সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ডলু গ্ৰীন ফিল্ড নিৰ্মাণৰ বাবে কেন্দ্ৰলৈ যোৱাই নাছিল কোনো প্ৰস্তাৱ। তেনেহ’লে কিয় চলোৱা হল উচ্ছেদ?

আজিৰ পৰা প্ৰায় কেই সপ্তাহ মানৰ আগৰ কথা। বৰাকৰ ডলু চাহ বাগিছাৰ ২৫০০ বিঘা জোৰা ভূমিত চলিছিল প্ৰশাসনৰ বুলডোজাৰ। প্ৰায় ২০০ খন এক্সেভেটৰ লৈ উচ্ছেদ চলোৱা হৈছিল ডলু চাহ বাগানত৷
উদেশ্য বৰাকৰ ডলু চাহ বাগিছাত নির্মাণ হব গ্ৰীণ ফিল্ড বিমানবন্দৰ৷ সেইবাবেই চাহ শ্ৰমিকৰ হাজাৰ প্ৰতিবাদ আৰু আর্তনাদক নেওচি ভাঙি যোৱা হল এজোপাৰ পিছত আনজোপা চাহ গছ৷ কিন্তু ডলু চাহ বাগানত প্ৰশাসনৰ উচ্ছেদ অভিযানক লৈ চর্চা অব্যাহত থকাৰ মাজতে ৰহস্যৰ সৃষ্টি কৰিছে আন এটা প্ৰসংগ৷ শেহতীয়াকৈ এখন RTI ৰ উত্তৰত ভাৰত চৰকাৰে দিয়া ভাষ্যত ফাদিল হৈছে ভয়ংকৰ তথ্য। ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন বিভাগলৈ কৰা এই RTI আৱেদনত ভাৰত চৰকাৰে জনাইছে যে, শিলচৰত গ্ৰীন ফিল্ড বিমান বন্দৰ নিৰ্মাণ কৰিবলৈ ভাৰত চৰকাৰে লাভ কৰা নাই কোনো প্ৰস্তাৱ। অৰ্থাৎ ডলু চাহ বাগিচাত বিমান বন্দৰ নিৰ্মাণৰ কোনো পৰিকল্পনাৰ বিষয়ে অৱগত নহয় ভাৰত চৰকাৰ। ইয়াৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যদি বিমান বন্দৰ নিৰ্মাণৰ কোনো প্ৰস্তাৱ নাছিল, তেন্তে কিহৰ ভিত্তিত উচ্ছেদ চলাইছিল অসম চৰকাৰে? যদি ভাৰত চৰকাৰৰ ওচৰত কোনো প্ৰস্তাবেই নাছিল তেনেহলে কেনেকৈ কাছাৰৰ ডলু চাহ বাগানত গ্ৰীণ ফিল্ড বিমান বন্দৰ নির্মানৰ বাবে পোৱা গ’ল অনুমোদন?
উল্লেখযোগ্য যে, চলিত বর্ষৰ ১৭ মার্চত ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে লোকসভাত দাঙি ধৰা তথ্য অনুসৰি, ভাৰত চৰকাৰে দেশজুৰি ২১ টাকৈ গ্ৰীন ফিল্ড বিমানবন্দৰ স্থাপনৰ বাবে জনাইছে অনুমোদন৷ ২০০৮ চনৰ গ্ৰীন ফিল্ড এয়াৰপর্ট পলিচী অনুসৰি কেন্দ্ৰই অনুমোদন জনোৱা এই ২১ টা প্ৰস্তাৱৰ তালিকাত আছে গোৱাৰ মোপা,মহাৰাষ্টৰৰ নাভি মুম্বাই, সিন্ধুদ্ৰাগ আৰু সির্ধি,কর্নাটকৰ বিজাপুৰ, হাচান, কালাবুৰাগি আৰু শিমোগা, মধ্য প্ৰদেশৰ গোৱালিয়ৰ, উত্তৰ প্ৰদেশৰ কুশিনগৰ আৰু নইদা,গুজৰাটৰ ধলেৰা আৰু হিৰাচৰ,পণ্ডিচেৰীৰ কাৰাইকাল,অন্ধ্ৰ প্ৰদেশৰ দাগাদার্থী,ভগাপুৰম আৰু কুৰনল,পশ্চিম বংগৰ দুর্গাপুৰ,চিকিমৰ পাকং ,কেৰালাৰ কানপুৰ আৰু অৰনাচল প্ৰদেশৰ হুলোংগী৷অর্থাৎ শেহতীয়া ১৭ মার্চৰ ভাৰত চৰকাৰৰ তথ্য অনুসৰি দেশৰ মাত্ৰ ২১ টা স্থানত গ্ৰীন ফিল্ড বিমান বন্দৰ স্থাপনৰ অনুমোদন জনোৱা হৈছে আৰু এই তালিকাত নাম নাই অসমৰ কোনো এটা স্থানৰ৷
ইয়াৰ পূর্বেও ১২ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে দিয়া এক বিবৃতিত দেশজুৰি সর্বমুঠ ২১ টা গ্ৰীন ফিল্ড এয়াৰপর্ট নিমানৰ বাবে অনুমোদন লাভ কৰা বুলি প্ৰকাশ কৰিছিল৷ এই তালিকাতো অসমত গ্ৰীন ফিল্ড বিমান বন্দৰ নির্মানৰ বাবে অনুমোদন জনোৱাৰ কথা উল্লেখ নাছিল৷এনে এক প্ৰেক্ষাপটত প্ৰশ্ন উত্থাপন হব,অসমৰ কাছাৰৰ ডলু চাহ বাগানত গ্ৰীন ফিল্ড বিমানবন্দৰ স্থাপনৰ বাবে সঁচাকৈ কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছেনে? প্ৰশ্ন উত্থাপন হব,গ্ৰীন ফিল্ড বিমান বন্দৰ স্থাপনৰ বাবে প্ৰস্তাৱ প্ৰেৰণৰ লাভৰ পূর্বেই বুলডোজাৰ চলিল নেকি কাছাৰৰ ডলু চাহ বাগানত? ইয়াৰ পিছতে এতিয়া এই সমগ্ৰ বিষয়টো ধুসৰ আৰু ৰহস্যময় হৈ পৰিছে।

Leave A Reply

Your email address will not be published.