সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰ প্ৰদেশ নহয়, গুজৰাটৰ ফলাফলহে আশ্চৰ্যকৰ হ’ব: কিয় ক’লে অখিলেশ যাদৱে ?

উত্তৰ প্ৰদেশত এইবাৰ সমাজবাদী পাৰ্টীৰ জোঁটবন্ধনৰ চৰকাৰ গঠন হ’ব বুলি গভীৰ আত্মবিশ্বাসী অখিলেশ যাদৱ ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বীগৰাকীয়ে কয় যে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কোনো আচৰিত হ’বলগীয়া ফলাফল নোলায় ৷ এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফলহে আশ্চৰ্যকৰ হ’ব ৷ তেওঁ লগতে কয় যে উত্তৰ প্ৰদেশৰ জনসাধাৰণে ইতিমধ্যে তেওলোকৰ মতামত স্পষ্ট কৰি দিছে ৷ যাৰ বাবে বিজেপি নাৰ্ভাছ হৈছে ৷ ৰাষ্ট্ৰীয় লোকদলৰ সভাপতি জয়ন্ত চৌধুৰীৰ সৈতে এখন সংবাদমেলত অংশগ্ৰহণ কৰি অখিলেশ যাদৱে এই মন্তব্য কৰে ৷ সংবাদমেলৰ শেষত তেওঁ বিজেপিক পৰাভূত কৰিবলৈ অন্ন সংকল্পও গ্ৰহণ কৰে ৷

Leave A Reply

Your email address will not be published.