সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

fly over expose: ৪৬ লাখ টকাৰ দেৱাল অংকন, ২৮ লাখ টকাৰ উদ্যান স্থাপনৰ ৭ মাহ পাছত নিবিদাৰ জাননী

‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ অনুসন্ধানত পোহৰলৈ আহিছে ছুপাৰ মাৰ্কেট ফ্লাই অ’ভাৰৰ এটাৰ পাছত আন এটা বিস্ফোৰক তথ্য৷ ফ্লাই অ’ভাৰৰ উদ্বোধনী অনুষ্ঠানৰ ৫ মাহ পাছত নিবিদা আহ্বান কৰি উদ্বোধনী অনুষ্ঠানৰ ঠিকা প্ৰদান কৰা হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাক৷ ২০২১ চনৰ ৪ নৱেম্বৰত ছুপাৰমাৰ্কেট ফ্লাই অ’ভাৰৰ উদ্বোধন৷ ২০২২ চনৰ মাৰ্চত উদ্বোধনী অনুষ্ঠানৰ সাজ সজ্জাৰ নিবিদা৷ ২০২২ চনৰ মে’ত উদ্বোধনী অনুষ্ঠানৰ সাজ সজ্জাৰ বাবে ৱৰ্ক অৰ্ডাৰ প্ৰদান আৰু নৱেম্বৰত ভাস্কৰ শৰ্মাৰ প্ৰতিষ্ঠান ড্ৰীম এ মেজক আদায় ৪৫ লাখ ৯৪ হাজাৰ টকা৷ কেৱল সেয়াই নহয়, উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই ফ্লাই অ’ভাৰৰ বেৰিয়াৰত অঁকা হৈছিল বিভিন্ন ছবি৷আনকি ফ্লাই অভাৰ উদ্বোধনৰ পূৰ্বে চিত্ৰাংকণৰ কাম পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে সেই ফটো নিজেই ২০২১ চনৰ ২৭ অক্টোবৰৰ দিনা টুইটাৰত আপলোড কৰিছিল। তাৰপাছত, ৪ নৱেম্বৰৰ দিনা তেওঁ সেই ফ্লাই অ’ভাৰ উদ্বোধনো কৰে। কিন্তু চিত্ৰ অংকনৰ নিবিদা আহ্বান কৰা হয় ২০২২ চনৰ মে’ মাহত৷ একেসময়তে ফ্লাই অ’ভাৰৰ তলত অস্থায়ী উদ্যান স্থাপনৰ বাবেও নিবিদা আহ্বান কৰে লোকনিৰ্মাণ বিভাগে৷ ২০২২ চনৰ জুলাই মাহত এই কামৰ বাবে মুঠ ৭৪ লাখ ২১ হাজাৰ টকাৰ ঠিকা প্ৰদান কৰা হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগৰ আশীষধন্য এজন বিশেষ ঠিকাদাৰক৷

এইদৰেই ২০২১ চনৰ অক্টোবৰৰ এটা নিশাত চিত্ৰাংকণৰ কাম পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 

- Donation -

দেৱান অংকন, উদ্যান স্থাপনৰ পাছত নিবিদাৰ জাননী

২০২১ চনৰ ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে ছুপাৰমাৰ্কেট ফ্লাই অ’ভাৰ৷ উদ্বোধনৰ সময়ত ফ্লাই অ’ভাৰৰ দুয়োকাষৰ দেৱালত দেখা গৈছিল উত্তৰ পূৱৰ জনজীৱনক প্ৰতিনিধিত্ব কৰি অঁকা সুদৃশ্য এলানি ছবি৷ সেই ছবিক লৈ সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল উৎসাহজনক বাতৰি৷ কিন্তু দ্য ক্ৰছকাৰেণ্টে আৰ টি আই আবেদনযোগে লাভ কৰা তথ্যত ওলাই পৰে যে এই ছবি অংকনৰ বাবেও নিবিদা আহ্বান কৰা হৈছিল ৭ মাহ পাছত৷ অৰ্থাৎ দেৱালৰ চিত্ৰ অংকনৰ কামো নিবিদা অবিহনেই সম্পন্ন হৈ গৈছিল৷ ফ্লাই অ’ভাৰ উদ্বোধনৰ ৭ মাহ পাছত লোকনিৰ্মাণ বিভাগে প্ৰকাশ কৰে সেই বিশেষ কামৰ বাবে নিবিদাৰ জাননী৷ ২০২২ চনৰ ৮ মাৰ্চত প্ৰকাশ পোৱা এই নিবিদাৰ জাননীত আনুমানিক ৭৪ লাখ ২৩ হাজাৰ টকা ব্যয় সাপেক্ষে দুটা কামৰ বাবে নিবিদা আহ্বান কৰা হয়৷ প্ৰথমটো কাম আছিল ফ্লাই অ’ভাৰৰ তলত দুমাহৰ প্ৰতিপালনৰ চৰ্ত সাপেক্ষে এখন উদ্যান স্থাপন কৰা আৰু দ্বিতীয়টো কাম হ’ল ফ্লাই অ’ভাৰৰ বেৰিয়াৰত ভাৰত তথা উত্তৰ পূৱৰ লগতে বন্য জীৱন আৰু ঐতিহাসিক সমল প্ৰতিফলিত কৰিব পৰা চিত্ৰ অংকন কৰা৷

কিন্তু ৰহস্যজনকভাৱে এই নিবিদাৰ জাননী বাতিল কৰা হয়৷ তাৰ পাছত ২০২২ চনৰ মে’ত পুনৰবাৰ একেখন নিবিদাৰ জাননী প্ৰকাশ কৰা হয়৷ একেকেইটা কামৰ বাবে আহ্বান কৰা জাননীত আনুমানিক ব্যয় আকৌ এবাৰ ৭৪ লাখ ২৩ হাজাৰ টকা নিৰ্ধাৰণ কৰা হয়৷ ২০২২ চনৰ ১৩ জুলাই আছিল নিবিদাত অংশগ্ৰহণ কৰাৰ শেষ দিন৷

 

অনিল দাসক ৭৪ লাখ ঠিকা, উদ্যানৰ নামতে ব্যয় ২৮ লাখ

লোকনিৰ্মাণ বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, নিবিদাত অংশগ্ৰহণ কৰিছিল দুজন ব্যক্তিয়ে৷ এজনৰ নাম অনিল দাস আৰু আনজন দুলাল কলিতা৷ এই দুয়োজন আকৌ জোনালী কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীৰ সঞ্চালক পদত আছে৷ অৰ্থাৎ উদ্বোধনী অনুষ্ঠানৰ সাজ-সজ্জাৰ নিবিদাত যিদৰে ভাস্কৰ শৰ্মাৰ আন দুজন ব্যৱসায়িক সহযোগীয়ে অংশগ্ৰহণ কৰিছিল, ঠিক একেদৰে ফ্লাই অ’ভাৰত চিত্ৰ অংকন আৰু উদ্যান স্থাপনৰ নিবিদাতো দুজন ব্যৱসায়িক অংশীদাৰেই অংশগ্ৰহণ কৰে৷ তেওঁলোকৰ ভিতৰত ঠিকা লাভ কৰে অনিল দাসে৷ এই অনিল দাসেই আকৌ ১২৭ কোটি ব্যয়েৰে নিৰ্মাণ কৰা ছুপাৰমাৰ্কেট ফ্লাই অ’ভাৰৰো ঠিকা লাভ কৰিছিল৷

জুলাইত এই কামৰ বাবে অনিল দাসক ৭৪ লাখ ২১ হাজাৰ ৫০৫ টকাৰ ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰা হয়৷ ৱৰ্ক অৰ্ডাৰ অনুসৰি, ফ্লাই অ’ভাৰৰ বেৰিয়াৰত বিভিন্ন চিত্ৰ অংকন কৰিবৰ বাবে বাবে ৪৬ লাখ ১০ হাজাৰ ১০৯ টকাৰ ঠিকা প্ৰদান কৰা হয় অনিল দাসক৷ আনহাতে, দুমাহৰ প্ৰতিপালনৰ চৰ্তৰে ফ্লাই অ’ভাৰৰ তলত এখন উদ্যান স্থাপনৰ বাবে অনিল দাসক প্ৰদান কৰা হয় ২৮ লাখ ১১ হাজাৰ ৩৯৫ টকাৰ ঠিকা৷ এইদৰে অনিল দাসে ১২৭ কোটি টকাৰ ফ্লাই অ’ভাৰ নিৰ্মাণৰ ঠিকাৰ উপৰি ফ্লাই অ’ভাৰৰ দেৱাল অংকন আৰু ফ্লাই অ’ভাৰৰ তলত উদ্যান স্থাপনৰ বাবেও ঠিকা লাভ কৰে৷ উদ্যানত কি কি ফুল- গছ থাকিব, তাৰ বাবদ কিমান ধন ব্যয় কৰা হ’ব তাৰ খতিয়ান এনেধৰণৰ – ২৫৫ জোপা এৰেকা পাল্মৰ নামত ১,৭৫,৬৯৫ টকা, ২০ জোপা ছিলভাৰ টাটছৰ নামত ১,৪০,২২০ টকা, ২৫ জোপা নলিনাৰ নামত ২,৮২,৯০০ টকা, ২০৫০ জোপা ক্ৰ’ট’নৰ নামত ১,৪৩, ৫০০ টকা, ২৪০০ জোপা লক্সৰা ডাৱৰ্ফৰ নামত ১, ৫৮ ,৪০০ টকা, ১৩৫০ জোপা ছিফ্লেৰাৰ নামত ১,৯০,৩৫০ টকা, ১৮৫০ জোপা অৰালিয়াৰ নামত ১, ০১,৭৫০ টকা আৰু ১৭০০ বৰ্গমিটাৰ কাৰ্পেট গ্ৰাছৰ নামত ৫,৪০,৬০০ টকা৷ এই উদ্যান স্থাপনৰ বাবে প্ৰয়োজনীয় গুনাগুন সম্পন্ন ৮০ ট্ৰাক মাটি যোগানৰ বাবেও ৮,৬৫,৯২০ টকাৰ ঠিকা প্ৰদান কৰা হয় ৷ ইয়াৰ বাহিৰেও ২ হাজাৰ কেজি জৈৱিক সাৰৰ নামত ৬২ হাজাৰ টকা আৰু উদ্যানত পানী যোগান আৰু লগুৱাৰ খৰচৰ নামত ১,৫০,০৬০ টকাৰ ঠিকা প্ৰদান কৰা হয়৷ এইদৰে দেৱাল অংকনৰ নামত ৪৬,১০,১০৯ টকা আৰু  ফ্লাই অভাৰৰ তলত উদ্যান স্থাপনৰ নামত ২৮,১১,৩৯৫ টকাকে ধৰি মুঠ ৭৪ , ২১,৫০৪ টকাৰ ঠিকা লাভ কৰে ঠিকাদাৰ অনিল দাসে৷

 

অনিল দাসক লোকনিৰ্মাণ বিভাগে ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰে ২০২২ চনৰ ১৮ জুলাইত৷ মন কৰিবলগীয়া কথাটো হ’ল এই সকলো আয়োজন সম্পন্ন হৈছিল ২০২১ চনৰ ৪ নৱেম্বৰত ফ্লাই অ’ভাৰৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত৷ কিন্তু নিবিদা আহ্বান কৰা হৈছিল ৭ মাহ পাছত ২০২২ চনৰ মে’ মাহত৷ অনিল দাসে ৱৰ্ক অৰ্ডাৰ লাভ কৰে ২০২২ ৰ জুলাই মাহত৷

অৰ্থাৎ, ২০২১ চনৰ ৪ নৱেম্বৰত উদ্বোধনী অনুষ্ঠান সম্পন্ন হোৱাৰ পাছত যিদৰে ভাস্কৰ শৰ্মাই উদ্বোধনী অনুষ্ঠানৰ সাজ-সজ্জাৰ নামত ৪৫ লাখ ৯৪ হাজাৰ টকাৰ ঠিকা লাভ কৰিছিল, একেদৰে সকলো কাম সম্পন্ন হৈ যোৱাৰ পাছত অনিল দাসৰ বাবে নিবিদা আহ্বান কৰা হৈছিল ২০২২ চনৰ মে’ মাহত৷ ফ্লাই অ’ভাৰৰ বেৰিয়াৰত চিত্ৰ অংকন আৰু ফ্লাই অ’ভাৰৰ তলত উদ্যান স্থাপনৰ বাবে মুঠ ৭৪ লাখ ২১ হাজাৰ ৫০৫ টকাৰ ঠিকা লাভ কৰিছিল অনিল দাসে৷ অনিল দাসক দুমাহৰ বাবে উক্ত উদ্যান প্ৰতিপালনৰ চৰ্ত দিয়া হৈছিল৷ কিন্তু ২৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সেই উদ্যানৰ কোনো চিন চাব এতিয়া আৰু বিচাৰি পাবলৈ নাই৷ এতিয়া স্বাভাৱিকতে প্ৰশ্ন হ’ব – অনিল দাসৰ প্ৰতি লোকনিৰ্মাণ বিভাগৰ এনে কি অহেতুক প্ৰীতি আছে যে নিবিদা অবিহনেই তেওঁক ৭৪ ,২১,৫০৫ টকাৰ ঠিকা প্ৰদান কৰা হ’ল? কিয় এখন অস্থায়ী উদ্যানৰ নামত ২৮,১১,৩৯৫ টকাৰ ঠিকা প্ৰদান কৰা হ’ল সিও হৈ পৰিছে গভীৰ ৰহস্যৰ বিষয়৷ একেজন অনিল দাসেই অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অধীনত কেবাশ কোটি টকীয়া ঠিকা লাভ কৰিছে৷ অনিল দাসৰ বাবে যেন লোকনিৰ্মাণ বিভাগে নিবিদা আহ্বানৰো প্ৰয়োজনীয়তা অনুভৱ নকৰে৷ এনেদৰেই এতিয়া চলি আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগ ৷

Leave A Reply

Your email address will not be published.