সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পাহাৰ খহি মৃত্যু ১০ গৰাকীৰ , আহত বহুজন

হিমাচল প্ৰদেশত সংঘটিত এক ভয়ানক ভূমিস্খলনৰ ঘটনাত ১০ জন লোকৰ মৃত্যু হৈছে ৷ পি টি আইৰ খবৰ অনুসৰি , বুধবাৰৰ দুপৰীয়া পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাৰ ফলত এখন বাছৰ লগতে কেবাখনো বাহন আবদ্ধ হৈ পৰিছিল ৷ এই ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ গৰাকী লোক আহত হৈছে ৷ এই ঘটনা কিন্নৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ৷ জিলাখনৰ উপায়ুক্তই সংবাদমাধ্যমৰ আগত সদৰী কৰা অনুসৰি , হিমাচল ট্ৰান্সপোৰ্ট কৰ্পোৰেশ্যনৰ এখন বাছে ৪০ গৰাকী যাত্ৰীক কঢ়িয়াই কিন্নৰৰ পৰা ছিমলা অভিমুখে উক্ত পথেৰে ৰাওনা হৈছিল ৷ সেই সময়তে ভূমিস্খলনৰ ঘটনাতো সংঘটিত হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰলৈ টেলিফোন কৰি ঘটনাৰ বুজ লয় ৷

 

 

 

Leave A Reply

Your email address will not be published.