কংগ্ৰেছ সভাপতিসহ ৭ বিধায়ক বিজেপিলৈ

Share This Article

অস্তিত্বৰ সংকট আতৰা নাই কংগ্ৰেছ শিবিৰৰ পৰা ৷ এইবাৰ খোদ দলটোৰ সভাপতিসহ ৭ গৰাকী বিধায়কে যোগ দিবলৈ ওলাইছে  বিজেপি দলত ৷ এই ঘটনা মণিপুৰৰ ৷ ৰাজ্যখনত কংগ্ৰেছৰ আভ্যন্তৰীণ সংকটে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছত কালি আন এক সংকটৰ সন্মুখীন হয় দলটো ৷ মঙলবাৰে মণিপুৰ কংগ্ৰেছৰ সভাপতি গোবোন্দদাস কোন্থাজমে নিজৰ পদৰ পৰা ইস্তাফা দিয়ে ৷ তেওৰ লগতে কংগ্ৰেছৰ আন ৭ গৰাকী বিধায়কে বিজেপিত যোগ দিব বুলি এতিয়া সৰৱ চৰ্চা চলিছে ৷ উল্লেখ্য যে , ৬০ জনীয়া মণিপুৰ বিধানসভাৰ শেহতীয়া নিৰ্বাচনত কংগ্ৰেছ দলে লাভ কৰিছিল ২৮ খন আসন ৷ কিন্তু ২১ খন আসন লাভ কৰিও সেই সময়ত বিজেপিয়ে আন সহযোগী দলৰ সহায়ত চৰকাৰ গঠন কৰিবলগীয়া হয় ৷ পৰৱৰ্তী সময়ত ৭ গৰাকী কংগ্ৰেছ বিধায়কে বিজেপিত যোগ দিয়ে যদিও দলত্যাগবিৰোধী আইনৰ বাবে তেওলোকে বিধায়ক পদ হেৰুৱাবলগীয়া হয় ৷ পৰিস্থিতিৰ সুযোগ লৈ যোৱা আগষ্ট মাহত কংগ্ৰেছে বিজেপি চৰকাৰৰ পতন ঘটাব বিচাৰিছিল যদিও সফল নহ’ল ৷ তাৰ পাছতে গোবিন্দদাস কোন্থাজমক মণিপুৰ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হয় ৷ কিন্তু এতিয়া খোদ সভাপতিজনেই ৭ গৰাকী বিধায়কক লগত লৈ বিজেপিত যোগ দিব বুলি খবৰ ওলাইছে ৷ স্বাভাৱিকতে ৰাজ্যখনত দলটোৰ বাবে এয়া অশনি সংকেত হিচাপে বিবেচিত হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.