সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শনিবাৰ আৰু দেওবাৰে নৈশ কাৰফিউ দিল্লীত

দিল্লীত শনিবাৰ আৰু দেওবাৰে নিশাৰ কাৰফিউ। এইকথা ঘোষণা কৰিছে দিল্লী চৰকাৰে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আজি নতুন নিষেধাজ্ঞাৰ ওপৰত এখন চৰকাৰী বৈঠক অনুষ্ঠিত কৰে। তাৰ পিছতে কয় যে, দিল্লীত অত্যাধিক হাৰত কভিড` ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবেই  শনিবাৰ আৰু দেওবাৰে নিশাৰ কাৰফিউ বলবৎ কৰা হৈছে। সোমবাৰৰ দিনটোত দিল্লীত ২৪ ঘণ্টাতে ৪০৯৯ জন ৰোগী আক্ৰান্ত হৈছে কভিড`ত আৰু বহুজনৰ মৃত্যু খবৰ পোৱা গৈছে। আক্ৰান্ত হাৰ হৈছে ৬.৪৬ শতাংশ, যি ২০২০ চনৰ মে` মাহৰ পিছত সৰ্বাধিক। কাৰফিউৰ সময়ত দিল্লীত অত্যাৱশ্যকীয় সেৱাবোৰ বাদ দি সকলো কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব।
ইতিমধ্যে, দিল্লীত ২৯ ডিচেম্বৰৰ পৰা “হালধীয়া সতৰ্কতা” দি নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাতি কাৰফিউ ইতিমধ্যে চলি আছে। লগতে চিনেমা, জিম বন্ধ কৰা হৈছে আৰু দোকানবোৰক যুগ্ম-অযুগ্ম আধাৰত খোলিবলৈ অনুমতি দিয়া হৈছিল। মেট্ৰ’ ৰেল আৰু বাছবোৰো আধাহে চলিবলৈ দিছিল। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দিল্লীত জানুৱাৰীৰ মাজভাগলৈ দিনে ২০-২৫০০০ ৰোগীৰ আক্ৰান্ত হ`ব পাৰে কভিড`ত।

Leave A Reply

Your email address will not be published.