অসমত পুনৰ নহয় লকডাউন

Share This Article

ভাৰতত কভিড`ৰ তৃতীয়টো ঢৌ অ`মিক্ৰনত বৰ্তমানলৈ ২১৩৫ জন লোক আক্ৰান্ত হৈছে। অসমতো কভিড`ৰ সংক্ৰমণ দ্ৰুতগতিত বাঢ়িছে। কভিড`ৰ তৃতীয়টো ঢৌত অসমত প্ৰত্যেক দিনাই ১২০ৰ পৰা ৪৫০ ৰোগী আক্ৰান্ত হৈছে। এইকথা অৱগত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে কয় যে, অমিক্ৰণ দ্ৰুতগতিত বিয়পে। সেইবাবে অ`মিক্ৰণৰ সন্দৰ্ভত ৬ জানুৱাৰী তাৰিখে গুৱাহাটীত স্বাস্থ্য বিভাগৰ লগত আলোচনাত বহিব আৰু ঘোষণা কৰিব নতুন নিৰ্দেশনা। অসমত পুনৰ লকডাউন নহয় বুলিও স্পষ্টভাৱে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.