চৰকাৰৰ বিৰুদ্ধে কিয় উচ্চতম ন্যায়ালয়লৈ যাব প্ৰদেশ কংগ্ৰেছ ?

Share This Article

মেঘালয়ক অসমৰ ভূমি এৰি দিয়াক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মেঘালয়ক অসমৰ ভূমি গতাই দিয়াৰ বিৰুদ্ধে আজি মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ হৈ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াই অসম চৰকাৰৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰত উল্লেখ কৰে যে কংগ্ৰেছে সীমা বিবাদ নিষ্পত্তি হোৱাটো বিচাৰে যদিও হূৰমূৰকৈ একপক্ষীয়ভাৱে মাটি এৰি দিয়াটো গ্ৰহণযোগ্য নহয় ৷ ভাৰতীয় সংবিধানৰ ২৬৩ অনুচ্ছেদ অনুসৰি দুখন ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ বিধানসভাৰ ওচৰত দায়বদ্ধ ৷ কিন্তু বিধানসভাত আলোচনা নকৰাকৈ অসমৰ ভূমি গতাই দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰয়োজনত কংগ্ৰেছ দল উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ’ব বুলিও স্মাৰকপত্ৰখনত উল্লেখ কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.