গো-মুত্ৰক লৈ কৰা মন্তব্যৰ বাবে NSA ত গ্ৰেপ্তাৰ : উচ্চতম ন্যায়ালয়ে দিলে জামিন

Share This Article

দেশৰ উচ্চতম ন্যায়ালয়ে মণিপুৰৰ ৰাজনৈতিক কৰ্মী এৰিন্দ্ৰো লেইচোমবামৰ  জামিন  আবেদন মঞ্জুৰ কৰিছে ৷ ৰাজনৈতিক কৰ্মী এৰিন্দ্ৰো লেইচোমবাম আৰু সাংবাদিক কিশোৰচন্দ্ৰই যোৱা মে’ মাহত গো – মুত্ৰ আৰু গোবৰক লৈ ফেচবুকত কৰা মন্তব্যৰ বাবে তেওলোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷তাৰ পাছত তেওলোকৰ ওপৰত জাপি দিয়া হৈছিল ৰাষ্ট্ৰীয় সুৰক্ষা আইন অৰ্থাৎ এন এছ এ ৷ দীৰ্ঘদিনৰ কাৰাবাসৰ পাছত আজি উচ্চতম ন্যায়ালয়ে এৰিন্দ্ৰো লেইচোমবামৰ জামিন আবেদন  মঞ্জুৰ কৰে আৰু সন্ধিয়া ৫ বজাৰ ভিতৰত তেওক কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে ৷ ন্যায়াধীয় ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে তেওৰ জামিন মঞ্জুৰ কৰি কয় যে আবেদনকাৰীক আৰু অধিক দিন কাৰাগাৰত ৰখাটো তেওৰ জীয়াই থকাৰ আৰু স্বতন্ত্ৰতাৰ অধিকাৰৰ পৰিপন্থী হ’ব ৷ সেয়ে আদালতে তেওক জামিন প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ৷

কি হৈছিল এৰিন্দ্ৰোৰ লগত ?

ক’ৰোণাৰ দ্বিতীয় ঢৌৰ সময়ত মণিপুৰৰ বিজেপি সভাপতি অধ্যাপক ট্ৰিকেন্দ্ৰ সিঙে ক’ৰোণাৰ চিকিৎসাক লৈ মন্তব্য কৰিছিল যে গো –মুত্ৰ আৰু গোবৰেৰে কোভিডৰ চিকিৎসা সম্ভৱ ৷ কিন্তু এই মন্তব্য কৰাৰ পাছতে ট্ৰিকেন্দ্ৰ সিঙ নিজেই ক’ৰোণাত আক্ৰান্ত হয় আৰু যোৱা ১৩ মে’ত তেওৰ মৃত্যু হয় ৷ ইয়াৰ পাছতে এৰিন্দ্ৰো লেইচোমবামে ফেচবুকত লিখিছিল এইদৰে –গৰুৰ গোবৰ আৰু মুত্ৰ কোভিডৰ চিকিৎসা নহয় ৷ বিজ্ঞান আৰু সামান্য জ্ঞানেৰে ইয়াৰ চিকিৎসা হ’ব , অধ্যাপক মহোদয় ৷

এই ফেচবুক পোষ্টৰ পাছতে মণিপুৰৰ এজন বিজেপি নেতাই তেওৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ ১৩ মে’ৰ দিনাই মণিপুৰ আৰক্ষীয়ে এৰিন্দ্ৰোক গ্ৰেপ্তাৰ কৰে ৷ ১৭ মে’ত পশ্চিম ইম্ফলৰ জিলা উপায়ুক্তই এৰিন্দ্ৰোৰ ওপৰত জাপি দিয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইন অৰ্থাৎ এন এছ এ ৷

পৰৱৰ্তী সময়ত এৰিন্দ্ৰোৰ দেউতাক ৰঘুমণি সিংহই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে যে তেওৰ পুত্ৰৰ ওপৰত আইনৰ অপপ্ৰয়োগ কৰা হৈছে ৷ এৰিন্দ্ৰোৰ ফেচবুক পোষ্টে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাটো দূৰৈৰ কথা , আইন ব্যৱস্থাকো প্ৰভাবিত নকৰে ৷ তেওৰ ওপৰত এইবাবেই এন এছ এ প্ৰয়োগ কৰা হৈছে , যাতে কোনোপধ্যে জামিন লাভ নকৰে ৷

ৰঘুমণি সিংহই জামিন আবেদনত এই কথাও উল্লেখ কৰে যে এৰিন্দ্ৰোৰ ওপৰত চলি থকা বিচাৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ যোৱা ৩০ এপ্ৰিলৰ এক  নিৰ্দশৰ পৰিপন্থী ৷ পূৰ্বৰ নিৰ্দেশত ন্যায়ালয়ে কৈছিল যে ছোচিয়েল মেডিয়াত দিয়া বক্ত্বব্যৰ বাবে কৰো ওপৰত ইমান কঠোৰ বিচাৰ চলোৱা নহ’ব যে তাৰ পৰা আন কাৰোবাৰ লাভ হ’ব ৷ৰঘুমণি সিংহৰ আন এটা বক্তব্য আছিল যে এৰিন্দ্ৰোই পোষ্ট কোভিডক লৈ  চলি থকা অপপ্ৰচাৰৰ বিৰুদ্ধে উক্ত পোষ্টটো ফেচবুকত দিছিল ৷ কিন্তু পশ্চিম ইম্ফলৰ উপায়ুক্তই তেওৰ ওপৰত আক্ৰোশমূলকভাৱে এন এছ এ জাপি দিছে ৷ গতিকে এই আমোলাজনৰ বিৰুদ্ধে ন্যায়ালয়ৰ নিৰ্দেশ উলংঘণৰ গোচৰ চলাব লাগে ৷

চৰকাৰে কি বিচাৰিছিল ?

আজি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠত জামিন আবেদনৰ শুনানি আছিল ৷কেন্দ্ৰীয় চৰকাৰৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই জামিনৰ বিৰোধিতা কৰি কৈছিল যে পৰৱৰ্তী ২০ জুলাই অৰ্থাৎ মঙলবাৰলৈ শুনানি স্থগিত ৰাখিব লাগে ৷ কিন্তু ন্যায়ালয়ে সেই আবেদন গ্ৰহণ নকৰি ক’লে যে এৰিন্দ্ৰোক আৰু অধিক সময়ৰ বাবে কাৰাগাৰত ৰখাটো হ’ব ব্যক্তি স্বাধীনতাৰ উলংঘণ ৷ সেইবাবেই তেওক মুক্তি দিয়া উচিত ৷

এৰিন্দ্ৰোৰ গ্ৰেপ্তাৰ আৰু তাৰ পাছত এন এছ এ জাপি দিয়া ঘটনাটো দেশত চলি থকা আইনৰ অপপ্ৰয়োগৰ অন্যতম উদাহৰণ বুলি অভিহিত কৰিছে কেবাগৰাকীও আগশাৰীৰ সমাজকৰ্মীয়ে ৷

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.