COVID FILES : চীনৰ ৫০ হাজাৰ পি পি ই কীট ক’লৈ গ’ল ? সৰৱ কংগ্ৰেছ- অজাপ – ৰাইজৰ দল

Share This Article

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদনে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত ৷ ২০২০ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মাজনিশা বিমান বন্দৰত উপস্থিত হৈ চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট অসমলৈ আহি পোৱাৰ কথা সদৰী কৰিছিল ৷ কিন্তু তাৰ দুবছৰ পাছত দ্য ক্ৰছকাৰেন্টে দাখিল কৰা এক আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে তেওলোকে চীনৰ পৰা পি পি ই কীটেই নহয় , কোনো সামগ্ৰীয়েই ক্ৰয় কৰা নাই ৷ এই বাতৰি দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰত প্ৰকাশ পোৱাৰ পাছতেই সৰৱ হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ ৷ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মনজিৎ মহন্তই এক সংবাদমেলত চীনৰ পৰা অনা বুলি কোৱা ৫০ হাজাৰ পি পি ই কীট বৰ্তমান কাৰ গুডামত , ক’ত আছে , সেয়া ৰাজহুৱা কৰিবলৈ দাবী উত্থাপণ কৰে ৷ লগতে এই পি পি ই কীট ক্ৰয় কৰিবলৈ কোন ব্যৱসায়ীয়ে ধন বিনিয়োগ কৰিছিল , সেয়াও ৰাজহুৱা কৰিবলৈ দাবী উত্থাপণ কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ নেতাগৰাকীয়ে ৰাইজৰ বাহ বাহ ল’বলৈ মিছাকৈ চীনৰ পৰা পি পি ই কীট অনা বুলি সদৰী কৰিছিল নেকি বুলিও প্ৰশ্ন উত্থাপণ কৰে ৷ যদি সেয়া ভুৱা প্ৰচাৰ নাছিল , তেনেহ’লে পি পি ই কীটসমূহ কোনে কিনিছিল , সেই পি পি ই কীট এতিয়া ক’ত আছে সেয়া ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায় ৷
দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ এই বাতৰিৰ পাছতেই অসম জাতীয় পৰিষদেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আঞ্চলিক দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক সংবাদমেল সম্বোধন কৰি কয় যে পি পি ই কীটসমূহ নিম্নমানৰ হোৱাটো এক সুকীয়া বিষয় , কিন্তু এন এইচ এমে যি তথ্য প্ৰকাশ কৰিছে , সেয়া অতি গুৰুত্বপূৰ্ণ বিষয় ৷ কাৰণ এন এইচ এমে স্পষ্ট কৰি দিছে যে সংস্থাটোৱে পি পি ই কীটকে ধৰি কোনো সামগ্ৰী চীনৰ পৰা ক্ৰয় কৰা নাই ৷ সেইবাবেই প্ৰকৃততে চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰা হৈছিল নে নাই , সেই কথা ৰাজহুৱা কৰিবলৈ দাবী জনায় অসম জাতীয় পৰিষদে ৷ জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে কোনোবা এটা পক্ষই অসত্য কথা কৈ আছে ৷ হয় , তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অসত্য কথা কৈছে , নহয় স্বাস্থ্য বিভাগে মিছা কৈছে ৷ চীনৰ পৰা পি পি ই কীট কাৰ ধনেৰে ক্ৰয় কৰা হৈছিল , যদি কোনো ব্যৱসায়ীৰ পৰা ধন লৈছিল , সেই ব্যৱসায়ীসকলৰ নাম প্ৰকাশ কৰিবলৈও দাবী জনায় অসম জাতীয় পৰিষদে ৷ দলটোৰ দাবী- কোভিডৰ সময়ত অসম চৰকাৰে কিমান ধন ব্যয় কৰিছিল, কাক কাক ঠিকা প্ৰদান কৰিছিল , বিলপ্ৰাপ্ত ঠিকাদাৰসকলৰ নাম ঠিকনা সন্নিৱিষ্ট শ্বেতপত্ৰ অসম চৰকাৰে প্ৰকাশ কৰক ৷ অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে লগতে কয় যে এখন ৰাজ্যই বহি:ৰাষ্ট্ৰৰ পৰা কেতিয়াও নিজাকৈ কোনো সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে ৷ গতিকে এই বিতৰ্কিত বিষয়টোত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো জবাবদিহি হৈ থাকিব ৷

চীনৰ পি পি কীট প্ৰসংগত দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰত প্ৰকাশিত বাতৰিক লৈ সৰৱ হৈ পৰে ৰাইজৰ দল ৷ দলটোৰ উপ –সভাপতি ৰাছেল হুছেইনে এক সংবাদমেল সম্বোধন কৰি কয় যে কোভিডৰ সময়ত দেখুওৱা তৎপৰতাৰ আধাৰতে ড: হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈছিল ৷ কিন্তু দ্য ক্ৰছকাৰেন্টৰ আৰ টি আই আবেদনৰ উত্তৰত এন এইচ এমে যি তথ্য সদৰী কৰিলে , তাৰ পৰা মুখ্যমন্ত্ৰীয়ে ফটো উঠা বিমানখনত প্ৰকৃততে কি আছিল , তাক লৈ সন্দেহৰ সৃষ্টি হয় ৷ কোভিডৰ প্ৰতিৰোধৰ নামত যি প্ৰচাৰ চলোৱা হৈছিল সেয়াও ভুৱা আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজৰ দলে ৷ ৰাইজৰ দলৰ নেতাগৰাকীয়ে লগতে কয় যে কোভিডৰ নামত কেন্দ্ৰীয় চৰকাৰ- ৰাজ্য চৰকাৰে কিমান ধন ব্যয় কৰিলে , অসম আৰোগ্য নিধিৰ নামত সংগৃহীত ধনৰ কি হ’ল , তাৰ কোনো হিচাপ দিয়া নাই অসম চৰকাৰে ৷ এই ধনৰ হিচাপ দিবলৈ দাবী উত্থাপণ কৰি তেও লগতে কয় যে পি পি ই কীট কোনে আনিছিল , চৰকাৰে তাৰ উত্তৰ দিব লাগিব ৷ প্ৰথমতে চৰকাৰে চীনৰ পৰা নিজেই ক্ৰয় কৰা বুলি কৃতিত্ব জাহিৰ কৰিলে , পাছত যেতিয়া সেয়া নিম্নমানৰ বুলি প্ৰমান হ’ল , তেতিয়াই কোনো ব্যৱসায়ীলৈ দায় ঠেলিলে ৷ এবাৰ তেও ক’লে যে চিকিৎসকসকলে এয়াই আটাইতকৈ উচ্চমানৰ পি পি ই কীট বুলি অভিহিত কৰিছে ৷ তাৰ মানে এই পি পি ই কীট খিনি ব্যৱহাৰ হৈছিল ৷ কিন্তু বিতৰ্ক সৃষ্টি হোৱাত ক’লে যে ব্যক্তিগত গুডামত পি পি ই কীটখিনি আছে ৷ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৰা স্পষ্টীকৰণ দাবী কৰে ৰাইজৰ দলে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.