৮ কংগ্ৰেছী বিধায়ক বিজেপিলৈ?

Share This Article

৮ কংগ্ৰেছী বিধায়ক বিজেপিলৈ? গোৱা কংগ্ৰেছত সংকটৰ আগজাননী
২ টা মাহ পাৰ হ’ল কি নহ’ল,আকৌ গোৱা কংগ্ৰেছত বিদ্ৰোহ!

৮ জন কংগ্ৰেছী বিধায়কে বুধবাৰে সাক্ষাৎ কৰিছে বিধান সভাৰ অধ্যক্ষক ৷

কেৱল অধ্যক্ষকেই নহয়,সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী প্ৰমোদ চাৱন্তকো

বিধায়কে অধ্যক্ষক সাক্ষাৎ কৰাতো ডাঙৰ কথা নহয় যদিও বিধানসভাৰ অধিৱেশন নথকাৰ সময়ত কংগ্ৰেছৰ ৮ জন বিধায়কৰ এই সাক্ষাতে কিছু ৰহস্যৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত৷

গোৱা বিধানসভাত কংগ্ৰেছৰ মুঠ ১১জন বিধায়ক আছে৷

উল্লেখ্য যে ইয়াৰ আগতেও বিগত জুলাইত দিগম্বৰ কামাট আৰু মাইকেল ল’ব’ নামৰ বিধায়ক দুজনে কংগ্ৰেছ দল ত্যাগৰ চিন্তা কৰিছিল বুলি অভিযোগ উঠিছিল৷

অৱশ্যে কংগ্ৰেছ দলে ‘এণ্টি ডিফেকচন’ আইনৰ অধীনত তেওঁলোকৰ বিধায়ক পদ খাৰিজৰ নিৰ্দেশ দিয়াৰ ফলত বিষয়টো তল পৰিছিল৷
অৱশ্যে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামাটে জুলাই মাহত কংগ্ৰেছ দলে সেয়া তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা বুলি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল৷

“মই বাকৰুদ্ধ , মোৰ বিৰুদ্ধে মিছা অভিযোগ”-এনেদৰে কৈছিল কামাটে৷

মাইকেল ল’ব’কো কংগ্ৰেছ দলে এই অভিযোগৰ পিছতে বিৰোধী দলৰ নেতৃত্বৰ পৰা আঁতৰাইছিল৷উল্লেখ্য
যে ল’ব’ ইয়াৰ আগতে বিজেপিৰ সদস্য আছিল৷
২০১৯ চনতো কংগ্ৰেছ দলে একেই সংকটৰ সন্মুখীন হৈছিল ৷দুই-তৃতীয়াংশ বিধায়কে বিজেপিত যোগদান কৰিছিল আৰু ইয়াৰ পিছৰ পৰাই দলটোৱে বিধায়কসকলক ন্যায় নিষ্ঠতাৰ শপত বাক্য পাঠ কৰোৱাইছিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.