হৰ্ছ ট্ৰেডিঙ আচলতে কি ?

Share This Article

উনৈশ শতিকাৰ আৰম্ভণিত কেমব্ৰিজ অভিধানত অন্তৰ্ভুক্ত হৈছিল এটা শব্দ ৷ হৰ্ছ ট্ৰেডিঙ ৷ ঘোৰাৰ বেচা কিনা সংক্ৰান্ততে এই শব্দটো ব্যৱহাৰ কৰা হৈছিল ৷ কিন্তু লাহে লাহে হৰ্ছ ট্ৰেডিঙ হৈ পৰিল এটা ৰাজনৈতিক শব্দ ৷ উনৈশ শতিকাৰ আৰম্ভণিৰ দিনবোৰত ভাল প্ৰজাতিৰ ঘোৰা ক্ৰয় কৰিবলৈ ব্যৱসায়ীসকলে যি কৌশল লৈছিল , তাকেই কোৱা হৈছিল হৰ্ছ ট্রেডিঙ বুলি ৷ কোৱা হয় যে ঘোৰা ব্যৱসায়ীসকলে নিজৰ ঘোৰাসমূহ কৰবাত লুকুৱাই ৰাখিছিল , কৰবাত বান্ধি ৰাখিছিল নাইবা আন কোনো অস্তাবললৈ লৈ গৈছিল ৷ তাৰ পাছত নিজৰ চালাকি , ধনৰ লেন দেনেৰে ঘোৰাৰ দৰ দাম কৰিছিল ৷ ঘোৰা ব্যৱসায়ক লৈ ভাৰতৰো কেতবোৰ আকৰ্ষণীয় কাহিনী আছে ৷ ভাৰতৰ ব্যৱসায়ীসকলে নিজৰ বিশ্বস্ত কৰ্মচাৰীক আৰবলৈ ঘোৰা কিনিবলৈ প্ৰেৰণ কৰিছিল ৷ ঘোৰা কিনি উভতি অহা সময়ত পথতে কিছুমান ঘোৰাৰ মৃত্যু হৈছিল ৷ নিজৰ মালিকক আশ্বস্ত কৰিবলৈ কৰ্মচাৰীকেইজনে মৃত ঘোৰাকেইটাৰ নেজ লগত লৈ আহিছিল ৷ এই নেজ দেখুৱাই তেওলোকে কিমান ঘোৰা প্ৰকৃততে ক্ৰয় কৰিছিল সেই হিচাপ মালিকৰ আগত দাঙি ধৰিছিল ৷ যদি ১০০ টা ঘোৰা ক্ৰয় কৰিছিল , তেনেহ’লে ৯০ টা ঘোৰাহে মালিকৰ ওচৰত হাজিৰ কৰাইছিল ৷ বাকী ১০ টা মৃত ঘোৰাৰ নেজ মালিকক দেখুৱাই কৈছিল যে এই ঘোৰাকেইটা বাটতে মৰিল ৷ মালিকেও সেই কথাত বিশ্বাস কৰি লৈছিল ৷ কিন্তু পাছলৈ আৰবলৈ ঘোৰা কিনিবলৈ যোৱা কৰ্মচাৰীসকলে মালিকক ফাঁকি দি মুনাফা আদায় কৰিবলৈ আৰম্ভ কৰে ৷ তেওলোকে ১০০ টা ঘোৰা কিনাৰ পইচা লৈ যায় যদিও ৯০ টাহে প্ৰকৃততে ক্ৰয় কৰে ৷ বাকীকেইটা ঘোৰাৰ নেজ দেখুৱাই মালিকক ফাঁকি দিয়ে ৷ এইদৰে ১০ টা ঘোৰাৰ দাম তেওলোকে হৰলুকি কৰে ৷ হৰ্ছ ট্ৰেডিঙৰ লগত জড়িত অনেক কাহিনীৰ মাজত এয়াও এটা কাহিনী ৷ কিন্তু শেহতীয়াকৈ আমাৰ দেশৰ বিধায়ক , সাংসদবোৰ হৈ পৰিছে তেনে একো একোটা ঘোৰা ৷ যাক লুকুৱাব পাৰি , যাৰ নেজ দেখুৱাই মালিকক বুৰ্বক বনাব পাৰি ৷ ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমো হৈ পৰিছে এক সাম্ভাব্য হৰ্ছ ট্ৰেডিঙৰ অভিকেন্দ্ৰ ৷ পলিটিক্স অৱ দ্য ডেত চাওক অসমৰ হৰ্ছ ট্ৰেডিঙৰ ঘটনাৰ সবিশেষ খবৰ –

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.