সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হিমন্ত বিশ্ব শর্মাই ৰাখিব নোৱাৰিলে ১৪ শ চাফাই কর্মীৰেই চাকৰি-

২৩ লাখ কিয়,১৪ শ লোকৰে চাকৰি ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে? ৪০ হাজাৰ টেট শিক্ষক নিয়মীয়াকৰণ কিয়, ১৪ শ কর্মীক দিয়া মুখৰ বচনেই ৰাখিব নোৱাৰিলে হিমন্ত বিশ্ব শর্মাই৷
নিবনুৱাই খেদিছে মুখ্যমন্ত্ৰীক৷এক বছৰত এক লাখক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দি বিপদত পৰিছে যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা৷এবছৰ হবলৈ এমাহ বাকী৷ প্ৰকাশ কৰা হৈছে মাত্ৰ ২৬ হাজাৰ চাকৰিৰ বিজ্ঞাপন৷বিৰোধীৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজেও প্ৰশ্ন কৰিছে,এক লাখৰ চাকৰি কেতিয়া হব?একেখিনি সময়তে টেট শিক্ষকৰ নিয়মীয়াকৰণৰ দাবীত হোৱা ধাৰাবাহিক আন্দোলনৰো সন্মুখীন হব লগা হৈছে হিমন্ত বিশ্ব শর্মাৰ চৰকাৰ৷আজি এক লাখ চাকৰিৰ প্ৰতিশ্ৰুতি অথবা টেট শিক্ষকক বঞ্চনাৰ প্ৰসংগ নহয়,আজি দেখুৱাব লৈছো ১৪ শ নিবনুৱাক হিমন্ত বিশ্ব শর্মাই কৰা প্ৰৱঞ্চনাৰ কথা৷

- Donation -

Leave A Reply

Your email address will not be published.