Investigative reporting with dedication.

মঙলবাৰে অসম সন্তান ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই সেনাৰ ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ ইন চীফ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ৰঙিয়াত জন্মগ্ৰহণ কৰা ইষ্টাৰ্ণ আৰ্মীৰ কামাণ্ডাৰ-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণ কৰা ৰাণা প্ৰতাপ কলিতা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি। ইয়াৰ পূৰ্বে কলিতা সেনা বাহিনীৰ তৃতীয় ক’ৰৰ জিঅ’চি হিচাপে দায়িত্বত আছিল আৰু তাৰ পাছত ভাৰতীয় সেনাৰ মেন পাৱাৰ সঞ্চালক হিচাপে আছিল। ৰাণা প্ৰতাপ কলিতাই উত্তম যোদ্ধা সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, সেনা মেডেল আৰু চীফ আৰ্মী কোমেণ্ডেচন পুৰস্কাৰ লাভ কৰিছে।




