কটনত নামভৰ্তিৰ বাবে বহিব লাগিব প্ৰৱেশ পৰীক্ষাত

Share This Article

কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাত নামভৰ্তিৰ বাবে প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰী অৱতীৰ্ণ হ’ব লাগিব প্ৰৱেশ পৰীক্ষাত ৷ এই কথা সদৰী কৰিছে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দিগন্ত দাসে৷ সংবাদমাধ্যমক তেও জানিবলৈ দিয়া মতে পূৰ্বৰ দৰে এইবাৰ উচ্চতৰ মাধ্যমিকৰ নম্বৰ অনুসৰি কটন বিশ্ববিদ্যালয়ৰ স্নাতক মহলাত নামভৰ্তি কৰা নহয় ৷ নামভৰ্তিৰ বাবে আবেদন কৰা ছাত্ৰ – ছাত্ৰীসকলৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অনুষ্ঠিত কৰিব প্ৰৱেশ পৰীক্ষা ৷ এই পৰীক্ষাত উত্তীৰ্ণ হ’লেহে কটনত নামভৰ্তিৰ সুযোগ লাভ কৰিব ৷ অৱশ্যে, উচ্চতৰ মাধ্যমিকত ছেবা বা চিবিএছইয়ে প্ৰদান কৰা নম্বৰৰ ভিত্তিতে নামভৰ্তি হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.