পাহাৰ খহি মৃত্যু ১০ গৰাকীৰ , আহত বহুজন

হিমাচল প্ৰদেশত সংঘটিত এক ভয়ানক ভূমিস্খলনৰ ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছে ৷ পি টি আইৰ খবৰ অনুসৰি , বুধবাৰৰ দুপৰীয়া পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাৰ ফলত এখন বাছৰ লগতে কেবাখনো বাহন আবদ্ধ হৈ পৰিছিল ৷ এই ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ গৰাকী লোক আহত হৈছে ৷ এই ঘটনা কিন্নৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ৷ জিলাখনৰ উপায়ুক্তই সংবাদমাধ্যমৰ আগত সদৰী কৰা অনুসৰি , হিমাচল ট্ৰান্সপোৰ্ট কৰ্পোৰেশ্যনৰ এখন বাছে ৪০ গৰাকী যাত্ৰীক কঢ়িয়াই কিন্নৰৰ পৰা ছিমলা অভিমুখে উক্ত পথেৰে ৰাওনা হৈছিল ৷ সেই সময়তে ভূমিস্খলনৰ ঘটনাতো সংঘটিত হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰলৈ টেলিফোন কৰি ঘটনাৰ বুজ লয় ৷

 

 

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296