কলকতাৰ পৰা মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ কেনেদৰে আহে ধন?

Share This Article

ছুপাৰমাৰ্কেট ফ্লাই অ’ভাৰৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৭ মাহ পাছত আহ্বান কৰা হৈছিল উদ্বোধনী অনুষ্ঠানৰ নিবিদাৰ জাননী৷ ৭ মাহ পাছত এই কাম লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাই৷ এইগৰাকী ভাস্কৰ শৰ্মা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰো সঞ্চালক৷ কিন্ত তাতেই সম্পৰ্ক শেষ নহয় মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ভাস্কৰ শৰ্মাৰ৷ দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ওলাইছে, ভাস্কৰ শৰ্মা, মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু কলকাতাৰ কোম্পানীৰ এখন বৃহৎ জালৰ সবিশেষ৷
ভাস্কৰ শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱাসায়িক সম্পৰ্ক সহজ ভাষাত বুজিবলৈ হ’লে, কেইটামান তথ্য সহজভাৱে বুজি পোৱাটো জৰুৰী৷

  • ভাস্কৰ শৰ্মা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ সঞ্চালক
  • ভাস্কৰ শৰ্মা তিনিচুকীয়াৰ চান্দমাৰী টী কোম্পানীৰো সঞ্চালক
  • চান্দমাৰীত আছে ডি এছ গ্ৰহ নিৰ্মাণ নামৰ আন এটা কোম্পানীৰ ৩০.৫০ শতাংশ শ্বেয়াৰ
  • ডি এছ গ্ৰহ নিৰ্মাণৰো সঞ্চালক ভাস্কৰ শৰ্মা
  • ডি এছ গ্ৰহ নিৰ্মাণত আছে মুখ্যমন্ত্ৰীৰ শাহু মীনা ভূঞাৰ ২৮ লাখ টকাৰ শ্বেয়াৰ
  • অৰ্থাৎ বক্ৰপথেৰে চান্দমাৰী চাহ বাগিচাত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰো অংশীদাৰিত্ব আছে

এইবাৰ আহক ডি এছ গ্ৰহ নিৰ্মাণৰ ৰহস্যজনক ইতিহাসৰ কাহিনীলৈ৷

  • ডি এছ গ্ৰহ নিৰ্মাণ প্ৰতিষ্ঠা হৈছিল ২০০৫ চনত
  • ঠিকনা –প্ৰিমাইছেছ নম্বৰ ৭৫, মেটকাল্ফে ষ্ট্রীট, বৌ বজাৰ, কলকাতা
  • প্ৰতিষ্ঠাপক সঞ্চালক – দিলীপ পাণ্টী, ছৱন বৰজাত্য
  • ২০০৬ৰ জানুৱাৰীত ডি এছ গ্ৰহ নিৰ্মাণৰ সঞ্চালক হিচাপে নিযুক্ত মৃণালিনী দেৱী
  • মুখ্যমন্ত্ৰীৰ মাতৃ সঞ্চালক নিযুক্ত হোৱাৰ পাছতেই আৰম্ভ কলকাতাৰ পৰা বিনিয়োগ
  • কলকাতাৰ ৫২ টা কোম্পানীৰ বিনিয়োগ ৫ কৌটি ১৪ লাখ ৩৬ হাজাৰ টকা
  • মুখ্যমন্ত্ৰীৰ মাতৃৰ পদত্যাগৰ পাছত সঞ্চালক নিযুক্তি ৰঞ্জিত ভট্টাচাৰ্যক
  • ২০১০ত ৰঞ্জিত ভট্টাচাৰ্যৰ স্থানত সঞ্চালক নিযুক্তি ভাস্কৰ শৰ্মাক

ইফালে, ডি এছ গ্ৰহ নিৰ্মাণত কলকাতাৰ কোম্পানীয়ে বিনিয়োগ কৰা শ্বেয়াৰ হস্তান্তৰৰ প্ৰক্ৰিয়াও আৰম্ভ হয়৷ ডি এছ গ্ৰহ নিৰ্মাণত শ্বেয়াৰ হস্তান্তৰ হোৱা দেখা গ’ল ভাস্কৰ শৰ্মা, ভাস্কৰ শৰ্মাৰ পৰিয়াল, ৰঞ্জিত ভট্টাচাৰ্য আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ মোমায়েক গুণ তামুলী ফুকনলৈ৷ মিনিষ্ট্ৰী অৱ কৰ্প’ৰেট এফেয়াৰ্ছৰ তথ্য অনুসৰি ২০০৮ আৰু ২০০৯ চনত মদন চন্দ্ৰ শৰ্মালৈ পাঁচটা কোম্পানীৰ ৭১ লাখ টকাৰ শ্বেয়াৰ, ২০০৯ চনত ভাস্কৰ শৰ্মালৈ তিনিটা কোম্পানীৰ ৯ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ একেটা বছৰতে বুলু দেৱীলৈ ৯টা কোম্পানীৰ ২৮ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ একেদৰে, দীপাংকৰ শৰ্মালৈ দুটা কোম্পানীৰ ১৩ লাখ ৮০ হাজাৰ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ অন্যহাতে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মোমায়েক গুণ তামুলী ফুকনলৈ এঘাৰটা কোম্পানীৰ ২৮ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ ইফালে, ৰঞ্জিত ভট্টাচাৰ্যলৈও এটা কোম্পানীৰ ৫ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ এইদৰে গুণ তামুলী ফুকনলৈ ২০০৯ চনত কলকাতাৰ কোম্পানীৰ পৰা হস্তান্তৰ হয় ২ লাখ ৮০ হাজাৰটা শ্বেয়াৰ৷ শেষত গুণ তামুলী ফুকনৰ সমুদায় শ্বেয়াৰ হস্তান্তৰ হয় মুখ্যমন্ত্ৰীৰ শাহু মীনা ভূঞালৈ৷ বৰ্তমান ডি এছ গ্ৰহ নিৰ্মাণত মীনা ভূঞাৰ আছে ২৮ লাখ টকাৰ শ্বেয়াৰ ৷ এই ডি এছ গ্ৰহ নিৰ্মানৰ আকৌ চান্দমাৰী টী কোম্পানীত আছে ৩০.৫০ শতাংশ শ্বেয়াৰ ৷ এইদৰেই চান্দমাৰী টী কোম্পানীত অংশীদাৰীত্ব আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ৷

কিন্তু তাতকৈও এক গুৰুত্বপূৰ্ণ সংযোগ দেখা যায় এই শ্বেয়াৰ হস্তান্তৰক আৰ বি এছ ৰিয়েল্টৰ্ছৰে তুলনা কৰিলে৷ আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে উত্তৰ গুৱাহাটীত চৰকাৰী মাটি আৰু পলাশবাৰীত চিলিং চৰকাৰী মাটি ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছিল দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ পূৰ্বৰ অনুসন্ধানত৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে প্ৰতিষ্ঠা কৰা এই কোম্পানীটো কলকাতাৰ ১৭ টা কোম্পানীয়ে বিনিয়োগ কৰা ধন ভাস্কৰ শৰ্মাৰ পৰিয়াল আৰু মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ পৰিয়াললৈ হস্তান্তৰ হৈছিল৷আৰ বি এছ ৰিয়েল্টৰ্ছত দেখা গৈছিল যে প্ৰথমতে শ্বেয়াৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ মোমায়েক গুণ তামুলী ফুকনলৈ হস্তান্তৰ হৈছিল৷ তাৰ পাছত গুণ তামুলী ফুকনে শ্বেয়াৰ হস্তান্তৰ কৰিছিল মুখ্যমন্ত্ৰীৰ শাহু মীনা ভূঞালৈ৷ আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰৰ ১৮ বছৰ বয়স হোৱাৰ পাছতেই মীনা ভূঞাৰ সমুদায় শ্বেয়াৰ হস্তান্তৰ হৈছিল নন্দিল বিশ্ব শৰ্মালৈ৷ ডি এছ গ্ৰহ নিৰ্মাণতো একেই পদ্ধতিৰে শ্বেয়াৰ হস্তান্তৰ হৈ থকা দেখিবলৈ পোৱা গৈছে৷ কিন্তু আশ্চৰ্যজনক কথাটো হ’ল – ডি এছ গ্ৰহ নিৰ্মাণে উল্লেখ কৰা কলকাতাৰ বৌ বজাৰৰ ঠিকনাত উপস্থিত হৈছিল দ্য ৱায়াৰৰ প্ৰতিনিধি ৷ কিন্তু তাত কোনো কোম্পানীৰ কাৰ্যালয় সদৃশ পৰিৱেশ বিচাৰি পোৱা নগ’ল৷ একেদৰে আৰ বি এছেই হওক বা ডি এছ গ্ৰহ নিৰ্মাণেই হওক, এই কোম্পানীত ধন বিনিয়োগ কৰা কলকাতাৰ কেবাটাও কোম্পানীৰ ঠিকনাত কোনো কাৰ্যালয় বিচাৰি পোৱা নগ’ল৷ যাৰ বাবে এই কোম্পানীসমূহৰ কাৰ্যকলাপো হৈ পৰিছে সন্দেহজনক৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.