হিমন্ত বিশ্ব শর্মাই ৰাখিব নোৱাৰিলে ১৪ শ চাফাই কর্মীৰেই চাকৰি-

Share This Article

২৩ লাখ কিয়,১৪ শ লোকৰে চাকৰি ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে? ৪০ হাজাৰ টেট শিক্ষক নিয়মীয়াকৰণ কিয়, ১৪ শ কর্মীক দিয়া মুখৰ বচনেই ৰাখিব নোৱাৰিলে হিমন্ত বিশ্ব শর্মাই৷
নিবনুৱাই খেদিছে মুখ্যমন্ত্ৰীক৷এক বছৰত এক লাখক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দি বিপদত পৰিছে যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা৷এবছৰ হবলৈ এমাহ বাকী৷ প্ৰকাশ কৰা হৈছে মাত্ৰ ২৬ হাজাৰ চাকৰিৰ বিজ্ঞাপন৷বিৰোধীৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজেও প্ৰশ্ন কৰিছে,এক লাখৰ চাকৰি কেতিয়া হব?একেখিনি সময়তে টেট শিক্ষকৰ নিয়মীয়াকৰণৰ দাবীত হোৱা ধাৰাবাহিক আন্দোলনৰো সন্মুখীন হব লগা হৈছে হিমন্ত বিশ্ব শর্মাৰ চৰকাৰ৷আজি এক লাখ চাকৰিৰ প্ৰতিশ্ৰুতি অথবা টেট শিক্ষকক বঞ্চনাৰ প্ৰসংগ নহয়,আজি দেখুৱাব লৈছো ১৪ শ নিবনুৱাক হিমন্ত বিশ্ব শর্মাই কৰা প্ৰৱঞ্চনাৰ কথা৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.