পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু!

Share This Article

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ মৃত্যু! দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰি প্ৰকাশ পাইছে৷ পাকিস্তানৰ দশম গৰাকী ৰাষ্ট্ৰপতি আছিল পাৰভেজ মুছাৰফ। পাক সেনাৰ মুৰব্বী হোৱাৰ পিছতে ১৯৯৯ চনৰ পৰা ২০০৮ চনলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পাৰভেজ মুছাৰফে৷
উল্লেখ্য যে, ১৯৪৩ চনত জন্ম গ্ৰহন কৰা পাৰভেজ মুছাৰফ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । প্ৰাক্তন ৰাষ্ট্ৰপতি জনৰ চিকিৎসাক লৈও বিতৰ্কৰ সুত্ৰপাত হৈ আহিছিল৷ শুক্ৰবাৰে ডুবাইৰ এখন হাস্পতালত মুছাৰফে শেষ নিশ্বাস ত্যাগ কৰা বুলি বাতৰি প্ৰকাশ পোৱাৰ বিপৰীতে পাকিস্তানৰ একাংশ সংবাদ মাধ্যমে এই খবৰ অস্বীকাৰ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.