উত্তৰ প্ৰদেশ নহয়, গুজৰাটৰ ফলাফলহে আশ্চৰ্যকৰ হ’ব: কিয় ক’লে অখিলেশ যাদৱে ?

Share This Article

উত্তৰ প্ৰদেশত এইবাৰ সমাজবাদী পাৰ্টীৰ জোঁটবন্ধনৰ চৰকাৰ গঠন হ’ব বুলি গভীৰ আত্মবিশ্বাসী অখিলেশ যাদৱ ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বীগৰাকীয়ে কয় যে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কোনো আচৰিত হ’বলগীয়া ফলাফল নোলায় ৷ এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফলহে আশ্চৰ্যকৰ হ’ব ৷ তেওঁ লগতে কয় যে উত্তৰ প্ৰদেশৰ জনসাধাৰণে ইতিমধ্যে তেওলোকৰ মতামত স্পষ্ট কৰি দিছে ৷ যাৰ বাবে বিজেপি নাৰ্ভাছ হৈছে ৷ ৰাষ্ট্ৰীয় লোকদলৰ সভাপতি জয়ন্ত চৌধুৰীৰ সৈতে এখন সংবাদমেলত অংশগ্ৰহণ কৰি অখিলেশ যাদৱে এই মন্তব্য কৰে ৷ সংবাদমেলৰ শেষত তেওঁ বিজেপিক পৰাভূত কৰিবলৈ অন্ন সংকল্পও গ্ৰহণ কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.