Investigative reporting with dedication.

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। শুক্ৰবাৰৰ দিনটোত দেশত ক’ভিড ৰোগীৰ সংখ্যা আছিল ২,৬৪,০০০। আনহাতে শনিবাৰৰ দিনটোত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,৬৮,৮৫৩ জন ৰোগী। বিগত ২৪ ঘণ্টাত দেশখনত ৪০২ জন লোকৰ মৃত্যু হয় ক’ভিড-১৯ত। যি শনিবাৰৰ তুলনাত কম।
আনহাতে, সংক্ৰমণৰ হাৰ পূৰ্বৰ তুলনাত সামান্য হ্ৰাস পাইছে। শনিবাৰে সংক্ৰমণৰ হাৰ ১৬.৬৬ শতাংশ আছিল। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ক’ভি়ডৰ সংক্ৰমণৰ হাৰ ১৬.২৮ শতাংশলৈ হ্ৰাস পাইছে। সপ্তাহিক সংক্ৰমণৰ হাৰ ১৬.৬৯ শতাংশ।
বিগত ২৪ ঘণ্টাত কেৰালাত সৰ্বাধিক ১০৬ জন, পশ্চিম বংগত ৩৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ফলত, দেশত মুঠ ক’ভিডত মৃত্যুৰ সংখ্যা ১,৪১,৭৭৯ জনলৈ বৃদ্ধি পাইছে।
প্ৰতিদিনে ক’ভিড ৰোগীৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে সেইবাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আগন্তক দিনত দৈনিক ৩,০০,০০০ লোক আক্ৰান্ত হব আশংকা কৰিছে। বিশেষজ্ঞসকলে অ’মাইক্ৰনৰ সংক্ৰমণৰ ফলত দেশত জানুৱাৰীৰ শেষৰ ফালে দৈনিক ১ নিযুত লোক ক’ভিডত আক্ৰান্ত হ’ব পাৰে বুলি আশংকা কৰিছে।




