ভাৰতত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা

ভাৰতত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা। ২৪ ঘণ্টাত ভাৰতত ৫৮,০৯৭ জন নতুনকৈ ৰোগী কোভিডত আক্ৰান্ত হৈছে আৰু ৫৩৪ জনৰ মৃত্যুৰ হৈছে। আনহাতে অ’মিক্ৰনত ২১৩৫ জন লোক আক্ৰান্ত হৈছে। সৰ্বাধিক মুম্বাইত ১০৮৬০ জন, দিল্লীত ৫৪৮১ জন,  বেংগালোৰত ২০৫৩ জন, কলকাতাত ৪৯৫৯ জন আৰু  চেন্নাইত ১৪৮৯ জন আক্ৰান্ত হৈছে। প্ৰতিদিনেই বৰ্দ্ধিত হাৰত মুম্বাইত ক’ভিড ৰোগী সংখ্যা বৃদ্ধি হোৱা বাবে মুম্বাই নাগৰিক সংস্থাই সংশোধিত নিৰ্দেশনা অনুসৰি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰা সকলো আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে পিচিআৰটি পৰীক্ষা বাধ্যতামূলক কৰিছে। কৰ্ণাটক চৰকাৰেও সপ্তাহান্তৰ কাৰফিউ জাৰি কৰিছে আৰু ৰাজ্যখনত দুসপ্তাহৰ বাবে নৈশ কাৰফিউ বৃদ্ধি কৰিছে। লগতে চৰকাৰখনে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাহিৰে বিদ্যালয় আৰু প্ৰাক-বিদ্যালয়, মহাবিদ্যালয়, দুসপ্তাহৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। আনহাতে অসমতো বৃদ্ধি পাইছে ক’ভিড ৰোগী সংখ্যা। ইফালে এজনৰ গাত ধৰা পৰিছে অ’মিক্ৰন।

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296