দেশৰ ৫ ৰাজ্যত ৭ টা পৰ্যায়ত বিধানসভা নিৰ্বাচন , ফলাফল কেতিয়া ?

Share This Article

কোভিড আকৌ আহিছে ৷ বিদ্যালয় বন্ধ হৈ থাকিব ৷ জনজীৱনত নতুন প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷ কিন্তু তাৰ মাজতে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ দেশত কোভিডৰ তৃতীয় লহৰ অৰম্ভ হোৱাৰ সময়তে আজি ভাৰতীয় নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ৷ মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰাই আজি এক সংবাদমেল সম্বোধন কৰি উত্তৰ প্ৰদেশ , উত্তৰাখণ্ড , পঞ্জাৱ , গোৱা আৰু মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে ৷ এই পাঁচখন ৰাজ্যৰ ৬৯০ খন বিধানসভা আসনৰ বাবে ১৮ কৌটি ৩৪ লাখ ভোটদাতাই ভোটদান কৰিব ৷ নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি ৭ টা পৰ্যায়ত ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ১০ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ হ’বলগীয়া নিৰ্বাচনৰ সামৰণি পৰিব ৭ মাৰ্চত ৷ ১০ মাৰ্চত আটাইকেইখন ৰাজ্যৰ ভোটগণণা সম্পন্ন হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.