সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশৰ ৫ ৰাজ্যত ৭ টা পৰ্যায়ত বিধানসভা নিৰ্বাচন , ফলাফল কেতিয়া ?

কোভিড আকৌ আহিছে ৷ বিদ্যালয় বন্ধ হৈ থাকিব ৷ জনজীৱনত নতুন প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷ কিন্তু তাৰ মাজতে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ দেশত কোভিডৰ তৃতীয় লহৰ অৰম্ভ হোৱাৰ সময়তে আজি ভাৰতীয় নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ৷ মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰাই আজি এক সংবাদমেল সম্বোধন কৰি উত্তৰ প্ৰদেশ , উত্তৰাখণ্ড , পঞ্জাৱ , গোৱা আৰু মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে ৷ এই পাঁচখন ৰাজ্যৰ ৬৯০ খন বিধানসভা আসনৰ বাবে ১৮ কৌটি ৩৪ লাখ ভোটদাতাই ভোটদান কৰিব ৷ নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি ৭ টা পৰ্যায়ত ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ১০ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ হ’বলগীয়া নিৰ্বাচনৰ সামৰণি পৰিব ৭ মাৰ্চত ৷ ১০ মাৰ্চত আটাইকেইখন ৰাজ্যৰ ভোটগণণা সম্পন্ন হ’ব ৷

Leave A Reply

Your email address will not be published.