিত ?

বয়স তেওলোকৰ পোন্ধৰ অথবা ষোল্ল ৷ কুমলীয়া বয়সতে কান্ধ পাতি ল’বলগীয়া হৈছে অভিভাৱকৰ সপোন আৰু এখন সমাজৰ আকাংক্ষাৰ বোজা ৷ নম্বৰ আৰু ফলাফল সৰ্বস্ব শিক্ষা ব্যৱস্থাত তেওলোক সাজু হৈছিল জীৱনৰ প্ৰথমটো বৃহৎ পৰীক্ষাৰ বাবে ৷ কিন্তু কোভিড মহামাৰীয়ে সূচনা কৰিলে অন্য এক অনাকাংক্ষিত পৰিৱেশৰ ৷ তথাপি চৰকাৰে যি সিদ্ধান্ত লৈছে , তাকেই নতশিৰে মানি লৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীসকলে ৷ কিন্তু এইসকল শিক্ষাৰ্থীক যিদৰে বাৰাম্বাৰ আঘাত দিয়া হৈছে , যিদৰে তেওলোকৰ মন আৰু মগজুক অহৰহ শংকাৰ মাজলৈ ঠেলি দি থকা হৈছে , তাৰ পৰা ভাল কিবা এটা আশা কৰাটো অতিশয় কঠিন হৈ পৰিছে ৷ যেন এটা প্ৰজন্মক মানসিকভাবে পংগু কৰি তোলাৰহে অহৰহ কুচকাৱাজ চলিছে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেন্দ্ৰিক বিতৰ্কৰ অৱসানৰ কোনো উম – ঘাম নোহোৱা হৈ পৰিছে ৷ কামৰূপ জিলাত ‘ ধনৰ বিনিময়ত নম্বৰ ‘ কেলেংকাৰি পোহৰলৈ অহাৰ পাছত এইবাৰ আন এক ভয়ংকৰ খবৰ আহিছে নলবাৰী জিলাৰ পৰা ৷ শিক্ষাৰ নৱদ্বীপ হিচাপে পৰিচিত জিলাখনত কিদৰে পৰীক্ষাৰ্থীৰ বিকল্প মূল্যায়ন চলি আছে , সেয়া জনাৰ পাছত কোনো এগৰাকী শিক্ষাৰ্থী বা অভিভাবক মানসিকভাবে সুস্থিৰ হৈ থাকিব নোৱাৰিব ৷ ‘অসমীয়া প্ৰতিদিন ‘ কাকতত প্ৰকাশিত খবৰ অনুসৰি , নলবাৰী জিলাত মেট্ৰিকৰ মূল্যায়ন হৈ আছে এক বজাৰ সদৃশ পৰিৱেশৰ মাজত ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিকল্প মূল্যায়নৰ বাবে প্ৰতিখন জিলাত বিদ্যালয় পৰিদৰ্শকক লৈ গঠন কৰি দিয়া হৈছিল একোখন বিশেষ সমিতি ৷এই সমিতিয়ে বিদ্যালয়সমূহে জমা দিয়া নম্বৰৰ পুনৰীক্ষণৰ কাম কৰে ৷ কিন্তু প্ৰকাশিত বাতৰি অনুসৰি , নলবাৰী জিলাত অকৰ্তৃত্বশীল কিছুমান ব্যক্তিয়ে চলাই গৈছে পৰীক্ষাৰ্থীৰ নম্বৰৰ পুনৰীক্ষণৰ কাম ৷ জিলাখনৰ ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক সীমান্ত ডেকাই নিজৰ পছন্দৰ কিছুসংখ্যক ব্যক্তিক নীতি বহিৰ্ভূতভাবে নম্বৰৰ তালিকা পুনৰীক্ষণ কৰিবলৈ দিছে ৷ এই ব্যক্তিসকলৰ কোনোবাজন যদি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক , কোনোবাজন আকৌ এম ই স্কুলৰ শিক্ষক ৷ মেট্ৰিকৰ মূল্যায়নৰ লগত জড়িত হোৱাৰ কোনো কৰ্তৃত্বই নাই তেওলোকৰ ৷ কিন্তু তাৰ পাছতো নলবাৰী জিলাত এক বজাৰ সদৃশ পৰিৱেশৰ মাজত ছাত্ৰ – ছাত্ৰীসকলৰ ভৱিষ্যত নিৰূপনৰ কাম চলি আছে ৷ শিক্ষাৰ্থীৰ অধিকাৰ আৰু পৰীক্ষাৰ গোপনীয়তা -এই সকলোবোৰ ধোৱাচাঙত তুলি ছেবাৰ অধ্যক্ষৰ গৃহজিলাত এনেদৰে চলিছে মেট্ৰিকৰ মূল্যায়ন ৷

- Donation -

আন এক ভয়ানক খবৰ আহিছে বৰাক উপত্যকাৰ পৰা ৷ খবৰ অনুসৰি , বৰাক উপত্যকাৰ বহু শিক্ষাৰ্থীৰ হাতে হাতে এতিয়া বিকল্প মূল্যায়নৰ মাৰ্কশ্বীট ৰাজহুৱা হৈ পৰিছে ৷ বিশেষকৈ শিলচৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্বামী বিবেকানন্দ হায়াৰ ছেকোণ্ডাৰী স্কুলৰ কেবাগৰাকীও ছাত্ৰ – ছাত্ৰীৰ হাতত এনে মাৰ্কশ্বীট দেখিবলৈ পোৱা গৈছে ৷ দাবী কৰা হৈছে যে এই মাৰ্কশ্বীটসমূহ ছেবাৰ ৱেবছাইটৰ পৰাই ডাউনল’ডকৰা হৈছে ৷ অৱশ্যে ছেবাই এই দাবী নাকচ কৰি আগতীয়াকৈ ফাদিল হোৱা মাৰ্কশ্বীটক ভুৱা আখ্যা দিছে ৷ কিন্তু কোন চক্ৰই মাৰ্কশ্বীটৰ এই মুকলিমূৰীয়া ব্যৱসায় চলাই গৈছে , সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ তাৰ পাছতো এনে মাৰ্কশ্বীটৰ ভিত্তিতেই উচ্চতৰ মাধ্যমিকৰ আসন সংৰক্ষণৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে হেচা দিয়াৰ বাতৰি ওলাইছে ৷ স্বাভাবিকতে নলবাৰী আৰু কাছাৰ জিলাৰ পৰা অহা এনে বাতৰিয়ে সমগ্ৰ অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ দু:শ্চিন্তা দুগুণে বৃদ্ধি কৰিব ৷

প্ৰথমতে পৰীক্ষা অনুষ্ঠিত হোৱা – নোহোৱাক লৈ অনিশ্চয়তা , তাৰ পাছত মাৰ্কশ্বীটৰ গ্ৰহণযোগ্যতাক লৈ বিতৰ্ক , পৰৱৰ্তী সময়ত ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰি আৰু এতিয়া ফলাফলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বজাৰ – পোন্ধৰ , ষোল্ল বছৰ বয়সৰ এইসকল ছাত্ৰ – ছাত্ৰী আৰু কিমান আঘাতৰ মুখামুখি হ’ব লাগিব ,তাৰ উত্তৰ আছেনে ছেবা অথবা শিক্ষা বিভাগৰ হাতত ৷ শিক্ষামন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত টেলিভিছনৰ সাক্ষাৎকাৰত বহু কথাই কৈছিল নতুন শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ বহু মানুহে তেওৰ কথাত ভৰষাও কৰিছিল ৷ কিন্তু দিন যোৱাৰ লগে লগে সকলো আশ্বাস , সকলো বিশ্বাস যেন ফুটুকাৰ ফেনত পৰিণত হ’ল ৷ কেৱল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ প্ৰস্তুত কৰিবলৈ যাওতে বিভাগটোৱে যিদৰে বাৰে বাৰে ব্যৰ্থতাৰ পৰিচয় দি গৈছে , তাৰ পৰাই বিয়াগোম বিভাগটোৰ অন্ত:সাৰশূণ্যতা প্ৰকট হৈ পৰিছে ৷ সেয়ে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ বাবে আজিৰ দিনটোৰ আটাইতকৈ পোনপটীয়া প্ৰশ্নটো হ’ল – শিক্ষা বিভাগে আৰু কিমান দিনলৈ হেতালি খেলি যাব ৰাজ্যিক ব’ৰ্ডৰ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ লগত ? শিক্ষা বিভাগৰ ব্যৰ্থতাৰ মাচুল  শিক্ষাৰ্থীয়ে কিমান দিনলৈ ভৰিব লাগিব ? এই প্ৰশ্নৰ উত্তৰ আছেনে শিক্ষামন্ত্ৰী অথবা মুখ্যমন্ত্ৰীৰ হাতত ?

Leave A Reply

Your email address will not be published.