হৰ্ছ ট্ৰেডিঙ আচলতে কি ?

Share This Article

উনৈশ  শতিকাৰ আৰম্ভণিত কেমব্ৰিজ অভিধানত অন্তৰ্ভুক্ত হৈছিল এটা শব্দ ৷ হৰ্ছ ট্ৰেডিঙ ৷ ঘোৰাৰ বেচা কিনা সংক্ৰান্ততে এই শব্দটো ব্যৱহাৰ কৰা হৈছিল ৷ কিন্তু লাহে লাহে হৰ্ছ ট্ৰেডিঙ হৈ পৰিল এটা ৰাজনৈতিক শব্দ ৷ উনৈশ শতিকাৰ আৰম্ভণিৰ দিনবোৰত ভাল প্ৰজাতিৰ ঘোৰা ক্ৰয় কৰিবলৈ ব্যৱসায়ীসকলে যি কৌশল লৈছিল , তাকেই কোৱা হৈছিল হৰ্ছ ট্রেডিঙ বুলি ৷ কোৱা হয় যে ঘোৰা ব্যৱসায়ীসকলে নিজৰ ঘোৰাসমূহ কৰবাত লুকুৱাই ৰাখিছিল , কৰবাত বান্ধি ৰাখিছিল নাইবা আন কোনো অস্তাবললৈ লৈ গৈছিল ৷ তাৰ পাছত নিজৰ চালাকি , ধনৰ লেন দেনেৰে  ঘোৰাৰ দৰ দাম কৰিছিল ৷ ঘোৰা ব্যৱসায়ক লৈ ভাৰতৰো কেতবোৰ আকৰ্ষণীয় কাহিনী আছে ৷  ভাৰতৰ ব্যৱসায়ীসকলে নিজৰ বিশ্বস্ত কৰ্মচাৰীক আৰবলৈ ঘোৰা কিনিবলৈ প্ৰেৰণ কৰিছিল ৷ ঘোৰা কিনি উভতি অহা সময়ত পথতে কিছুমান ঘোৰাৰ মৃত্যু হৈছিল ৷ নিজৰ মালিকক আশ্বস্ত কৰিবলৈ কৰ্মচাৰীকেইজনে  মৃত ঘোৰাকেইটাৰ নেজ  লগত লৈ আহিছিল ৷ এই নেজ দেখুৱাই তেওলোকে কিমান ঘোৰা প্ৰকৃততে ক্ৰয় কৰিছিল সেই হিচাপ মালিকৰ আগত দাঙি ধৰিছিল ৷ যদি ১০০ টা ঘোৰা ক্ৰয় কৰিছিল , তেনেহ’লে ৯০ টা ঘোৰাহে মালিকৰ ওচৰত হাজিৰ কৰাইছিল ৷ বাকী ১০ টা মৃত ঘোৰাৰ নেজ মালিকক দেখুৱাই কৈছিল যে এই ঘোৰাকেইটা বাটতে মৰিল  ৷ মালিকেও সেই কথাত বিশ্বাস কৰি লৈছিল ৷ কিন্তু পাছলৈ আৰবলৈ ঘোৰা কিনিবলৈ যোৱা কৰ্মচাৰীসকলে মালিকক ফাঁকি দি মুনাফা আদায় কৰিবলৈ আৰম্ভ কৰে ৷ তেওলোকে ১০০ টা ঘোৰা কিনাৰ পইচা লৈ যায় যদিও ৯০ টাহে প্ৰকৃততে ক্ৰয় কৰে ৷ বাকীকেইটা ঘোৰাৰ নেজ দেখুৱাই মালিকক ফাঁকি দিয়ে ৷ এইদৰে ১০ টা ঘোৰাৰ দাম তেওলোকে হৰলুকি কৰে ৷ হৰ্ছ ট্ৰেডিঙৰ লগত জড়িত অনেক কাহিনীৰ মাজত এয়াও এটা কাহিনী ৷ কিন্তু শেহতীয়াকৈ আমাৰ দেশৰ বিধায়ক , সাংসদবোৰ হৈ পৰিছে তেনে একো একোটা ঘোৰা ৷ যাক লুকুৱাব পাৰি , যাৰ নেজ দেখুৱাই মালিকক বুৰ্বক বনাব পাৰি ৷ ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমো হৈ পৰিছে এক সাম্ভাব্য হৰ্ছ ট্ৰেডিঙৰ অভিকেন্দ্ৰ ৷

 

এটা দিন আছিল , যেতিয়া অসমত কংগ্ৰেছৰ ক্ষমতাশালী চৰকাৰ আছিল ৷ কংগ্ৰেছ দলৰ মন্ত্ৰীবোৰ ক্ষমতাশালী আছিল ৷ তেওলোকে কৰিব নোৱাৰা একো কাম নাছিল ৷ ২০১০ চনৰ ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰে দুজন ক্ষমতাশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে এক অভাবনীয় ঘটনা সংঘটিত কৰিলে ৷ সেইবাৰ ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী আছিল জয়ন্ত বৰুৱা ৷ এই আসনখনত বিজয়ৰ বাবে কংগ্ৰেছৰ ওচৰত প্ৰয়োজনীয় বিধায়ক নাছিল ৷ কিন্তু সকলোকে আচৰিত কৰি তেতিয়াৰ বিজেপিৰ বিধায়ক ৰুমী নাথ , কাৰ্তিক সিনহা , অভিজিত হাজৰিকা আৰু শম্ভুসিঙ মাল্লাক গাড়ীত বহুৱাই বিধানসভা চৌহদত উপস্থিত হ’ল হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন ৷ গাড়ীৰ চালকৰ আসনত খোদ হিমন্ত বিশ্ব শৰ্মা ৷  সেয়াই আছিল অসমত বিধায়ক বেচা কিনাৰ প্ৰথম প্ৰকাশ্য দৃশ্য ৷ তাৰেই পুণৰাবৃত্তি ঘটিল ২০১২ চনত ৷ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হাইদৰ হুছেইনৰ বিজয়ৰ বাবে প্ৰয়োজনীয় ভোট বিৰোধী শিবিৰৰ আছিল ৷ কিন্তু কেবাজনো বিৰোধী বিধায়কৰ ভোট নাকচ হোৱাত পৰাজিত হ’ল হাইদৰ হুছেইন ৷ কাৰ ভোট নাকচ হৈছিল সেয়া সকলোৱে জনা কথা ৷ তেতিয়া বিৰোধী শিবিৰত থকা আৰু এতিয়া শাসকীয় দলৰ এগৰাকী মন্ত্ৰী আৰু এগৰাকী বিধায়কৰ ভোট নাকচ হৈছিল সেইবাৰ ৷ নাকচ কোনে কৰাইছিল , সেয়াও সকলোৱে জনা কথা ৷ ২০১০ আৰু ২০১২ চনত যিয়ে কংগ্ৰেছৰ হৈ  বিজেপি   বিধায়ক ক্ৰয়ৰ নেতৃত্ব দিছিল , তেৱেই আজি বিজেপি প্ৰাৰ্থীৰ হৈ কংগ্ৰেছৰ ভোট ভিক্ষা কৰি আছে ৷ ভোটৰ ভিক্ষাৰ প্ৰতিদান কি হ’ব পাৰে , তাৰো উল্লেখ নিষ্প্ৰয়োজন ৷ কিন্তু ২০১০ আৰু ২০১২ চনত আৰম্ভ হোৱা অশুভ পৰম্পৰাই আজি অমানিশাৰ দৰে গ্ৰাস কৰিছে অসমৰ ৰাজনীতি ৷ যিটো দলৰ পৰা একোজন বিধায়ক নিৰ্বাচিত হয় , তেৱেই কিছুদিন পাছত দলত্যাগ কৰি আকৌ উপ নিৰ্বাচনত অৱতীৰ্ণ হয় ৷ সেয়াই নহয় , বিৰোধী শিবিৰত থাকিও সদনত শাসক দলক সহযোগ কৰিম বুলি ঘোষণা কৰিলে ৰহাৰ বিধায়ক শশীকান্ত দাসে ৷ শশীকান্ত দাসৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়েও মুকলিকৈ ঘোষণা কৰিলে যে শশীকান্ত দাসে বিজেপি প্ৰাৰ্থীক ভোট দিব ৷ প্ৰত্যুত্তৰত তাহানি বিৰোধী বিধায়ক ক্ৰয় কৰিবলৈ যোৱা ৰকিবুল হুছেইনে ক’বলগীয়া হ’ল যে  ৰহাৰজন ঘোৰা আছিল ৷  সঁচা অৰ্থত এয়াই হৈছে সংসদীয় ৰাজনীতি আৰু গণতন্ত্ৰত প্ৰকৃত স্বৰূপ ৷ বিধায়ক যেতিয়া ঘোৰা হৈ পৰে আৰু ঘোৰাৰ ৰূপত যেতিয়া দৰ দাম চলে , তেতিয়া এনেকৈয়ে জনতাৰ ভোটবোৰ মূল্যহীন হৈ পৰে ৷ কিন্তু তাক লৈ আফচোচ কৰি লাভ নাই ৷ বিধায়ক বেচা কিনা এতিয়া অসমৰ ৰাজনীতিত সাধাৰণ কথা হৈ পৰিছে ৷ একেসকল মানুহেই বিগত এটা দশক ধৰি এই অশুভ পৰম্পৰাৰ নেতৃত্ব দি আহিছে ৷ হয়তো তেওলোকৰ শিবিৰ বা মালিক সলনি হৈছে ৷ কিন্তু ঘোৰা বেচা কিনাৰ দায়িত্ব আজিও নিয়াৰিকৈ পালন কৰি আছে ৷ গণতন্ত্ৰৰ নিধন যজ্ঞ চকুৰ সন্মুখত চলি থাকিলেও জনগণৰ হাতত কৰিবলগীয়া একো নাথাকে ৷ কৰিব পাৰে কেৱল আইন আৰু আদালতে ৷ ভাৰতত প্ৰযোজ্য হৈ থকা দলত্যাগবিৰোধী আইনত অতি স্পষ্টভাৱে উল্লেখ আছে যে কেবাটাও কাৰণত এগৰাকী জনপ্ৰতিনিধি অযোগ্য বিবেচিত হ’ব পাৰে ৷ যদি কোনো বিধায়কে নিজে দলৰ সদস্য পদ ত্যাগ কৰে , যদি দলৰ হুইপ নামানি তাৰ বিৰুদ্ধে ভোটদান কৰে , তেনেহ’লে  বিধায়ক গৰাকীৰ সদস্যপদ খাৰিজ হোৱাটো নিশ্চিত ৷ কিন্তু এনে স্পষ্ট আইন থকাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ বিধায়কক বিজেপি প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনোৱা ঘটনা দেশৰ আইন ব্যৱস্থাৰ প্ৰতি চূড়ান্ত অপমান নহয়নে ? বিধায়ক কিনিব পাৰিব , কিন্তু আইনক লৈও হেতালি খেলা আৰম্ভ হয় , তেনেহ’লে এয়া কেৱল নিৰ্বাচন ব্যৱস্থাৰ প্ৰতিয়ে নহয় , সামগ্ৰিকভাৱে গণতন্ত্ৰ, ন্যায় আৰু ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতিয়ে ভাবুকি হৈ উঠিব ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.