সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EXCLUSIVE : মন্ত্ৰী পীযূষ হাজৰিকাৰ ঘৰত মুম্বাইৰ ব্যৱসায়ীৰ ৬৮ লাখ টকীয়া গাড়ী

মণীষা কলিতা , গুৱাহাটী , ১২ ছেপ্তেম্বৰ :

 

মুম্বাইৰ এজন ব্যৱসায়ী , জাগীৰোডত নিৰ্মীয়মাণ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ঔষধ নিৰ্মাণকাৰী কোম্পেনী আৰু অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই ব্যৱহাৰ কৰা এখন  গাড়ীয়ে এতিয়া কেইবাটাও বিস্ফোৰক প্ৰশ্নৰ উত্থাপন কৰিছে ৷এই বিশেষ গাড়ীখন অত্যাধুনিক, বিলাসী, ব্যয়বহুল । অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই চৰকাৰী ভ্ৰমণত  ব্যৱহাৰ কৰা দেখা যায় এই  বিলাসী গাড়ীখন। মন্ত্ৰী পীযূষ হাজৰিকাৰ পৰিয়ালেও ব্যৱহাৰ কৰে এইখন গাড়ী। মন্ত্ৰী হাজৰিকাৰ পত্নীৰ ফটো চেচনতো দেখিবলৈ পোৱা গৈছে গাড়ীখন।  অৰ্থাৎ চৰকাৰীভাৱেই হওঁক অথবা পাৰিবাৰিক কাৰণতেই হওঁক মন্ত্ৰী হাজৰিকাই সঘনৰূপত ব্যৱহাৰ কৰে গাড়ীখন।

- Donation -

এই বিলাসী গাড়ীখন হৈছে – জীপ ৰেংলাৰ (Jeep Wrangler )ৰঅত্যাধুনিক মডেল ৰুবিকন ( Rubicon) ৷ য’ত এতিয়া  সঘনে দেখিবলৈ পোৱা যায় পীযূষ হাজৰিকা অথবা তেওঁৰ পৰিয়ালক। মন্ত্ৰী পীযূষ হাজৰিকাই ব্যৱহাৰ কৰা জীপ ৰেংলাৰ ৰুবিকন নামৰ অত্যাধুনিক বিলাসী গাড়ীখনৰ নম্বৰ  হ’ল AS01EX1111। জীপ ৰেংলাৰ ৰুবিকন (Jeep Wrangler  Rubicon) মডেলৰ গাড়ীখন ৰাজ্যৰ ৰাজপথত চলিবলৈ  সৰ্বমুঠ মূল্য হয়গৈ ৬৪.২৬ লাখ টকাৰ পৰা ৬৮.৭৯ লাখ টকা পৰ্যন্ত ।   বিগত বিধানসভা  নিৰ্বাচনৰ সময়ত মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শপতনামাত পীযূষ হাজৰিকাই এই অত্যাধুনিক বিলাসী গাড়ীখন সন্দৰ্ভত কোনো তথ্য  উল্লেখ কৰা নাছিল । অৱশ্যে মন্ত্ৰীত্ব লাভৰ পাছতো মন্ত্ৰী হাজৰিকাই এই গাড়ীখন ব্যৱহাৰ কৰিব পাৰে। কিন্ত পীযূষ হাজৰিকাৰ  চৰকাৰী কাৰ্যসূচীতো সঘনে   ব্যৱহাৰ কৰা এই বিলাসী গাড়ীখন মন্ত্ৰীগৰাকীৰ নিজৰেইনে? তাৰ পৰাই আৰম্ভ হয় মূল প্ৰশ্ন।

পৰিবহন বিভাগৰ তথ্য অনুসৰি , AS01EX1111 নম্বৰৰ এই বিলাসী জীপ ৰেংলাৰ ৰুবিকন গাড়ীখন পঞ্জীয়ন হৈছে জে আৰ এন কনট্ৰেক্টছ এণ্ড ফাৰ্মা( JRN Contracts & Pharma)ৰ নামত। কিন্ত প্ৰশ্ন হৈছে এটা কোম্পানীৰ নামত পঞ্জীয়নকৃত গাড়ী মন্ত্ৰী পীযূষ হাজৰিকাই ব্যৱহাৰ কৰিছে কিয়? কোন আছে  এই জে আৰ এন কনট্ৰেক্টছ এণ্ড ফাৰ্মাৰ আঁৰত? জে আৰ এন কনট্ৰেক্টছ এণ্ড ফাৰ্মাৰ আঁৰৰ ব্যক্তি কোন , সেয়া জানিবৰ বাবে দ্য ক্ৰছকাৰেন্টে সহায় ল’লে মিনিষ্ট্ৰী অৱ কৰ্পোৰেট এফেয়াৰ্ছৰ ৷

৬৮ লাখ টকীয়া গাড়ীৰ গৰাকী মুম্বাইৰ ব্যৱসায়ী জিত নাৰায়ন শ্ৰীবাস্তৱ

মিনিষ্ট্ৰী অৱ কৰ্পোৰেট এফেয়াৰ্ছৰ তথ্য অনুসৰি ,জে আৰ এন কনট্ৰেক্টছ এণ্ড ফাৰ্মা নামৰ কোম্পেনীটো গঠন হৈছিল ২০১৯ চনৰ ১৪ মে’ত ৷ প্ৰথমাৱস্থাত এই কোম্পেনীটোৰ নাম আছিল জে আৰ এন কনট্ৰেক্টছ(অ’ পি চি ) প্ৰাইভেট লিমিটেড ৷ তাৰ পাছত ২০২০ চনৰ ২২ মে’ত কোম্পেনীটোৰ নাম সলনি কৰা হয় জে আৰ এন কনট্ৰেক্টছ এণ্ড ফাৰ্মাচিউটিকেল(অ’ পি চি) প্ৰাইভেট লিমিটেডলৈ ৷ এই  কোম্পেনীটোৰ কৰ্পোৰেট আইডেন্টিফিকেশ্যন নম্বৰ হ’ল U45209AS2019OPC019228।  সঞ্চালকৰ আসনত আছে  জিত নাৰায়ণ শ্ৰীবাস্তৱ নামৰ এজন ব্যক্তি ।তেওঁৰ ঠিকনা হ’ল – ৪০২, সুৰয পাৰ্ক , প্লট নম্বৰ ৭৬/৭৭ , চেক্টৰ ৩৫ , কামোথে , নৱী মুম্বাই , কালম্বলী নোড , ৰাইগড় মুম্বাই ৪১০২১৮ ৷আনহাতে , কোম্পেনীটোৰ পঞ্জীয়নভুক্ত ঠিকনা হ’ল –বৰগাঁও , কিলিঙ ভেলী , জাগীৰোড, মৰিগাঁও – ৭৮২৪১৩ ৷  এই নথিৰ পৰাই ওলাই পৰে যে মুম্বাইৰ ব্যৱসায়ী জিত নাৰায়ন শ্ৰীবাস্তৱে মন্ত্ৰী পীযূষ হাজৰিকাৰ সমষ্টিত শেহতীয়াকৈ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে ৷ কম দিনৰ ভিতৰতে তেওঁ ঠিকাদাৰী খণ্ডৰ পৰা আহি ফাৰ্মাচিউটিকেল খণ্ডৰ ব্যৱসায়তো নামি পৰে ৷ যাৰ বাবে কোম্পেনীৰ নামো সলনি কৰি লয়  ৷  এতিয়া মুম্বাইৰ জিত নাৰায়নৰ কোম্পেনীৰ নামত থকা অত্যাধুনিক বাহনত ঘূৰি ফুৰা দেখা যায় অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাক ৷

 

জিত নাৰায়ন শ্ৰীবাস্তৱক  অসমৰ বালি মহল আবন্টন

জিত নাৰায়ন শ্ৰীবাস্তৱে  অসম চৰকাৰৰ পৰা  কেবাটাও  বালি মহলৰ আবন্টনো  লাভ কৰিছে ৷ ইয়াৰ ভিতৰত অন্যতম হ’ল নগাও জিলাৰ ধৰমতুলৰ এটা বালি মহল ৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ হাতত পৰা নথি অনুসৰি , ধৰমতুল পশ্চিম খণ্ডৰ বালাকুছি বালিমহলৰ খননৰ আবন্টন লাভ কৰিছিল  মুম্বাইৰ জিত নাৰায়ন শ্ৰীবাস্তৱে ৷ তেওঁৰ কোম্পেনী জে আৰ এন কনট্ৰেক্টছ এণ্ড প্ৰাইভেট লিমিটেডক প্ৰয়োজনীয় পাৰিৱেশিক অনুমতি দিবলৈ ২০২০ চনৰ ২২ ডিচেম্বৰত নগাওৰ ডি এফ অ’ ৰাজেন চৌধুৰীয়ে এখন পত্ৰ প্ৰেৰণ কৰিছিল ষ্টেট এনভাইৰণমেন্ট ইমপেক্ট এছেছমেন্ট অথৰিটীৰ  অধ্যক্ষলৈ ৷ এই পত্ৰত উল্লেখ আছে যে  দুবছৰৰ বাবে ৩০হাজাৰ কিউবিক মিটাৰ বালি খননৰ আবন্টন লাভ কৰিছে এইগৰাকী জিত নাৰায়ন শ্ৰীবাস্তৱে ৷

ইয়াৰ এটা দিন পাছতেই অৰ্থাৎ ২০২০ চনৰ ২১ ডিচেম্বৰত হামৰেনৰ ডি এফ অ’ আৰ ইংতিয়ে ষ্টেট এনভাইৰণমেন্ট ইমপেক্ট এছেছমেন্ট অথৰিটীৰ  অধ্যক্ষলৈ প্ৰেৰণ কৰে আন এখন পত্ৰ ৷ এই পত্ৰত উল্লেখ কৰা হয় যে জিত নাৰায়ন শ্ৰীবাস্তৱক পশ্চিম কাৰ্বি আংলঙৰ আমছৰলী নৈত দুবছৰৰ বাবে ১৩ হাজাৰ কিউবিক মিটাৰ বালি খননৰ বাবে প্ৰয়োজনীয় পাৰিৱেশিক অনুমতি প্ৰদান কৰিব লাগে ৷   জাগীৰোডৰ বৰগাঁৱত এটা ঔষধ নিৰ্মানৰ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিবৰ বাবে এই বালিৰ প্ৰয়োজন বুলি পত্ৰখনত উল্লেখ কৰা হয় ৷

এই পত্ৰৰ পৰা আন এটা তথ্য পোহৰলৈ আহে যে পীযূষ হাজৰিকাৰ সমষ্টি জাগীৰোডত এই ঔষধ কোম্পানী প্ৰতিষ্ঠা কৰিছে  কৰিছে মুম্বাইৰ ব্যৱসায়ী জিত নাৰায়ন শ্ৰীবাস্তৱে ৷ এই কোম্পেনীটো হ’ল উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ঔষধ নিৰ্মানকাৰী প্ৰতিষ্ঠান ৷ বিগত ২৫ মে’ত এই কোম্পেনীটো পৰিদৰ্শন কৰিছিল মন্ত্ৰী পীযূষ হাজৰিকাই ৷ এই উদ্যোগ প্ৰতিষ্ঠা কৰা কোম্পেনী জে আৰ এন কনট্ৰেক্টছ এণ্ড ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেডৰ নামত থকা বিলাসী জীপ ৰেংলাৰ ৰুবিকন গাড়ীতেই ঘূৰি ফুৰা দেখা যায় অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাক ৷

পীযূষ হাজৰিকাৰ ওচৰলৈ কেনেকৈ আহিল জিত নাৰায়ন শ্ৰীবাস্তৱৰ গাড়ী ?

স্বাভাৱিকতে প্ৰশ্ন হ’ব – মুম্বাইৰ জিত নাৰায়ন শ্ৰীবাস্তৱৰ ব্যক্তিগত কোম্পেনীৰ বাহনখন কেনেকৈ আৰু  কিয় চৰকাৰী ভ্ৰমণত ব্যৱহাৰ কৰি আছে মন্ত্ৰী পীযূষ হাজৰিকাই ? এইগৰাকী জিত নাৰায়ন শ্ৰীবাস্তৱৰ লগত কি সম্পৰ্ক মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ? জিত নাৰায়ন শ্ৰীবাস্তৱৰ জে আৰ এন কনট্ৰেক্টছ এণ্ড ফাৰ্মাৰ নামত পঞ্জীয়নকৃত গাড়ীখন কেনেকৈ আহিল মন্ত্ৰী পীযূষ হাজৰিকাৰ ওচৰলৈ ? গাড়ীৰ বিনিময়ত জিত নাৰায়ন শ্ৰীবাস্তৱে লাভ কৰিছে নেকি কিবা বিশেষ চৰকাৰী সুবিধা ?  মন্ত্ৰী হাজৰিকাই গাড়ীখন উপহাৰ হিচাপে লৈছে নে ভাড়া গাড়ী হিচাপে ব্যৱহাৰ কৰিছে? যদিহে চৰকাৰী কামত জীপ ৰেংলাৰ ৰুবিকন  মডেলৰ গাড়ীখন ভাড়াত ব্যৱহাৰ কৰিছে, তেন্তে সেই ব্যয় কোনে বহন কৰিছে? যদিহে মন্ত্ৰীয়ে এই বিলাসী গাড়ীখন ভাড়ালৈ লৈ ব্যৱহাৰ কৰা বুলি কয় ,তেনেহ’লে আকৌ এটা স্বতঃস্ফূৰ্ত প্ৰশ্ন- বিলাসী ৰুবিকন  গাড়ীখনৰ ভাড়া চৰকাৰেই বহন কৰিব নালাগিবনে?  অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ   ৰাজকোষৰ ধনেৰে মন্ত্ৰী হাজৰিকাই ব্যয়বহুল গাড়ী ব্যৱহাৰ কৰাটো উচিতনে ? কাৰণ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাক সচিবালয় প্ৰশাসনৰ পৰা দুখন বুলেটপ্ৰুফ লেণ্ড ৰ’ভাৰ গাড়ী প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্ত মুখ্যমন্ত্ৰী শৰ্মাই বুলেটপ্ৰুফ লেণ্ড ৰ’ভাৰৰ পৰিৱৰ্তে ফৰচুনাৰ গাড়ীহে ল’বলৈ মান্তি হৈছিল। এনে পৰিপ্ৰেক্ষিততেই এই প্ৰশ্ন স্বাভাৱিক যে মন্ত্ৰী পীযূষ হাজৰিকাই জে আৰ এন কনট্ৰেক্টছ এণ্ড ফাৰ্মাৰ নামত পঞ্জীয়নকৃত গাড়ী এখন কেনেকৈ ব্যৱহাৰ কৰিছে? এই প্ৰশ্নসমূহৰ উত্তৰ নিশ্চয় মন্ত্ৰী পীযূষ হাজৰিকাই দিয়া উচিত ৷

Leave A Reply

Your email address will not be published.