বীমাৰ ধন লুণ্ঠন : বৰপেটাত ‘ফেক কিলিঙ’ৰ চাঞ্চল্যকৰ ঘটনা

Share This Article

অসম৷বিশ্বৰ মানচিত্ৰত এখন সৰু ঠাই৷এই সৰু ঠাইখনৰেই এখন জিলা বৰপেটা৷এতিয়া সেই বৰপেটাৰ কথাই  চর্চালৈ আহিছে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত৷কাৰণ ,ইয়াত অস্তিত্বহীন লোককো হত্যা কৰা হয় , মৃত ব্যক্তিও জী উঠে বাৰে বাৰে ৷ ব্লুমবাৰ্গত উন্মোচিত হৈছে , মৃত ব্যক্তিৰ নামত বীমাৰ পলিচী ক্ৰয় কৰি বা কাল্পনিক ব্যক্তিৰ নামৰ পলিচী ক্ৰয় কৰি জীৱন বীমাৰ ধন লুণ্ঠন কৰাৰ চাঞ্চল্যকৰ কাহিনী ৷ ব্লুমবাৰ্গৰ বাতৰিৰ আধাৰতে প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন-

ইঞ্চুৰেন্সৰ এজেণ্ট স্বামীয়ে মৃত সজালে আমিনাক

চন ২০১৭৷জানুৱাৰী মাহৰ কোনোবা এটা দিনত বৰপেটাৰ আমিনা পার্বিনাৰ ঘৰত উপস্থিত হ’ল দুজন ব্যক্তি৷তেওঁলোকে নিজকে পৰিচয় দিছিল লাইফ ইঞ্চুৰেন্স কোম্পানীৰ ইনভেষ্টিগেটৰ হিচাপে৷ঘৰত তেতিয়া অকলেই  আছিল আমিনা৷তেওঁলোকে এখন পাচপর্ট চাইজ ফটো আৰু এখন মৃত্যুৰ প্ৰমাণ পত্ৰ দেখুৱাই প্ৰশ্ন কৰিলে-আপুনি আমিনাক চিনি পায়নে?আমিনাই উত্তৰ দিলে-ময়েই আমিনা ৷ অৰ্থাৎ আমিনা এতিয়াও জীৱিত৷তেতিয়ালৈ সকলো পৰিস্কাৰ হৈ পৰিছিল৷আমিনা নিশ্চয় কোনোবা প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ বলি হৈছে৷আমিনাৰ ভূৱা মৃত্যৰ প্ৰমাণ পত্ৰ উলিয়াই আমিনাৰ বীমাৰ ধন দাবী কৰা হৈছে৷তেতিয়ালৈ আমিনাই জানিবই পৰা নাছিল যে তেওঁৰ নামত জীৱন বীমাৰ পলিচী আছে৷কিন্তু ইঞ্চুৰেন্স কোম্পানীৰ ইনভেষ্টিগেটৰ দুজনৰ পৰাই আমিনা স্পষ্ট হল যে আমিনাৰ পূর্বৰ স্বামীয়ে আমিনাক মৃত দেখুৱাই জালিয়াতিৰে বীমাৰ ধন দাবী কৰিছে৷

আমিনা পাৰবিন, ফটো – ব্লুমবাৰ্গ

বৰপেটা জিলাত সংঘটিত এই ফেক কিলিং অর্থাৎ ভুৱা মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে ব্লুমাবার্গৰ এক অনুসন্ধানমূলক প্ৰতিবেদনত৷কাল্পনিক মৃত্যুৰ কাহিনী ৰচনা কৰি জালিয়াতিৰে বৰপেটা জিলাত সংঘটিত হৈ আছে জীৱন বীমাৰ পৰা সহজ ধন ঘটাৰ ঘটনা৷এই বৃহৎ কেলেংকাৰীত জড়িত হৈ আছে এটা ফেক কিলিং গেং৷এই গেঙৰ নেতৃত্বতেই কোনো স্বামীয়ে জীৱিত পত্নীক মৃত সজাইছে৷কোনোবা পত্নীয়ে বহুদিন আগতেই মৃত্যু হোৱা স্বামী শেহতীয়াকৈ মৃত্যু হোৱা বুলি দাবী কৰিছে৷কোনোবা যুৱকে সৃষ্টি কৰিছে নিজৰেই এজন কাল্পনিক ভাতৃ৷কাল্পনিক ভাতৃৰ ভূৱা মৃত্যু দাবী কৰি জীৱন বীমা কোম্পানীৰ পৰা লুন্ঠন কৰিছে ধন৷ভূৱা জন্ম অথবা ভূৱা মৃত্যু প্ৰধান অস্ত্ৰ হৈ পৰিছিল এই বৃহৎ কেলেংকাৰীৰ৷

ইছমাইলে সৃষ্টি কৰিলে কাল্পনিক ভাতৃ

বৰপেটা জিলাত ২০১০ চনৰ পৰাই আৰম্ভ হৈছিল জীৱন বীমা কেলেংকাৰী৷এখন চহৰত হোটেল,দোকান পোহাৰ,ব্যক্তিগত স্কুল কলেজ কম সময়ৰ ভিতৰতেই বাঢ়ি যোৱাৰ দৰেই বৰপেটাত কম সময়ৰ ভিতৰতে বিস্তাৰিত হৈ পৰিছিল জীৱন বীমা কেলেংকাৰী৷এই কাহিনীৰ আৰম্ভণি ইছমাইল হুছেইন নামৰ বৰপেটাৰ  এজন যুৱকৰ পৰা৷ঘটনা ২০১১ চনৰ৷ইছমাইল হুছেইনৰ কাষ চাপিছিল মানিক আলি নামৰ এজন ইঞ্চুৰেন্স কোম্পেনীৰ এজেন্ট৷সেই মানিক আলিয়েই ইছমাইল হুছেইনক পৰামর্শ দিছিল এজন কাল্পনিক আত্মীয়ৰ এটা চৰিত্ৰ সৃষ্টিৰ বাবে ৷ইয়াৰ পিছতেই ইছমাইল হুছেইনে সৃষ্টি কৰিলে ভূৱা ভাতৃৰ এটা কাল্পনিক চৰিত্ৰ৷জালিয়াতিৰে প্ৰস্তুত কৰা হ’ল ভাতৃৰ জন্মৰ প্ৰমানপত্ৰ৷স্থানীয় বিদ্যালয় এখনৰ প্ৰধান শিক্ষকক উৎকোচ প্ৰদান কৰি কাল্পনিক ভাতৃয়ে ২০০৪ চনত স্নাতক ডিগ্ৰী লাভ কৰা বুলি প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা হল৷ইয়াৰ পিছত ভাতৃৰ নামত ক্ৰয় কৰা হল  আভিভা লাইফ ইঞ্চুৰেন্স কোম্পানীৰ পৰা এখন ইঞ্চুৰেন্স পলিচী৷কাহিনী অনুসৰিয়েই ২০১২ চনৰ ৩০ চেপ্টেম্বৰত ভুৱা হত্যা কৰা হল ইছমাইল হুছেইনৰ কাল্পনিক ভাতৃক৷প্ৰস্তুত কৰা হল ভাতৃৰ ভুৱা মৃত্যুৰ প্ৰমাণপত্ৰ৷আৰু ৫ বছৰৰ পিছত দাবী কৰা হল জীৱন বীমা পলিচীৰ ধন৷

ইছমাইল হুছেইনে  দিয়া ভাষ্য অনুসৰি,ইঞ্চুৰেন্স এজেন্ট মানিক আলি এই প্ৰৱঞ্চনাত অভিজ্ঞ হৈ উঠিছিল৷ অসুস্থ ব্যক্তি,মৃত ব্যক্তি অথবা কাল্পনিক ব্যক্তিৰ নামত জীৱন বীমাৰ পলিচী ক্ৰয় কৰা হৈছিল৷চিকিৎসালয় কর্তৃপক্ষ অথবা আৰক্ষীকো কোনো ক্ষেত্ৰত মেনেজ কৰা হৈছিল৷এনেদৰেই বৰপেটা জিলাত জীৱন বীমাৰ ধন লুন্ঠনৰ এটা প্ৰক্ৰিয়া সক্ৰিয় হৈ উঠিছিল৷অশিক্ষিত বা শিক্ষিত বহু যুৱক হৈ পৰিছিল ইঞ্চুৰেন্সৰ এজেন্ট আৰু আৰম্ভ কৰিছিল মানুহৰ ভূৱা মৃত্যু৷

মফিদাৰ মৃত স্বামী আকৌ জী উঠিল

বৰপেটাত সক্ৰিয় হৈ উঠা  ফেক কিলিং গ্ৰুপ  উপস্থিত হল মফিদা খাতুনৰ বাসগৃহত৷ঘটনা ২০১৪ চনৰ৷২০১৪ চনৰ ১৪ এপ্ৰিলত এটা পাৱাৰ লাইনৰ পৰা পৰি মৃত্যু হৈছিল মফিদাৰ স্বামী তথা ইলেক্ট্ৰিচিয়ান  নৱাব আলী৷বিদ্যুৎষ্পৃষ্ট হোৱা নৱাবক প্ৰথমে লৈ যোৱা হৈছিল এখন চিকিৎসালয়লৈ৷সেইসময়ত নৱাবে পৰিধান কৰি আছিল আকাশী ৰঙৰ এটা চার্ট৷বিদ্যুৎষ্পৃষ্ট হৈ মৃত্যু হোৱা নৱাবক পৰবর্তী সময়ত ঘৰৰ চৌহদতে সমাধিষ্ঠ কৰা হৈছিল৷

তাৰ কেইবাদিনো পিছত মফিদাৰ ঘৰত উপস্থিত হল চাৰিজন ব্যক্তি৷ইয়াৰে এজন আছিল ইছমাইল হুছেইন আৰু আন এজন মানিক আলী৷তেওলোকে মফিদাক আগবঢ়ালে সহজে ধন ঘটাৰ এটা উপায়৷নৱাবৰ এখন জীৱন বীমা পলিচী আছিলেই৷কিন্তু বীমাৰ ধন দুগুনে লাভ কৰাৰ প্ৰলোভন দিলে ইছমাইলহঁতে৷তাৰপাছতেই নবাবৰ ভোটাৰ আইডি কার্ড আৰু শেষবাৰলৈ নৱাবে বীমাৰ ধন পৰিশোধ কৰা ৰছিদসহ কেইবাখনো উকা কাগজত স্বাক্ষৰ ললে মফিদাৰ পৰা৷তাৰ জৰিয়তেই নবাব আলিৰ নামত ৫ টা কোম্পানীৰ পৰা ক্ৰয় কৰা হল অতিৰিক্ত ৬ টা ইঞ্চুৰেন্স পলিচী৷কিন্তু বীমাৰ ধন দাবীৰ বাবে প্ৰয়োজন হল নৱাবৰ পুনৰ মৃত্যুৰ৷নবাব আলীৰ প্ৰকৃত মৃত্যুৰ চাৰিমাহ পিছত একেখন চিকিৎসালয়তে একে নামতে ভর্তি হল আন এজন ব্যক্তি৷কিন্তু এইবাৰ ব্যক্তিজনে পৰিধান কৰিছিল বগা পোছাক৷ব্যক্তিজনৰ মৃত্যুৰ কাৰণ আছিল মূৰত পোৱা আঘাত৷চিকিৎসালয়ৰ নথিত নৱাব আলিৰ ভাতৃ একাব্বৰ আলীৰ নামত স্বাক্ষৰ কৰিছিল  মানিক আলিয়ে৷উল্লেখ্য যে মৃত্যুৰ প্ৰমাণ পত্ৰত স্বাক্ষৰ কৰিছিল সিদিনা কৰ্তব্যত নথকা মানিক আলীৰ ঘণিষ্ঠ চিকিৎসক চহিদুল ইছলামে৷২০১৪ চনৰ পৰা ২০১৭ চনলৈ নবাব আলীৰ পত্নীৰ একাউন্টত ইঞ্চুৰেন্স কোম্পানীৰ পৰা প্ৰায় ১৭ লাখ টকা জমা হৈছিল৷কিন্তু ইয়াৰে ১৫ লাখৰো অধিক ধন এই গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈ থকা চক্ৰটোয়ে লাভ কৰিছিল আৰু মফিদাই লাভ কৰিছিল মাত্ৰ দুই লাখ টকা৷

একাব্বৰ আলী, ফটো – ব্লুমবাৰ্গ

বৰপেটাই ফেক কিলিঙৰ অভিকেন্দ্ৰ

আৰক্ষীৰ হাতত ইতিমধ্যে ইছমাইল হুছেইন,মানিক আলীসহ কেইবাগৰাকী লোক গ্ৰেপ্তাৰ ৷এই সন্দর্ভত তদন্তও অব্যাহত আছে৷প্ৰতিবেদনৰ আৰম্ভনিতেই উল্লেখ কৰা হৈছিল আমিনা পার্বিনাৰ ঘটনা৷ইঞ্চুৰেন্স এজেণ্টে আহি জীৱিত অৱস্থাতেই পাইছিল অমিনাক ৷আমিনাৰ স্বামী এজন ইঞ্চুৰেন্স এজেণ্ট আছিল৷স্বামীয়ে নিজেই পত্নীক মৃত সজাই দাবী কৰিছিল বীমাৰ ধন৷গাওবুঢ়াই দিয়া ভাষ্য অনুসৰি,আমিনাৰ স্বামী সপোৰ আলীয়ে ৫০০ ৰো অধিক ইঞ্চুৰেন্স পলিচী কৰাইছিল৷ইয়াৰ ভিতৰত কিমান পলিচী ভুৱা আছিল অথবা কিমান সঁচা আছিল, সেয়া তদন্তই ক’ব৷কিন্তু এইদৰেই অসমৰ বৰপেটা জিলাত জীৱন বীমাৰ ধন লুণ্ঠনৰ বাবে ঘটিছিল ইটোৰ পিছত সিটো ফেক কিলিঙৰ ঘটনা৷যি ঘটনাই দখল কৰিছে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.