সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গুৱাহাটীত আইন উলংঘনেৰে ফ্লেটৰ বেহা, হিম্মৎসিংকাই কেনেকৈ উলংঘা কৰে আইন?

গৌতম প্ৰতিম গগৈ

গুৱাহাটী মহানগৰত পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰে বৃহৎ বৃহৎ অট্টালিকা নির্মাণ আৰু চৰকাৰী আইন উলংঘাৰে ফ্লেট বেচা-কিনাৰ তথ্য পোহৰলৈ আহিছে ‘দ্য ক্ৰছকাৰেণ্ট‘ৰ এক অনুসন্ধানত৷ ৰিয়েল ইষ্টেট ৰেগুলেট’ৰী এণ্ড ডেভেলপমেণ্ট এক্ট 2016 ৰ মতে, ৫০০ বর্গমিটাৰতকৈ ডাঙৰ অথবা ৮ টাতকৈ অধিক ফ্লেট বা ইউনিটৰ আৱাসিক প্ৰকল্পৰ বাবে ‘ৰেৰা’ৰ পঞ্জীয়ন বাধ্যতামূলক৷ ‘ৰেৰা’ৰ এই পঞ্জীয়ন অবিহনে তেনে প্ৰকল্পৰ কোনো প্লট বিক্ৰী,বুকিং বা তাৰবাবে বিজ্ঞাপন প্ৰকাশ কৰাটো আইন বিৰুদ্ধ৷ কিন্তু ‘ৰেৰা’ত পঞ্জীয়ন নকৰি এনে কার্যকলাপ চলাই আইন উলংঘা কৰা মের্চাছ অনুভৱ ৰিয়েল ইষ্টেটৰ কাহিনী ইতিমধ্যে আমি পূর্বৰ প্ৰতিবেদনত প্ৰকাশ কৰিছো৷ এই প্ৰতিষ্ঠানটোৰ ওপৰিও নিৰ্দিষ্ট সময়ত ৰেৰাত পঞ্জীয়ন নকৰি আইন উলংঘা কৰা আন কেইবাটাও প্ৰকল্পৰ তথ্য পোহৰলৈ আহিছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত৷

 

- Donation -

হিম্মৎসিংকাৰ আইডিয়েল হিল ভিউ-

গুৱাহাটী মহানগৰৰ নাৰেংগীত আছে হিম্মৎসিংকাৰ সুবিশাল অট্টালিকা আইডিয়েল হিল ভিউ৷ শিলসাঁকো বিলৰ নিচেই কাষতে লাগি থকা আইডিয়েল হিল ভিউ হৈছে হিম্মৎসিংকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ এক অন্যতম বৃহৎ প্ৰকল্প৷ ১৫ হাজাৰ ৩৪৮ বর্গমিটাৰ ভূমিত নিৰ্মাণ কৰা ৫ টা ব্লকৰ এই প্ৰকল্পত আছে ২৪৬ টা ফ্লেট৷ প্ৰকল্পৰ প্ৰস্তাৱিত ব্যয় ১০৬ কোটি ৩০ লাখ ১৭ হাজাৰ ৪২০ টকা৷ কিন্তু এই প্ৰকল্পৰ ক্ষেত্ৰতো ‘ৰেৰা’ আইনৰ চৰম উলংঘা কৰাৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। যাৰবাবে ৭ লাখ টকাৰ জৰিমনাও ভৰিবলগীয়া হৈছে হিম্মৎসিংকাই৷

২০২৩ চনৰ ৩১ জুলাইত RERA/ASSAM/Reg/Notice/2023/05 নম্বৰৰ এক গোচৰত ‘ৰেৰা’ই প্ৰদান কৰা নির্দেশনাত পোহৰলৈ আহিছে হিম্মৎসিংকাৰ আইডিয়েল হিল ভিউ প্ৰকল্পই আইন উলংঘা কৰাৰ ঘটনা৷ ‘ৰেৰা’ৰ এই ৰায়ত উল্লেখ কৰা অনুসৰি, হিম্মৎসিংকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে আইডিয়েল হিল ভিউ প্ৰকল্পৰ বাবে ‘ৰেৰা’ত কৰা নাই পঞ্জীয়ন৷ সেই অনুসৰি, ২০২৩ চনৰ ৬ জানুৱাৰীত ‘ৰেৰা’ই কাৰণ দর্শোৱা জাননী জাৰি কৰে হিম্মৎসিংকাৰ প্ৰতিষ্ঠানক৷ যদিও ‘ৰেৰা’ই উত্তৰৰ বাবে হিম্মৎসিংকাৰ প্ৰতিষ্ঠানক মাত্ৰ ১৪ টা দিনৰ সময় প্ৰদান কৰিছিল। কিন্তু হিম্মৎসিংকাই বাৰে বাৰে অতিৰিক্ত সময় বিচাৰি অৱশেষত ২৯ মে’ত কাৰণ দর্শোৱা জাননীৰ উত্তৰ প্ৰদান কৰে৷ উত্তৰত হিম্মৎসিংকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে কয় যে, যাৱতীয় অনুমোদন লৈয়ে ২০০৯ চনত প্ৰকল্পটো আৰম্ভ কৰা হৈছিল আৰু ২০১৬ চনত ‘ৰেৰা’ আইন বলৱৎ হোৱাৰ পূর্বেই প্ৰকল্পটো সম্পূর্ণ হৈছে৷ এই উত্তৰত ২০১৬ চনৰ পূর্বেই প্ৰকল্পটোৱে সম্পূর্ণতাৰ প্ৰমাণ পত্ৰ আৰু ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত দখলীৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ কথাও অৱগত কৰে প্ৰতিষ্ঠানটোৱে৷

‘ৰেৰা’ক হিম্মৎসিংকাৰ প্ৰতিষ্ঠানে জনোৱা অনুসৰি, প্ৰতিষ্ঠানটোৱে ২০১৫ চনৰ ৩ জুলাইত প্ৰকল্পটোৰ সম্পূর্ণতাৰ প্ৰমাণপত্ৰ লাভ কৰে আৰু সেইদিনাই দখলীৰ প্ৰমাণ পত্ৰৰ বাবে জিএমডিএৰ ওচৰত দাখিল কৰে৷ কিন্তু লক্ষণীয়ভাবে বহু গুৰুত্বপূর্ণ নথি দাখিলত ব্যর্থ হয় প্ৰতিষ্ঠানটো৷ উদাহৰণ স্বৰূপে প্ৰকল্পটোৰ দখলীৰ প্ৰমাণ পত্ৰৰ বাবে আবেদনৰ সময়ত অগ্নিনির্বাপক সেৱাৰ সঞ্চালক আৰু লিফ্ট পৰিদর্শকৰ প্ৰমাণ পত্ৰসহ প্ৰায় ১০ প্ৰকাৰৰ নথি দাখিল কৰিব লাগে৷ কিন্তু দখলীৰ প্ৰমাণপত্ৰত উল্লেখ থকা অনুসৰি প্ৰকল্পটোৰ বাবে লিফ্ট পৰিদশর্কৰ এন অ’ চি ২০১৮ চনৰ ২৩ এপ্ৰিল আৰু অগ্নিনির্বাপক সেৱাৰ সঞ্চালকৰ এন অ’ চি ২০১৮ চনৰ ১৯ জুলাইতহে প্ৰদান কৰা হৈছে৷ ইয়াৰ পৰাই প্ৰমাণ হয় যে, লিফ্ট আৰু অগ্নি সুৰক্ষাৰ দিশসমূহ সম্পূর্ণ হোৱাৰ পূর্বেই প্ৰতিষ্ঠানটোৱে জিএমডিএক সম্পূর্ণতাৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল আৰু ‘ৰেৰা’ আইন বলৱৎ হোৱাৰ সময়লৈকে প্ৰকল্পটো সম্পূর্ণ হোৱা নাছিল৷

সেই অনুসৰি হিম্মৎসিংকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ আইডিয়েল হিল ভিউ প্ৰকল্প ‘ৰেৰা’ত পঞ্জীয়ন কৰাটো বাধ্যতামূলক আছিল৷ কাৰণ ৰিয়েল ইষ্টেট ৰেগুলেট’ৰী এণ্ড ডেভেলপমেণ্ট এক্ট-2016 অনুসৰি, এই আইন গৃহীত হোৱাৰ পূর্বেও নির্মাণ হোৱা প্ৰকল্পইয়ো যদি সম্পূর্ণতাৰ প্ৰমাণপত্ৰ (কমপ্লিটেশ্যন চার্টিফিকেট) লাভ কৰা নাই, তেন্তে ‘চলিত প্ৰকল্প’ হিচাপে সেই প্ৰকল্পৰো পঞ্জীয়ন বাধ্যতামূলক আৰু ৰিয়েল ইষ্টেট ৰেগুলেট’ৰী অথ’ৰিটীৰ ওচৰত পঞ্জীয়ন অবিহনে এনে প্ৰকল্পৰ ক্ষেত্ৰত ক্ৰয়-বিক্ৰয়-বিজ্ঞাপন প্ৰকাশ আদি নিষিদ্ধ৷ ‘ৰেৰা’ই এই গোচৰত হিম্মৎসিংকাৰ প্ৰতিষ্ঠানক আইন উলংঘনৰ অপৰাধত ৫ লাখ টকাৰ জৰিমণা বিহে৷

২০২৪ চনৰ ২৯ জুলাইত ‘ৰেৰাই প্ৰদান কৰা এক ৰায়ৰ তথ্য অনুসৰি, হিম্মৎসিংকা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে জৰিমনাৰ ধন আদায় দিয়ে আৰু গোচৰটো তেতিয়াই সামৰণি পৰে৷ কিন্তু সুবিশাল অট্টালিকাটোৰ নামত আইনৰ চৰম উলংঘাৰ তথ্য ‘ৰেৰা’ৰ এই ৰায়তেই স্পষ্ট হৈ পৰিছে৷

 

আৰু কোন প্ৰতিষ্ঠানে কৰিলে আইন উলংঘা?

মাচকট ৰেচিডেন্সী– ‘ৰেৰা’ৰ ২৮/০৭/২০২২ ৰ এক ৰায় অনুসৰি,২০১৬ চনত ‘ৰেৰা’ আইন বলৱৎৰ সময়ত মাচকূট এনট্ৰেড প্ৰাইভেট লিমিটেডৰ মাচকূট ৰেচিডেন্সি এটা চলিত অথবা নির্মীয়মাণ প্ৰকল্প আছিল যদিও প্ৰকল্পটোৰ বাবে পঞ্জীয়ন কৰা হোৱা নাছিল৷ ইয়াক আইনৰ উলংঘা আখ্যাৰে ৫ লাখ টকাৰ জৰিমনা বিহাৰ ওপৰিও ৩০ দিনৰ ভিতৰত পঞ্জীয়নৰ বাবে আবেদন জনাবলৈ নির্দেশ প্ৰদান কৰে ‘ৰেৰা’ই৷
অলকানন্দা’ছ শর্মা হেইট – মেগাটেক কনষ্ট্ৰাকচনে হাতীগাঁৱত নির্মাণ কৰা অলকানন্দা’ছ শর্মা হেইট নামৰ আৱাসিক প্ৰকল্পটোৰ বাবে কৰা নাছিল পঞ্জীয়ন৷ ২৭/১২/২০২২ ৰ এক নির্দেশনাত প্ৰতিষ্ঠানটোক ২ লাখ টকাৰ জৰিমনাৰে দণ্ডিত কৰিছে ‘ৰেৰা’ই৷

ঠিক একেদৰে প্ৰম’টাৰ সুমিত দেৰ ৰাঙলী ৰেচিডেন্সী, চেণ্টাৰ পইণ্ট, লুইট এপার্টমেণ্ট প্ৰকল্প, মের্চাছ পূর্বাচা বিল্ডাৰছৰ প্ৰকল্প ইন্সপায়াৰ হেইট, মের্চাছ, এবিজি ইনফ্ৰাটেক প্ৰাইভেট লিমিটেডৰ এবিজি হেইটছ আৰু পিবি টেকন’ ট্ৰেড প্ৰাইভেট লিমিটেডৰ তীর্থদ্বীপ এনক্লেভ প্ৰকল্পৰ ক্ষেত্ৰত বিভিন্ন সময়ত নীতি উলংঘাৰ অপৰাধত ‘ৰেৰা’ই জৰিমনাৰে দণ্ডিত কৰাৰ উদাহৰণ আছে৷ ‘ৰেৰা’ই জৰিমনাৰে এই সমূহ নিয়ম উলংঘাকাৰী প্ৰকল্পৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু পৰৱর্তী সময়ত তেওঁলোকে পঞ্জীয়নৰ বাবে আবেদন কৰিছে বা পঞ্জীয়ন ভুক্ত কৰিছে৷ তথাপি ফ্লেট নির্মাণ আৰু ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত যে বিল্ডাৰ-ঠিকাদাৰে বিভিন্ন সময়ত আইনৰ গুৰুতৰ উলংঘা কৰি আহিছে সেই কথা ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে৷

Leave A Reply

Your email address will not be published.