পথৰ ওপৰত ক’ত খহি পৰিল পাহাৰ ?

Share This Article

হিমাচল প্ৰদেশৰ কিন্নৰ জিলাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ পাহাৰৰ এটা বৃহৎ চূড়া পথৰ ওপৰত খহি পৰাৰ পৰিণতিত আৱদ্ধ হৈ পৰে ৪০ জনৰো অধিক লোক ৷গুৰুতৰভাৱে আহত হৈছে এখন বাছৰ চালক আৰু হেণ্ডিমেন ৷বুধবাৰে দুপৰীয়া ১২.৪৫ বজাত ৰেকংপেও – শিমলা পথত এই ভয়ানক ঘটনা সঘটিত হয় ৷ এখন বাছৰ লগতে আন কেবাখনো গাড়ী ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছে ৷জিলাখনৰ উপায়ুক্ত হোছেন ছাদিকে জনোৱা মতে স্থানীয় ভৱনগৰ থানাই ঘটনাৰ বিষয়ে অৱগত কৰিছে ৷ ইয়াৰ লগতে ইন্দো তিব্বতীয় সীমান্ত পুলিচে ইতিমধ্যে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.