মুখ্যমন্ত্ৰীলৈ মুকলি চিঠিত কি লিখিলে দেবব্ৰত শইকীয়াই?

Share This Article

মুখ্যমন্ত্ৰীয়ে একপক্ষীয়ভাৱে সীমাক লৈ লোৱা সিদ্ধান্ত অকৰ্তৃত্বশীল বুলি অভিহিত কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷ মুখ্যমন্ত্ৰীলৈ লিখা এখন মুকলি পত্ৰত তেও উল্লেখ কৰে যে অসম মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে ১৯৮৫ চনৰ ১৯ অক্টোবৰত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী উইলিয়ামচন চাংমাৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছিল ৷ এই বৈঠকৰ সিদ্ধান্তমৰ্মে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৱাই ভি চন্দ্ৰচূড় আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন মুখ্য ন্যায়াধীশক লৈ এখন সমিতি গঠন হৈছিল ৷ এই সমিতিয়ে সকলো দিশ চালি জাৰি চাই মেঘালয়ে অসমৰ ভূমি দাবী কৰাটো অযুক্তিকৰ আৰু সংবিধান অনুসৰি অসম চৰকাৰ সঠিক পক্ষত আছে বুলি ১৯৮৭ চনৰ ২৭ জুলাইত ঘোষণা কৰিছিল ৷ এতিয়া বিধানসভাত বিষয়টো আলোচনা নকৰি কেবিনেট বৈঠকত সীমা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাটো অসাংবিধানিক বুলি মন্তব্য কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷ তেও কেন্দ্ৰৰ ওচৰত চৰকাৰে দাখিল কৰা প্ৰতিবেদন প্ৰত্যাহাৰ কৰিবলৈও দাবী উত্থাপণ কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.