সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পথৰ ওপৰত ক’ত খহি পৰিল পাহাৰ ?

হিমাচল প্ৰদেশৰ কিন্নৰ জিলাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ পাহাৰৰ এটা বৃহৎ চূড়া পথৰ ওপৰত খহি পৰাৰ পৰিণতিত আৱদ্ধ হৈ পৰে ৪০ জনৰো অধিক লোক ৷গুৰুতৰভাৱে আহত হৈছে এখন বাছৰ চালক আৰু হেণ্ডিমেন ৷বুধবাৰে দুপৰীয়া ১২.৪৫ বজাত ৰেকংপেও – শিমলা পথত এই ভয়ানক ঘটনা সঘটিত হয় ৷ এখন বাছৰ লগতে আন কেবাখনো গাড়ী ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছে ৷জিলাখনৰ উপায়ুক্ত হোছেন ছাদিকে জনোৱা মতে স্থানীয় ভৱনগৰ থানাই ঘটনাৰ বিষয়ে অৱগত কৰিছে ৷ ইয়াৰ লগতে ইন্দো তিব্বতীয় সীমান্ত পুলিচে ইতিমধ্যে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে ৷

Leave A Reply

Your email address will not be published.