সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কলকতাৰ পৰা মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ কেনেদৰে আহে ধন?

ছুপাৰমাৰ্কেট ফ্লাই অ’ভাৰৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৭ মাহ পাছত আহ্বান কৰা হৈছিল উদ্বোধনী অনুষ্ঠানৰ নিবিদাৰ জাননী৷ ৭ মাহ পাছত এই কাম লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাই৷ এইগৰাকী ভাস্কৰ শৰ্মা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰো সঞ্চালক৷ কিন্ত তাতেই সম্পৰ্ক শেষ নহয় মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ভাস্কৰ শৰ্মাৰ৷ দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ওলাইছে, ভাস্কৰ শৰ্মা, মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু কলকাতাৰ কোম্পানীৰ এখন বৃহৎ জালৰ সবিশেষ৷
ভাস্কৰ শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱাসায়িক সম্পৰ্ক সহজ ভাষাত বুজিবলৈ হ’লে, কেইটামান তথ্য সহজভাৱে বুজি পোৱাটো জৰুৰী৷

  • ভাস্কৰ শৰ্মা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ সঞ্চালক
  • ভাস্কৰ শৰ্মা তিনিচুকীয়াৰ চান্দমাৰী টী কোম্পানীৰো সঞ্চালক
  • চান্দমাৰীত আছে ডি এছ গ্ৰহ নিৰ্মাণ নামৰ আন এটা কোম্পানীৰ ৩০.৫০ শতাংশ শ্বেয়াৰ
  • ডি এছ গ্ৰহ নিৰ্মাণৰো সঞ্চালক ভাস্কৰ শৰ্মা
  • ডি এছ গ্ৰহ নিৰ্মাণত আছে মুখ্যমন্ত্ৰীৰ শাহু মীনা ভূঞাৰ ২৮ লাখ টকাৰ শ্বেয়াৰ
  • অৰ্থাৎ বক্ৰপথেৰে চান্দমাৰী চাহ বাগিচাত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰো অংশীদাৰিত্ব আছে

- Donation -

এইবাৰ আহক ডি এছ গ্ৰহ নিৰ্মাণৰ ৰহস্যজনক ইতিহাসৰ কাহিনীলৈ৷

  • ডি এছ গ্ৰহ নিৰ্মাণ প্ৰতিষ্ঠা হৈছিল ২০০৫ চনত
  • ঠিকনা –প্ৰিমাইছেছ নম্বৰ ৭৫, মেটকাল্ফে ষ্ট্রীট, বৌ বজাৰ, কলকাতা
  • প্ৰতিষ্ঠাপক সঞ্চালক – দিলীপ পাণ্টী, ছৱন বৰজাত্য
  • ২০০৬ৰ জানুৱাৰীত ডি এছ গ্ৰহ নিৰ্মাণৰ সঞ্চালক হিচাপে নিযুক্ত মৃণালিনী দেৱী
  • মুখ্যমন্ত্ৰীৰ মাতৃ সঞ্চালক নিযুক্ত হোৱাৰ পাছতেই আৰম্ভ কলকাতাৰ পৰা বিনিয়োগ
  • কলকাতাৰ ৫২ টা কোম্পানীৰ বিনিয়োগ ৫ কৌটি ১৪ লাখ ৩৬ হাজাৰ টকা
  • মুখ্যমন্ত্ৰীৰ মাতৃৰ পদত্যাগৰ পাছত সঞ্চালক নিযুক্তি ৰঞ্জিত ভট্টাচাৰ্যক
  • ২০১০ত ৰঞ্জিত ভট্টাচাৰ্যৰ স্থানত সঞ্চালক নিযুক্তি ভাস্কৰ শৰ্মাক

ইফালে, ডি এছ গ্ৰহ নিৰ্মাণত কলকাতাৰ কোম্পানীয়ে বিনিয়োগ কৰা শ্বেয়াৰ হস্তান্তৰৰ প্ৰক্ৰিয়াও আৰম্ভ হয়৷ ডি এছ গ্ৰহ নিৰ্মাণত শ্বেয়াৰ হস্তান্তৰ হোৱা দেখা গ’ল ভাস্কৰ শৰ্মা, ভাস্কৰ শৰ্মাৰ পৰিয়াল, ৰঞ্জিত ভট্টাচাৰ্য আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ মোমায়েক গুণ তামুলী ফুকনলৈ৷ মিনিষ্ট্ৰী অৱ কৰ্প’ৰেট এফেয়াৰ্ছৰ তথ্য অনুসৰি ২০০৮ আৰু ২০০৯ চনত মদন চন্দ্ৰ শৰ্মালৈ পাঁচটা কোম্পানীৰ ৭১ লাখ টকাৰ শ্বেয়াৰ, ২০০৯ চনত ভাস্কৰ শৰ্মালৈ তিনিটা কোম্পানীৰ ৯ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ একেটা বছৰতে বুলু দেৱীলৈ ৯টা কোম্পানীৰ ২৮ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ একেদৰে, দীপাংকৰ শৰ্মালৈ দুটা কোম্পানীৰ ১৩ লাখ ৮০ হাজাৰ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ অন্যহাতে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মোমায়েক গুণ তামুলী ফুকনলৈ এঘাৰটা কোম্পানীৰ ২৮ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ ইফালে, ৰঞ্জিত ভট্টাচাৰ্যলৈও এটা কোম্পানীৰ ৫ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ এইদৰে গুণ তামুলী ফুকনলৈ ২০০৯ চনত কলকাতাৰ কোম্পানীৰ পৰা হস্তান্তৰ হয় ২ লাখ ৮০ হাজাৰটা শ্বেয়াৰ৷ শেষত গুণ তামুলী ফুকনৰ সমুদায় শ্বেয়াৰ হস্তান্তৰ হয় মুখ্যমন্ত্ৰীৰ শাহু মীনা ভূঞালৈ৷ বৰ্তমান ডি এছ গ্ৰহ নিৰ্মাণত মীনা ভূঞাৰ আছে ২৮ লাখ টকাৰ শ্বেয়াৰ ৷ এই ডি এছ গ্ৰহ নিৰ্মানৰ আকৌ চান্দমাৰী টী কোম্পানীত আছে ৩০.৫০ শতাংশ শ্বেয়াৰ ৷ এইদৰেই চান্দমাৰী টী কোম্পানীত অংশীদাৰীত্ব আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ৷

কিন্তু তাতকৈও এক গুৰুত্বপূৰ্ণ সংযোগ দেখা যায় এই শ্বেয়াৰ হস্তান্তৰক আৰ বি এছ ৰিয়েল্টৰ্ছৰে তুলনা কৰিলে৷ আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে উত্তৰ গুৱাহাটীত চৰকাৰী মাটি আৰু পলাশবাৰীত চিলিং চৰকাৰী মাটি ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছিল দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ পূৰ্বৰ অনুসন্ধানত৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে প্ৰতিষ্ঠা কৰা এই কোম্পানীটো কলকাতাৰ ১৭ টা কোম্পানীয়ে বিনিয়োগ কৰা ধন ভাস্কৰ শৰ্মাৰ পৰিয়াল আৰু মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ পৰিয়াললৈ হস্তান্তৰ হৈছিল৷আৰ বি এছ ৰিয়েল্টৰ্ছত দেখা গৈছিল যে প্ৰথমতে শ্বেয়াৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ মোমায়েক গুণ তামুলী ফুকনলৈ হস্তান্তৰ হৈছিল৷ তাৰ পাছত গুণ তামুলী ফুকনে শ্বেয়াৰ হস্তান্তৰ কৰিছিল মুখ্যমন্ত্ৰীৰ শাহু মীনা ভূঞালৈ৷ আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰৰ ১৮ বছৰ বয়স হোৱাৰ পাছতেই মীনা ভূঞাৰ সমুদায় শ্বেয়াৰ হস্তান্তৰ হৈছিল নন্দিল বিশ্ব শৰ্মালৈ৷ ডি এছ গ্ৰহ নিৰ্মাণতো একেই পদ্ধতিৰে শ্বেয়াৰ হস্তান্তৰ হৈ থকা দেখিবলৈ পোৱা গৈছে৷ কিন্তু আশ্চৰ্যজনক কথাটো হ’ল – ডি এছ গ্ৰহ নিৰ্মাণে উল্লেখ কৰা কলকাতাৰ বৌ বজাৰৰ ঠিকনাত উপস্থিত হৈছিল দ্য ৱায়াৰৰ প্ৰতিনিধি ৷ কিন্তু তাত কোনো কোম্পানীৰ কাৰ্যালয় সদৃশ পৰিৱেশ বিচাৰি পোৱা নগ’ল৷ একেদৰে আৰ বি এছেই হওক বা ডি এছ গ্ৰহ নিৰ্মাণেই হওক, এই কোম্পানীত ধন বিনিয়োগ কৰা কলকাতাৰ কেবাটাও কোম্পানীৰ ঠিকনাত কোনো কাৰ্যালয় বিচাৰি পোৱা নগ’ল৷ যাৰ বাবে এই কোম্পানীসমূহৰ কাৰ্যকলাপো হৈ পৰিছে সন্দেহজনক৷

Leave A Reply

Your email address will not be published.