ভাৰত – পাকিস্তান সীমান্তত  ব্যৰ্থ লস্কৰ – ই – তৈবাৰ আক্ৰমণ

Share This Article

জন্মু – কাশ্মীৰত সন্ত্ৰাসবাদীৰ এক ভয়াবহ দ্ৰোন আক্ৰমণৰ প্ৰচেষ্টা ব্যৰ্থ কৰে নিৰাপত্তাৰক্ষীয়ে ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি , প্ৰায় ৫ কিলোগ্ৰাম আই ই ডি কঢ়িয়াই অনা এখন দ্ৰোন পাকিস্তানৰ দিশৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছিল ৷ তেনেসময়তে কাশ্মীৰ আৰক্ষীয়ে আখনোৰৰ গুৰাহ পট্টন অঞ্চলত গুলীয়াই দ্ৰোনখন ভূপতিত কৰে ৷ এই ঘটনা ভাৰত – পাকিস্তান সীমান্তৰ এল অ” চিৰ নিচেই কাষতে সংঘটিত হয় ৷ সন্দেহজনক লস্কৰ –ই – তৈবা সন্ত্ৰাসবাদীয়ে দ্ৰোনৰ জড়িয়তে ভাৰতীয় বায়ুসেনাৰ ঘাটিত আক্ৰমণৰ চেষ্টা চলাইছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে দুদিন পাছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ জন্মু , কাশ্মীৰ আৰু লাডাখ ভ্ৰমণ কৰাৰ কাৰ্যসূচী আছে ৷ তাৰ পূৰ্বে শুকুৰবাৰে পুৱাই সন্দেহজনক লস্কৰ – ই – তৈবাৰ এই আক্ৰমণে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.