বৃদ্ধি পাইছে ভাৰতত কভি`ড ৰোগীৰ সংখ্যা

Share This Article

প্ৰতিদিনেই বদ্ধিত হাৰত বৃদ্ধি পাইছে ভাৰতৰ বিভিন্ন ৰাজ্যত কভি`ড ৰোগীৰ সংখ্যা। পাঞ্জাৱত অত্যাধিক হাৰত কভি`ড ৰোগী সংখ্যা বৃদ্ধি হোৱাৰ বাবে পাঞ্জাৱ চৰকাৰে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যখনত নিশাৰ কাৰফিউ জাৰি কৰিছে।  লগতে ঘোষণা কৰিছে সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ থাকিব, ছাত্ৰ-ছাত্ৰীসকলে কৰিব লাগিব অনলাইন ক্লাছ। চৰকাৰী-বেচৰকাৰী সকলো কৰ্মচাৰীয়ে দুটাকৈ ভেকচিন ল`ব লাগিব, বাৰ,  চিনেমা হ`ল,  মল,  ৰেষ্টুৰেণ্টত ৫০ শতাংশ লোকহে সোমাবলৈ অনুমতি দিছে  চৰকাৰখনে। আনহাতে, ৰাজ্যখনত জিম, চুইমিং পুল আৰু ক্ৰীড়া কমপ্লেক্স বন্ধ থাকিব। তদুপৰি, সকলো ৰাইজক মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। ইফালে,  ভাৰতত সোমবাৰ দিনটোত ৩৩,৭৫০ জন ৰোগী কোভিডত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ১২৩ জন। ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশত অ`মিক্ৰনত আক্ৰান্ত হৈছে ১৭০০ জনলোক। আৰোগ্য হৈছে ৬৩৯ জন ৰোগী। মহাৰাষ্ট্ৰত সৰ্বাধিক ৫১০ জন অ`মিক্ৰনত আক্ৰান্ত হোৱাৰ বিপৰীতে দিল্লীত ৩৫১ জন আক্ৰান্ত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.