আপুনি যদি ক’ভিডত আক্ৰান্ত , কি কি কৰিব পাৰে ?

Share This Article

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে ক’ভিড-১৯ৰ মৃদু, মজলীয়া আৰু গুৰুতৰ লক্ষণৰ চিকিৎসাৰ বাবে নতুন নিৰ্দেশনা প্ৰস্তুত কৰিছে।
যিসকল লোক ক’ভিডত আক্রান্ত হোৱাৰ পাছত শ্বাসনলীৰ ওপৰৰ অংশত সমস্যাৰ সন্মুখীন হয় আৰু উশাহ-নিশাহত অসুবিধা পায় তেওলোকে কি কি কৰিব লাগে –
*ঘৰতেই আছুতীয়াকৈ থাকিব লাগে।
*পৰিয়ালৰ লোকৰ পৰা দূৰত্ব বজায় ৰাখিব লাগে।
*ঘৰৰ ভিতৰতো মাস্ক পৰিধান কৰিব লাগে।
*সঘনাই জ্বৰ আৰু অক্সিজেন লেভেল জোখা উচিত।
অতিৰিক্ত চিকিৎসাৰ বিষয়ে তেতিয়াহে ভাবিব লাগে, যেতিয়া –
*অক্সিজেন লেভেল ৯৩ শতাংশতকৈ কম হয়।
*তীব্ৰ জ্বৰ উঠে।
*অধিক চৰ্দি হয়।

যদি আপোনাৰ এই লক্ষণবোৰ ৫ দিনতকৈ অধিক সময়ৰ বাবে থাকে তেতিয়া আপুনি কি কৰিব –
*ইনহেলাৰ ব্যৱহাৰ কৰিব পাৰে।

প্ৰাপ্তবয়স্ক কোভিড-19 ৰোগীৰ যদি মজলীয়া লক্ষণ থাকে তেওঁলোকৰ বাবে নিৰ্দেশনা:-
যদি শ্বাস-প্ৰশ্বাসৰ স্তৰ (শ্বাসতন্ত্ৰৰ হাৰ) মিনিটত ২৪ বা সমান হয় আৰু অক্সিজেনৰ স্তৰ ৯০-৯৩ শতাংশ হয়, আপুনি কি কৰিব পাৰে –
*আপুনি প্ৰ’নিং কৰিব পাৰে
* দুবাৰ মিথাইলপ্ৰেডনিচোলন ০.৫ মিগ্ৰা/কিগ্ৰা পালি গ্ৰহণ কৰিব পাৰে, বা ৫-১০ দিনৰ বাবে ডেক্সামেথাচোনৰ সমান পালি ব্যৱহাৰ কৰিব পাৰে।
*কোনো অক্সিজেন ব্যবহাৰৰ প্ৰয়োজন নাই।
*ষ্টেৰইডৰ ব্যৱহাৰে বিৰূপ প্ৰভাৱ পেলাই, ইয়াক ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই। আন যিকোনো ঔষধ ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব।

গুৰুতৰ লক্ষণ থকা ৰোগীৰ বাবে নিৰ্দেশনা (প্ৰাপ্তবয়স্ক কোভিড-১৯ ৰোগীৰ বাবে নিৰ্দেশনা)
যিসকল ক’ভিড ৰোগী শ্বাস-প্ৰশ্বাসৰ হাৰ প্ৰতি মিনিটত ৩০ তকৈ কম বা ৩০ হয় তেওঁলোকক গুৰুতৰ লক্ষণ থকা ৰোগী হিচাপে ধৰা হয়। যদি ৰোগীৰ শৰীৰত অক্সিজেনৰ স্তৰ কোঠাটোৰ ভিতৰত ৯০ শতাংশতকৈ কম হয়, আপুনি গুৰুতৰ লক্ষণ বুলি ভাবিব লাগিব। কিন্তু এইবাৰ ক’ভিডৰ তৃতীয় ঢৌৰ আৰম্ভণিৰ পৰা, চিকিৎসকসকলে গুৰুতৰ লক্ষণ থকা ৰোগীক অপ্ৰয়োজনীয়ভাৱে ৰেমডেচিভিৰ বা টচিলিজুমাবৰ দৰে ঔষধ নিদিবলৈ কৈছে। এই ঔষধবোৰ ব্যৱহাৰৰ বাবে এতিয়া নিৰ্দিষ্ট নিয়ম নিৰ্ধাৰণ কৰা হৈছে। এণ্টি-ইনফ্লেমেটৰী বা ইমিউনোমডুলেটৰী থেৰাপী, ৰেমডেচিভিৰ, টচিলিজুমাব – চিকিৎসকে ইয়াক কেতিয়া দিব সেয়া চিকিৎসকে সিদ্ধান্ত ল’ব। কোনো প্ৰকাৰে ৰোগীয়ে এনে ঔষধ চিকিৎসকে পৰামৰ্শ নিদিয়ালৈকে গ্ৰহণ কৰিব নোৱাৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.