গ্ৰুপ ২৩ ৰ বিদ্ৰোহত উফৰিব নেকি গান্ধী পৰিয়াল?

Share This Article

কংগ্ৰেছৰ নেতৃত্বত এফালে গান্ধী পৰিয়াল , আনফালে গ্ৰুপ ২৩ ৷ দুয়োটা শিবিৰৰ মাজত সৃষ্টি হৈছে ব্যাপক সংঘাত ৷ গ্ৰুপ ২৩ য়ে বিচাৰিছে কংগ্ৰেছ নেতৃত্বৰ আমূল পৰিৱৰ্তন ৷ আনটো শিবিৰে বিচাৰিছে নেতৃত্বত থাকক গান্ধী পৰিয়াল ৷ কংগ্ৰেছৰ ভিতৰচ’ৰাৰ এই শীতল সংঘাতে এতিয়া দখল কৰিছে সংবাদ শিৰোণাম ৷

 

বিগত এবছৰ ধৰি পঞ্জাৱত কংগ্ৰেছ দল আৰু চৰকাৰৰ ভিতৰচ’ৰাত অব্যাহত আছিল সংঘাত , বিসম্বাদ ৷ ঠিক তেনেসময়তে কংগ্ৰেছৰ এদল ৰাষ্ট্ৰীয় নেতৃত্বও দলৰ ভিতৰচ’ৰাৰ আমূল পৰিৱৰ্তনৰ দাবীত সৰৱ হৈ পৰে ৷ বিগত বছৰৰ আগষ্ট মাহত ২৩ গৰাকী জেষ্ঠ্য কংগ্ৰেছী নেতাই দলৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷ এই পত্ৰত উল্লেখ কৰা হয় যে লোকসভা নিৰ্বাচন আৰু বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ গতিকে দলৰ সাংগঠনিক স্তৰত ব্যাপক সালসলনিৰ প্ৰয়োজন হৈ পৰিছে ৷ লগতে নেতৃত্বকো গতিশীল কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ এই ২৩ গৰাকী জেষ্ঠ্য নেতাৰ পত্ৰৰ পাছতে কংগ্ৰেছৰ ভিতৰচ’ৰাত জোকাৰণি উঠে ৷ কংগ্ৰেছ হাইকামাণ্ডৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰা এই নেতাসকলৰ ভিতৰত আছিল গোলাম নবী আজাদ, কপিল ছিব্বাল , মুকুল ৱাছনিক, মণি শংকৰ আয়াৰ আদি ৷ এই ২৩ গৰাকী নেতাকে অভিহিত কৰা হয় কংগ্ৰেছৰ ভিতৰৰ গ্ৰুপ ২৩ হিচাপে ৷

শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ শোচনীয়ভাৱে পৰাজিত হ’ল ৷ তাৰ পাছত নিয়মমাফিক চি ডব্লিউ চিৰ বৈঠক বহিল ৷ আশা কৰা ধৰণেই এই বৈঠকত গান্ধী পৰিয়ালৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হ’ল ৷ কিন্তু এইবাৰ জাঙুৰ খাই উঠিল জি ২৩ ৷ বুধবাৰে জেষ্ঠ্য কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ বাসগৃহত একত্ৰিত হ’ল গ্ৰুপ ২৩ ৰ সদস্যসকল ৷ এই বৈঠকত নতুনকৈ দেখা গ’ল সাংসদ শশী থাৰুৰ , পৃথ্বীৰাজ চৌহান , বিবেক টাংখা , সন্দীপ দীক্ষিত আদিক ৷ বাতৰিত প্ৰকাশ পোৱা অনুসৰি , এইসকল নেতা কপিল ছিব্বালৰ বাসগৃহত একত্ৰিত হোৱাৰ কথা আছিল যদিও শেষ মুহুৰ্তত বৈঠকৰ স্থান সলনি কৰা হয় ৷ বুধবাৰৰ বৈঠকত সমাবেত হোৱা নেতাসকলে মূলত: ৰাহুল গান্ধীৰ নেতৃত্বৰ ওপৰত সন্দেহ প্ৰকাশ কৰে ৷ তেওলোকে এইবুলিও সমন্তুষ্টি প্ৰকাশ কৰে যে পঞ্জাৱৰ মুখ্যমন্ত্ৰী সলনি , উত্তৰ প্ৰদেশৰ ৪০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ আদি বিষয়বোৰত চি ডব্লিউ চিৰ কোনো অনুমোদন লোৱা হোৱা নাছিল ৷ সেইবাবে গ্ৰুপ ২৩ ৰ সদস্যসকলে চি ডব্লিউ চি নতুনকৈ গঠন কৰাৰ দাবী উত্থাপণ কৰাৰ লগতে কংগ্ৰেছৰ সাংগঠনিক সম্পাদকগৰাকীকো সলনি কৰাৰ দাবী উত্থাপণ কৰে ৷ এই বৈঠকৰ প্ৰাবল্য ইমানেই আছিল যে গান্ধী পৰিয়ালৰ অনুগত বুলি পৰিচতি মল্লিকাৰ্জুন খৰ্গে মুকলিকৈ কয় যে তেওলোকে ১০০ খন বৈঠক অনুষ্ঠিত কৰিলেও ছোনিয়া গান্ধীক দুৰ্বল কৰিব নোৱাৰে ৷ খৰ্গে গ্ৰুপ ২৩ ৰ বিৰুদ্ধে খৰ্গেই দল ভঙাৰ অভিযোগো উত্থাপণ কৰে ৷ ইয়াৰ বিপৰীতে গ্ৰুপ ২৩ ৰ স্পষ্ট মত – বিজেপিক বিৰোধিতা কৰিবলৈ হ’লে কংগ্ৰেছক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে ৷ আমি কংগ্ৰেছক সমভাৱাপন্ন দলসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ আহ্বান জনাইছো , যাতে বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ এটা বিশ্বাসযোগ্য জোট তৈয়াৰ কৰিব পৰা যায় ৷ এই বিদ্ৰোহ দমনৰ বাবে ছোনিয়া গান্ধীয়ে তৎকালে তৎপৰতা আৰম্ভ কৰিছে ৷ কাৰণ কংগ্ৰেছত বিসম্বাদৰ অভিজ্ঞতা বৰ বেছি সুখকৰ নহয় ৷

১৯৭৭ চনত কংগ্ৰেছৰ ডাঙৰ নেতা জগজীৱন ৰামে কংগ্ৰেছ নেতা জগজীৱন ৰামে পদত্যাগ কৰে ৷ তাৰ পাছতে কেন্দ্ৰত ক্ষমতাচ্যুত হয় কংগ্ৰেছ ৷ ১৯৮৭ চনত কংগ্ৰেছ নেতা ভি পি সিঙে বফ’ৰ্চ কেলেংকাৰিৰ অভিযোগ তুলি প্ৰতিবাদ আৰম্ভ কৰে ৷ যাৰ বাবে তেওক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয় ৷১৯৮৮ চনত ভি পি সিঙে নতুন মৰ্চা গঠন কৰে ৷ তাৰ পাছৰটো নিৰ্বাচনতে তেও চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় ৷ ১৯৯০ ৰ দশকৰ পৰাই কংগ্ৰেছ দুৰ্বল হ’বলৈ আৰম্ভ কৰে ৷ ইয়াৰ আঁৰত নাৰায়ন দত্ত তিৱাৰী , মুপনাৰৰ দৰে নেতাৰ বিসম্বাদেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ ১৯৯৭ চনত মমতা বেনাৰ্জীয়ে কংগ্ৰেছ ত্যাগ কৰে ৷ তাৰ পাছত পশ্চিমবংগত কংগ্ৰেছৰ বেলি মাৰ যায় ৷ ১৯৯৯ত মুফটী মহম্মদ চৈয়দ আৰু শাৰদ পাৱাৰে বিদ্ৰোহ আৰম্ভ কৰে ৷ ইয়াৰ পাছৰ নিৰ্বাচনতে কংগ্ৰেছ পৰাজয়ৰ সন্মুখীন হয় ৷ নেতাৰ অসন্তুষ্টিয়ে ২০১৪ চনত কংগ্ৰেছৰ পৰাজয়ৰ বাট অধিক সুষম কৰি তুলিছিল ৷ ২০১৯ চনৰ পাছৰে পৰা জেষ্ঠ্য নেতাৰ বিদ্ৰোহ মুকলি ৰূপত পোহৰলৈ আহে ৷ শেহতীয়াকৈ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পাছত গ্ৰুপ২৩ ৰূপী বিদ্ৰোহীৰ দল নেতৃত্বৰ বিৰুদ্ধে আকৌ এবাৰ সৰৱ হৈ উঠিছে ৷ যদিহে তেওলোকৰ দাবী মানি নলৈ কংগ্ৰেছ হাইকামাণ্ড পুণৰ স্থিতাৱস্থা বাহাল ৰখাৰ সিদ্ধান্তত অটল হৈ থাকে , তেনেহ’লে কংগ্ৰেছৰ নাও বুৰিবলৈ আৰু বেছি দিন বাট চাব নালাগে ৷

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.