৮ কংগ্ৰেছী বিধায়ক বিজেপিলৈ? গোৱা কংগ্ৰেছত সংকটৰ আগজাননী
২ টা মাহ পাৰ হ’ল কি নহ’ল,আকৌ গোৱা কংগ্ৰেছত বিদ্ৰোহ!
৮ জন কংগ্ৰেছী বিধায়কে বুধবাৰে সাক্ষাৎ কৰিছে বিধান সভাৰ অধ্যক্ষক ৷
- Donation -
কেৱল অধ্যক্ষকেই নহয়,সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী প্ৰমোদ চাৱন্তকো
বিধায়কে অধ্যক্ষক সাক্ষাৎ কৰাতো ডাঙৰ কথা নহয় যদিও বিধানসভাৰ অধিৱেশন নথকাৰ সময়ত কংগ্ৰেছৰ ৮ জন বিধায়কৰ এই সাক্ষাতে কিছু ৰহস্যৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত৷
গোৱা বিধানসভাত কংগ্ৰেছৰ মুঠ ১১জন বিধায়ক আছে৷
উল্লেখ্য যে ইয়াৰ আগতেও বিগত জুলাইত দিগম্বৰ কামাট আৰু মাইকেল ল’ব’ নামৰ বিধায়ক দুজনে কংগ্ৰেছ দল ত্যাগৰ চিন্তা কৰিছিল বুলি অভিযোগ উঠিছিল৷
অৱশ্যে কংগ্ৰেছ দলে ‘এণ্টি ডিফেকচন’ আইনৰ অধীনত তেওঁলোকৰ বিধায়ক পদ খাৰিজৰ নিৰ্দেশ দিয়াৰ ফলত বিষয়টো তল পৰিছিল৷
অৱশ্যে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামাটে জুলাই মাহত কংগ্ৰেছ দলে সেয়া তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা বুলি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল৷
“মই বাকৰুদ্ধ , মোৰ বিৰুদ্ধে মিছা অভিযোগ”-এনেদৰে কৈছিল কামাটে৷
মাইকেল ল’ব’কো কংগ্ৰেছ দলে এই অভিযোগৰ পিছতে বিৰোধী দলৰ নেতৃত্বৰ পৰা আঁতৰাইছিল৷উল্লেখ্য
যে ল’ব’ ইয়াৰ আগতে বিজেপিৰ সদস্য আছিল৷
২০১৯ চনতো কংগ্ৰেছ দলে একেই সংকটৰ সন্মুখীন হৈছিল ৷দুই-তৃতীয়াংশ বিধায়কে বিজেপিত যোগদান কৰিছিল আৰু ইয়াৰ পিছৰ পৰাই দলটোৱে বিধায়কসকলক ন্যায় নিষ্ঠতাৰ শপত বাক্য পাঠ কৰোৱাইছিল৷