নৱবৰ্ষৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল

Share This Article

আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। আজিৰ দিনটোতে কইনাধৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে সংবাদমেল অনুষ্ঠিত কৰি মত বিনিময় কৰে। লগতে অসম চৰকাৰৰ তৰফৰ পৰা সমূহ অসমবাসীক ইংৰাজী নববর্ষৰ শুভেচ্ছা জনাই। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে লগতে নতুন বছৰত কি কি কাৰ্যপন্থাৰে চৰকাৰখন আগবাঢ়িব সেইবিষয়েও বিশদ ভাবে মন্তব্য কৰে।

ইয়াৰ উপৰিও সংবাদমেলত তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সাংবাদিকৰ আগত কয়। তেওঁ কয়, ২০২১ বৰ্ষত দ্বিতীয়বাৰৰ বাবে মিত্রজোঁটৰ চৰকাৰ হৈছে লগতে প্রথমবাৰলৈ অকংগ্রেছী চৰকাৰ হৈছে। বহুদিনৰ মূৰত উত্তৰ-পূবৰ পৰা এগৰাকী কেবিনেট মন্ত্রী পালে অসমে। বিজ্ঞান, সাহিত্য, খেলে অসমখনক লৈ গল বহু ওপৰলৈ। বিনয় শইকীয়া, লাভলীনা বৰগোঁহাইয়ে বেলেগ পৰ্যালয়ৈ লৈ গ’ল অসমক। ভাল বৰ্ষৰ লগতে ২০২১ বৰ্ষৰটো বেদনাৰ বৰ্ষও আছিল বুলি মুখ্যমন্ত্ৰী কয়। কোভিড মহামাৰীয়ে আমাৰ মাজৰ পৰা বহু প্রতিভা, আপোন মানুহক লৈ গ’ল। লগতে নতুন বছৰক লৈ চৰকাৰে যি নিয়ম দিছিল সেইবাবে ৩১ ডিচেম্বৰৰ দিনটোত এটাও পথ দুৰ্ঘটনা হোৱা নাই বুলি ডাঃ শৰ্মাই কয়।

অসম চুক্তিৰ ছয় নং দফাৰ প্ৰসংগত কয়, অসম চুক্তিৰ ছয় নং লৈ আমি আগবাঢ়িব পৰা নাই ৷ আছুৰ লগত আমি কথা পাতি আছোঁ৷ ছয় জনগোষ্ঠীক জনজাতীয়কৰণ কৰাত বৰ্তমানৰ জনজাতীয় লোকে বাধা দিছে। তেওঁলোকৰ অস্তিত্ব বিপন্ন হ’ব বুলি দাবী কৰে৷ ছয় জনগোষ্ঠীৰ জনজাতীকৰণৰ প্ৰতিবেদন আমি দিব নোৱাৰো কেন্দ্ৰক৷ দিলেই অসমত ৰক্তাক্ত হ’ব” লগতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ওপৰত কয়, “এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষা অসমীয়াতে দিব পাৰিব। শাসনলৈ যদি  বিজেপি নাহি আজমল আহিলহেঁতেন, আজমলে অসমীয়া ভাষা ৰাখিলহেঁতেননে? মেডিকেল, অভিযান্ত্ৰিক আদি সকলো প্ৰৱেশ পৰীক্ষা অসমীয়াত হ’ব। অসমত এতিয়া বেয়া কাম কৰাৰ সাহস কাৰোৰে নাই। আগৰ দিনৰ কথা বেলেগ আছিল৷ খাৰ খোৱা মানুহেহে APSCত চাকৰি পাব ৷ অসমীয়া জাতিক আৰু ভাঙিব দিব নোৱাৰো। বহু সৰু হৈয়ে গ’ল ইতিমধ্যে৷ অসমীয়া ভাষা ৰক্ষা কৰাতো চৰকাৰৰ দায়িত্ব নহয়৷ ৰাইজে কৰিব লাগিব৷ অসমীয়া স্কুলত পঢ়োৱাক৷ চৰকাৰ সকলোৰে বাবে৷”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই AFSPAৰ প্ৰসংগত কয় যে, “AFSPA চাৰিমাহৰ পিছত অসমত পুনৰ ৰিনিউ হ’ব সেই সময়ত আমি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিম৷ ক’ৰ ক’ৰ পৰা আঁতৰাব পাৰি।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.