‘Dislike’ ৰ ভয়ত ‘like’-‘dislike’ ৰ সুবিধা বন্ধ কৰিলে বিজেপিৰ Youtube চেনেলে

Share This Article

কলা পতাকা নহয় এইবাৰ দিছলাইকৰ (Dislike) ভূতে খেদিছে ভাৰতীয় জনতা পাৰ্টিক। যোৱা কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ অনুষ্ঠানে Youtube ত বহু লাখ ‘Dislike’ লাভ কৰাৰ পিছতে এতিয়া প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সমূহৰ Youtube ত সম্প্ৰচাৰ কৰোঁতে ‘like’ আৰু ‘dislike’ ৰ সুবিধা বন্ধ কৰিছে বিজেপিয়ে।

প্ৰথম অৱস্থাত পি এম অ’ অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এই Youtube ত এই সুবিধা বন্ধ কৰিছিল। কিন্তু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাইদৰাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল নেচনেল পুলিচ একাডেমীৰ দিক্ষান্ত পেৰেড ইভেণ্টত প্ৰ’বেচনাৰী IPS বিষয়া সকলক ভিডিঅ’ কনফাৰেনসিঙৰ জৰিয়তে সম্বোধন কৰা অনুষ্ঠানৰ Youtubeত সম্প্ৰচাৰ কৰোতে বিজেপিৰ যূটোৱে চেনেলেও এই সুবিধা বন্ধ কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ অনুষ্ঠানত Dislike কৰোঁতে কমেণ্ট বক্সত দেশৰ ছাত্ৰ সমাজে JEE-NEET আৰু বহু লোকে চৰকাৰী চাকৰি আৰু দেশৰ সম্পদ ব্যক্তিগতখণ্ডৰ হাতত গতাই দিয়াক লৈ চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু ছাত্ৰ ছাত্ৰী আৰু জনগণৰ ক্ষোভ প্ৰকাশৰ এই প্ৰতিবাদক বিজেপিয়ে কংগ্ৰেছ আৰু বিদেশী শত্ৰুৰ হাত থকা বুলি অভিযোগ আনিছিল।

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau