সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গোৱাত শিৱসেনা, এন চি পি আৰু তৃণমূল কংগ্ৰেছৰ মহাজোঁটবন্ধন হ’ল নেকি ?

দেশৰ আন চাৰি ৰাজ্যৰ লগতে গোৱাৰ বিধানসভা নিৰ্বাচন সমাগত ৷ সৰু ৰাজ্য হ’লেও গোৱাৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰিছে ৷ কাৰণ , কংগ্ৰেছ আৰু বিজেপিৰ দখলত থকা ৰাজ্যখনত এইবাৰ সোমাই পৰিছে আম আদমি পাৰ্টী , তৃণমূল কংগ্ৰেছ , এন চি পি আৰু শিৱসেনা ৷ এন চি পি আৰু শিৱসেনাই মহাৰাষ্ট্ৰত একেলগে চৰকাৰ চলাই আছে ৷ গোৱাতো দুয়োটা দলে একেলগে প্ৰতিদ্বন্দিতা কৰিব ৷ তাৰ মাজতে আজি শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে ঘোষণা কৰিছে যে গোৱাত তৃণমূল কংগ্ৰেছো শিৱসেনাৰ মিত্ৰজোঁটৰ অংশীদাৰ হ’ব ৷ ৰাউটে লগতে কয় যে তেওলোকে মহাৰাষ্ট্ৰৰ আৰ্হিত এক মহাজোট গঠন কৰিব বিচাৰিছিল ৷ ইয়াৰ বাবে কংগ্ৰেছৰ পৰা তেওলোকৰ বিজয়ৰ সম্ভাৱনা নথকা ১০ খন আসন বিচাৰিছিল ৷ কিন্তু কংগ্ৰেছৰ পৰা উচিত সহাৰি লাভ নকৰিলে ৷ ইয়াৰ পাছত গোৱাত এন চি পি , শিৱসেনা আৰু তৃণমূল কংগ্ৰেছে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত হৈছে ৷

Leave A Reply

Your email address will not be published.