সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

COVID FILES : চীনৰ ৫০ হাজাৰ পি পি ই কীট ক’লৈ গ’ল ? সৰৱ কংগ্ৰেছ- অজাপ – ৰাইজৰ দল

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদনে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত ৷ ২০২০ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মাজনিশা বিমান বন্দৰত উপস্থিত হৈ চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট অসমলৈ আহি পোৱাৰ কথা সদৰী কৰিছিল ৷ কিন্তু তাৰ দুবছৰ পাছত দ্য ক্ৰছকাৰেন্টে দাখিল কৰা এক আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে তেওলোকে চীনৰ পৰা পি পি ই কীটেই নহয় , কোনো সামগ্ৰীয়েই ক্ৰয় কৰা নাই ৷ এই বাতৰি দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰত প্ৰকাশ পোৱাৰ পাছতেই সৰৱ হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ ৷ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মনজিৎ মহন্তই এক সংবাদমেলত চীনৰ পৰা অনা বুলি কোৱা ৫০ হাজাৰ পি পি ই কীট বৰ্তমান কাৰ গুডামত , ক’ত আছে , সেয়া ৰাজহুৱা কৰিবলৈ দাবী উত্থাপণ কৰে ৷ লগতে এই পি পি ই কীট ক্ৰয় কৰিবলৈ কোন ব্যৱসায়ীয়ে ধন বিনিয়োগ কৰিছিল , সেয়াও ৰাজহুৱা কৰিবলৈ দাবী উত্থাপণ কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ নেতাগৰাকীয়ে ৰাইজৰ বাহ বাহ ল’বলৈ মিছাকৈ চীনৰ পৰা পি পি ই কীট অনা বুলি সদৰী কৰিছিল নেকি বুলিও প্ৰশ্ন উত্থাপণ কৰে ৷ যদি সেয়া ভুৱা প্ৰচাৰ নাছিল , তেনেহ’লে পি পি ই কীটসমূহ কোনে কিনিছিল , সেই পি পি ই কীট এতিয়া ক’ত আছে সেয়া ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায় ৷
দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ এই বাতৰিৰ পাছতেই অসম জাতীয় পৰিষদেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আঞ্চলিক দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক সংবাদমেল সম্বোধন কৰি কয় যে পি পি ই কীটসমূহ নিম্নমানৰ হোৱাটো এক সুকীয়া বিষয় , কিন্তু এন এইচ এমে যি তথ্য প্ৰকাশ কৰিছে , সেয়া অতি গুৰুত্বপূৰ্ণ বিষয় ৷ কাৰণ এন এইচ এমে স্পষ্ট কৰি দিছে যে সংস্থাটোৱে পি পি ই কীটকে ধৰি কোনো সামগ্ৰী চীনৰ পৰা ক্ৰয় কৰা নাই ৷ সেইবাবেই প্ৰকৃততে চীনৰ পৰা পি পি ই কীট ক্ৰয় কৰা হৈছিল নে নাই , সেই কথা ৰাজহুৱা কৰিবলৈ দাবী জনায় অসম জাতীয় পৰিষদে ৷ জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে কোনোবা এটা পক্ষই অসত্য কথা কৈ আছে ৷ হয় , তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অসত্য কথা কৈছে , নহয় স্বাস্থ্য বিভাগে মিছা কৈছে ৷ চীনৰ পৰা পি পি ই কীট কাৰ ধনেৰে ক্ৰয় কৰা হৈছিল , যদি কোনো ব্যৱসায়ীৰ পৰা ধন লৈছিল , সেই ব্যৱসায়ীসকলৰ নাম প্ৰকাশ কৰিবলৈও দাবী জনায় অসম জাতীয় পৰিষদে ৷ দলটোৰ দাবী- কোভিডৰ সময়ত অসম চৰকাৰে কিমান ধন ব্যয় কৰিছিল, কাক কাক ঠিকা প্ৰদান কৰিছিল , বিলপ্ৰাপ্ত ঠিকাদাৰসকলৰ নাম ঠিকনা সন্নিৱিষ্ট শ্বেতপত্ৰ অসম চৰকাৰে প্ৰকাশ কৰক ৷ অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে লগতে কয় যে এখন ৰাজ্যই বহি:ৰাষ্ট্ৰৰ পৰা কেতিয়াও নিজাকৈ কোনো সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে ৷ গতিকে এই বিতৰ্কিত বিষয়টোত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো জবাবদিহি হৈ থাকিব ৷

চীনৰ পি পি কীট প্ৰসংগত দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰত প্ৰকাশিত বাতৰিক লৈ সৰৱ হৈ পৰে ৰাইজৰ দল ৷ দলটোৰ উপ –সভাপতি ৰাছেল হুছেইনে এক সংবাদমেল সম্বোধন কৰি কয় যে কোভিডৰ সময়ত দেখুওৱা তৎপৰতাৰ আধাৰতে ড: হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈছিল ৷ কিন্তু দ্য ক্ৰছকাৰেন্টৰ আৰ টি আই আবেদনৰ উত্তৰত এন এইচ এমে যি তথ্য সদৰী কৰিলে , তাৰ পৰা মুখ্যমন্ত্ৰীয়ে ফটো উঠা বিমানখনত প্ৰকৃততে কি আছিল , তাক লৈ সন্দেহৰ সৃষ্টি হয় ৷ কোভিডৰ প্ৰতিৰোধৰ নামত যি প্ৰচাৰ চলোৱা হৈছিল সেয়াও ভুৱা আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজৰ দলে ৷ ৰাইজৰ দলৰ নেতাগৰাকীয়ে লগতে কয় যে কোভিডৰ নামত কেন্দ্ৰীয় চৰকাৰ- ৰাজ্য চৰকাৰে কিমান ধন ব্যয় কৰিলে , অসম আৰোগ্য নিধিৰ নামত সংগৃহীত ধনৰ কি হ’ল , তাৰ কোনো হিচাপ দিয়া নাই অসম চৰকাৰে ৷ এই ধনৰ হিচাপ দিবলৈ দাবী উত্থাপণ কৰি তেও লগতে কয় যে পি পি ই কীট কোনে আনিছিল , চৰকাৰে তাৰ উত্তৰ দিব লাগিব ৷ প্ৰথমতে চৰকাৰে চীনৰ পৰা নিজেই ক্ৰয় কৰা বুলি কৃতিত্ব জাহিৰ কৰিলে , পাছত যেতিয়া সেয়া নিম্নমানৰ বুলি প্ৰমান হ’ল , তেতিয়াই কোনো ব্যৱসায়ীলৈ দায় ঠেলিলে ৷ এবাৰ তেও ক’লে যে চিকিৎসকসকলে এয়াই আটাইতকৈ উচ্চমানৰ পি পি ই কীট বুলি অভিহিত কৰিছে ৷ তাৰ মানে এই পি পি ই কীট খিনি ব্যৱহাৰ হৈছিল ৷ কিন্তু বিতৰ্ক সৃষ্টি হোৱাত ক’লে যে ব্যক্তিগত গুডামত পি পি ই কীটখিনি আছে ৷ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৰা স্পষ্টীকৰণ দাবী কৰে ৰাইজৰ দলে ৷

- Donation -

Leave A Reply

Your email address will not be published.