চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কার্যনির্বাহকত কি কি সিদ্ধান্ত লোৱা হ’ল?

Share This Article

আজি গুৱাহাটীৰ চিৰিয়াখানাত অনুষ্ঠিত হয় চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কাৰ্যনিৰ্বাহক বৈঠক৷বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।বিগত ৩১/০৫/২০২২ তাৰিখে অনুষ্ঠিত হৈ যোৱা নাগৰিক সভাৰ সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰিবলৈ এই কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছিল।

বিগত ৪ বছৰে চিৰিয়াখানাত সংঘটিত বিভিন্ন দুষ্কাৰ্যৰ আজিলৈ কিয় তদন্ত কৰা নহ’ল সেই সম্বন্ধে চিৰিয়াখানা সুৰক্ষা মঞ্চই  প্ৰস্তুত কৰা ৮ টা গুৰুত্বপূৰ্ণ প্ৰশ্ন সন্নিবিষ্ট এখন পত্ৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰি এক নিৰ্দিষ্ট সময়াসীমাৰ ভিতৰত ইয়াৰ উত্তৰ দাবী কৰিব বুলি আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়৷অন্যহাতে চিৰিয়াখানা কৰ্তৃপক্ষই বিভিন্ন ধৰণৰ ভুৱা গোচৰৰে মঞ্চৰ নেতা-কৰ্মী সকলক হাৰাশাস্তি কৰি থকা কাৰ্যৰ বিৰুদ্ধে যোৱা ৩১-০৫-২০২২ তাৰিখে নাগৰিক সভাই গঠন কৰা আইন কোষৰ আহ্বায়ক কেইজনক আজিৰ সভাই দায়িত্বভাৰ অৰ্পণ কৰে।এই সভাতেই শ্ৰী অমিতাভ বৰঠাকুৰৰ নেতৃত্বত বিত্ত বিভাগৰো এখন সুকীয়া সমিতি গঠন কৰা হয়।আজিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ শ্ৰীমতী গীতাঞ্জলি সোনোৱাল, শ্ৰীমতী চুজাতা শৰ্মা, শ্ৰী দিবাকৰ গোস্বামী, শ্ৰী দিপক পাঠক, শ্ৰী ৰাজকুমাৰ বৈশ্য, শ্ৰী চাৰিফুল আহমেদ, শ্ৰী অমিতাভ বৰঠাকুৰ, শ্ৰী হৰমোহন কলিতা, শ্ৰী অনুপ বৰুৱা, শ্ৰী তিলক মহন, শ্ৰীযুত চৰিফুল হক, শ্ৰীযুত নৱজ্যোতি কলিতা, শ্ৰী নাচেৰ জামান হাজৰিকা, শ্ৰী তপন কুমাৰ শৰ্মা, শ্ৰী শঙ্কৰ শইকীয়া, মিৰকাচিম উদ্দিন আহমেদ আৰু শ্ৰী মৌচুম হাজৰিকা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.