সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বীমাৰ ধন লুণ্ঠন : বৰপেটাত ‘ফেক কিলিঙ’ৰ চাঞ্চল্যকৰ ঘটনা

গৌতম প্ৰতিম গগৈ

অসম৷বিশ্বৰ মানচিত্ৰত এখন সৰু ঠাই৷এই সৰু ঠাইখনৰেই এখন জিলা বৰপেটা৷এতিয়া সেই বৰপেটাৰ কথাই  চর্চালৈ আহিছে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত৷কাৰণ ,ইয়াত অস্তিত্বহীন লোককো হত্যা কৰা হয় , মৃত ব্যক্তিও জী উঠে বাৰে বাৰে ৷ ব্লুমবাৰ্গত উন্মোচিত হৈছে , মৃত ব্যক্তিৰ নামত বীমাৰ পলিচী ক্ৰয় কৰি বা কাল্পনিক ব্যক্তিৰ নামৰ পলিচী ক্ৰয় কৰি জীৱন বীমাৰ ধন লুণ্ঠন কৰাৰ চাঞ্চল্যকৰ কাহিনী ৷ ব্লুমবাৰ্গৰ বাতৰিৰ আধাৰতে প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন-

ইঞ্চুৰেন্সৰ এজেণ্ট স্বামীয়ে মৃত সজালে আমিনাক

- Donation -

চন ২০১৭৷জানুৱাৰী মাহৰ কোনোবা এটা দিনত বৰপেটাৰ আমিনা পার্বিনাৰ ঘৰত উপস্থিত হ’ল দুজন ব্যক্তি৷তেওঁলোকে নিজকে পৰিচয় দিছিল লাইফ ইঞ্চুৰেন্স কোম্পানীৰ ইনভেষ্টিগেটৰ হিচাপে৷ঘৰত তেতিয়া অকলেই  আছিল আমিনা৷তেওঁলোকে এখন পাচপর্ট চাইজ ফটো আৰু এখন মৃত্যুৰ প্ৰমাণ পত্ৰ দেখুৱাই প্ৰশ্ন কৰিলে-আপুনি আমিনাক চিনি পায়নে?আমিনাই উত্তৰ দিলে-ময়েই আমিনা ৷ অৰ্থাৎ আমিনা এতিয়াও জীৱিত৷তেতিয়ালৈ সকলো পৰিস্কাৰ হৈ পৰিছিল৷আমিনা নিশ্চয় কোনোবা প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ বলি হৈছে৷আমিনাৰ ভূৱা মৃত্যৰ প্ৰমাণ পত্ৰ উলিয়াই আমিনাৰ বীমাৰ ধন দাবী কৰা হৈছে৷তেতিয়ালৈ আমিনাই জানিবই পৰা নাছিল যে তেওঁৰ নামত জীৱন বীমাৰ পলিচী আছে৷কিন্তু ইঞ্চুৰেন্স কোম্পানীৰ ইনভেষ্টিগেটৰ দুজনৰ পৰাই আমিনা স্পষ্ট হল যে আমিনাৰ পূর্বৰ স্বামীয়ে আমিনাক মৃত দেখুৱাই জালিয়াতিৰে বীমাৰ ধন দাবী কৰিছে৷

আমিনা পাৰবিন, ফটো – ব্লুমবাৰ্গ

বৰপেটা জিলাত সংঘটিত এই ফেক কিলিং অর্থাৎ ভুৱা মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে ব্লুমাবার্গৰ এক অনুসন্ধানমূলক প্ৰতিবেদনত৷কাল্পনিক মৃত্যুৰ কাহিনী ৰচনা কৰি জালিয়াতিৰে বৰপেটা জিলাত সংঘটিত হৈ আছে জীৱন বীমাৰ পৰা সহজ ধন ঘটাৰ ঘটনা৷এই বৃহৎ কেলেংকাৰীত জড়িত হৈ আছে এটা ফেক কিলিং গেং৷এই গেঙৰ নেতৃত্বতেই কোনো স্বামীয়ে জীৱিত পত্নীক মৃত সজাইছে৷কোনোবা পত্নীয়ে বহুদিন আগতেই মৃত্যু হোৱা স্বামী শেহতীয়াকৈ মৃত্যু হোৱা বুলি দাবী কৰিছে৷কোনোবা যুৱকে সৃষ্টি কৰিছে নিজৰেই এজন কাল্পনিক ভাতৃ৷কাল্পনিক ভাতৃৰ ভূৱা মৃত্যু দাবী কৰি জীৱন বীমা কোম্পানীৰ পৰা লুন্ঠন কৰিছে ধন৷ভূৱা জন্ম অথবা ভূৱা মৃত্যু প্ৰধান অস্ত্ৰ হৈ পৰিছিল এই বৃহৎ কেলেংকাৰীৰ৷

ইছমাইলে সৃষ্টি কৰিলে কাল্পনিক ভাতৃ

বৰপেটা জিলাত ২০১০ চনৰ পৰাই আৰম্ভ হৈছিল জীৱন বীমা কেলেংকাৰী৷এখন চহৰত হোটেল,দোকান পোহাৰ,ব্যক্তিগত স্কুল কলেজ কম সময়ৰ ভিতৰতেই বাঢ়ি যোৱাৰ দৰেই বৰপেটাত কম সময়ৰ ভিতৰতে বিস্তাৰিত হৈ পৰিছিল জীৱন বীমা কেলেংকাৰী৷এই কাহিনীৰ আৰম্ভণি ইছমাইল হুছেইন নামৰ বৰপেটাৰ  এজন যুৱকৰ পৰা৷ঘটনা ২০১১ চনৰ৷ইছমাইল হুছেইনৰ কাষ চাপিছিল মানিক আলি নামৰ এজন ইঞ্চুৰেন্স কোম্পেনীৰ এজেন্ট৷সেই মানিক আলিয়েই ইছমাইল হুছেইনক পৰামর্শ দিছিল এজন কাল্পনিক আত্মীয়ৰ এটা চৰিত্ৰ সৃষ্টিৰ বাবে ৷ইয়াৰ পিছতেই ইছমাইল হুছেইনে সৃষ্টি কৰিলে ভূৱা ভাতৃৰ এটা কাল্পনিক চৰিত্ৰ৷জালিয়াতিৰে প্ৰস্তুত কৰা হ’ল ভাতৃৰ জন্মৰ প্ৰমানপত্ৰ৷স্থানীয় বিদ্যালয় এখনৰ প্ৰধান শিক্ষকক উৎকোচ প্ৰদান কৰি কাল্পনিক ভাতৃয়ে ২০০৪ চনত স্নাতক ডিগ্ৰী লাভ কৰা বুলি প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা হল৷ইয়াৰ পিছত ভাতৃৰ নামত ক্ৰয় কৰা হল  আভিভা লাইফ ইঞ্চুৰেন্স কোম্পানীৰ পৰা এখন ইঞ্চুৰেন্স পলিচী৷কাহিনী অনুসৰিয়েই ২০১২ চনৰ ৩০ চেপ্টেম্বৰত ভুৱা হত্যা কৰা হল ইছমাইল হুছেইনৰ কাল্পনিক ভাতৃক৷প্ৰস্তুত কৰা হল ভাতৃৰ ভুৱা মৃত্যুৰ প্ৰমাণপত্ৰ৷আৰু ৫ বছৰৰ পিছত দাবী কৰা হল জীৱন বীমা পলিচীৰ ধন৷

ইছমাইল হুছেইনে  দিয়া ভাষ্য অনুসৰি,ইঞ্চুৰেন্স এজেন্ট মানিক আলি এই প্ৰৱঞ্চনাত অভিজ্ঞ হৈ উঠিছিল৷ অসুস্থ ব্যক্তি,মৃত ব্যক্তি অথবা কাল্পনিক ব্যক্তিৰ নামত জীৱন বীমাৰ পলিচী ক্ৰয় কৰা হৈছিল৷চিকিৎসালয় কর্তৃপক্ষ অথবা আৰক্ষীকো কোনো ক্ষেত্ৰত মেনেজ কৰা হৈছিল৷এনেদৰেই বৰপেটা জিলাত জীৱন বীমাৰ ধন লুন্ঠনৰ এটা প্ৰক্ৰিয়া সক্ৰিয় হৈ উঠিছিল৷অশিক্ষিত বা শিক্ষিত বহু যুৱক হৈ পৰিছিল ইঞ্চুৰেন্সৰ এজেন্ট আৰু আৰম্ভ কৰিছিল মানুহৰ ভূৱা মৃত্যু৷

মফিদাৰ মৃত স্বামী আকৌ জী উঠিল

বৰপেটাত সক্ৰিয় হৈ উঠা  ফেক কিলিং গ্ৰুপ  উপস্থিত হল মফিদা খাতুনৰ বাসগৃহত৷ঘটনা ২০১৪ চনৰ৷২০১৪ চনৰ ১৪ এপ্ৰিলত এটা পাৱাৰ লাইনৰ পৰা পৰি মৃত্যু হৈছিল মফিদাৰ স্বামী তথা ইলেক্ট্ৰিচিয়ান  নৱাব আলী৷বিদ্যুৎষ্পৃষ্ট হোৱা নৱাবক প্ৰথমে লৈ যোৱা হৈছিল এখন চিকিৎসালয়লৈ৷সেইসময়ত নৱাবে পৰিধান কৰি আছিল আকাশী ৰঙৰ এটা চার্ট৷বিদ্যুৎষ্পৃষ্ট হৈ মৃত্যু হোৱা নৱাবক পৰবর্তী সময়ত ঘৰৰ চৌহদতে সমাধিষ্ঠ কৰা হৈছিল৷

তাৰ কেইবাদিনো পিছত মফিদাৰ ঘৰত উপস্থিত হল চাৰিজন ব্যক্তি৷ইয়াৰে এজন আছিল ইছমাইল হুছেইন আৰু আন এজন মানিক আলী৷তেওলোকে মফিদাক আগবঢ়ালে সহজে ধন ঘটাৰ এটা উপায়৷নৱাবৰ এখন জীৱন বীমা পলিচী আছিলেই৷কিন্তু বীমাৰ ধন দুগুনে লাভ কৰাৰ প্ৰলোভন দিলে ইছমাইলহঁতে৷তাৰপাছতেই নবাবৰ ভোটাৰ আইডি কার্ড আৰু শেষবাৰলৈ নৱাবে বীমাৰ ধন পৰিশোধ কৰা ৰছিদসহ কেইবাখনো উকা কাগজত স্বাক্ষৰ ললে মফিদাৰ পৰা৷তাৰ জৰিয়তেই নবাব আলিৰ নামত ৫ টা কোম্পানীৰ পৰা ক্ৰয় কৰা হল অতিৰিক্ত ৬ টা ইঞ্চুৰেন্স পলিচী৷কিন্তু বীমাৰ ধন দাবীৰ বাবে প্ৰয়োজন হল নৱাবৰ পুনৰ মৃত্যুৰ৷নবাব আলীৰ প্ৰকৃত মৃত্যুৰ চাৰিমাহ পিছত একেখন চিকিৎসালয়তে একে নামতে ভর্তি হল আন এজন ব্যক্তি৷কিন্তু এইবাৰ ব্যক্তিজনে পৰিধান কৰিছিল বগা পোছাক৷ব্যক্তিজনৰ মৃত্যুৰ কাৰণ আছিল মূৰত পোৱা আঘাত৷চিকিৎসালয়ৰ নথিত নৱাব আলিৰ ভাতৃ একাব্বৰ আলীৰ নামত স্বাক্ষৰ কৰিছিল  মানিক আলিয়ে৷উল্লেখ্য যে মৃত্যুৰ প্ৰমাণ পত্ৰত স্বাক্ষৰ কৰিছিল সিদিনা কৰ্তব্যত নথকা মানিক আলীৰ ঘণিষ্ঠ চিকিৎসক চহিদুল ইছলামে৷২০১৪ চনৰ পৰা ২০১৭ চনলৈ নবাব আলীৰ পত্নীৰ একাউন্টত ইঞ্চুৰেন্স কোম্পানীৰ পৰা প্ৰায় ১৭ লাখ টকা জমা হৈছিল৷কিন্তু ইয়াৰে ১৫ লাখৰো অধিক ধন এই গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈ থকা চক্ৰটোয়ে লাভ কৰিছিল আৰু মফিদাই লাভ কৰিছিল মাত্ৰ দুই লাখ টকা৷

একাব্বৰ আলী, ফটো – ব্লুমবাৰ্গ

বৰপেটাই ফেক কিলিঙৰ অভিকেন্দ্ৰ

আৰক্ষীৰ হাতত ইতিমধ্যে ইছমাইল হুছেইন,মানিক আলীসহ কেইবাগৰাকী লোক গ্ৰেপ্তাৰ ৷এই সন্দর্ভত তদন্তও অব্যাহত আছে৷প্ৰতিবেদনৰ আৰম্ভনিতেই উল্লেখ কৰা হৈছিল আমিনা পার্বিনাৰ ঘটনা৷ইঞ্চুৰেন্স এজেণ্টে আহি জীৱিত অৱস্থাতেই পাইছিল অমিনাক ৷আমিনাৰ স্বামী এজন ইঞ্চুৰেন্স এজেণ্ট আছিল৷স্বামীয়ে নিজেই পত্নীক মৃত সজাই দাবী কৰিছিল বীমাৰ ধন৷গাওবুঢ়াই দিয়া ভাষ্য অনুসৰি,আমিনাৰ স্বামী সপোৰ আলীয়ে ৫০০ ৰো অধিক ইঞ্চুৰেন্স পলিচী কৰাইছিল৷ইয়াৰ ভিতৰত কিমান পলিচী ভুৱা আছিল অথবা কিমান সঁচা আছিল, সেয়া তদন্তই ক’ব৷কিন্তু এইদৰেই অসমৰ বৰপেটা জিলাত জীৱন বীমাৰ ধন লুণ্ঠনৰ বাবে ঘটিছিল ইটোৰ পিছত সিটো ফেক কিলিঙৰ ঘটনা৷যি ঘটনাই দখল কৰিছে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম ৷

 

 

Leave A Reply

Your email address will not be published.