চন্দ্ৰ শেখৰ আজাদে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দিতা

Share This Article

আগন্তক বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ গোৰখপুৰ সমষ্টিৰ পৰা ভীম সেনাৰ মুৰব্বী চন্দ্ৰ শেখৰ আজাদে  প্ৰতিদ্বন্দিতা কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰিব প্ৰতিদ্বন্দিতা। আজি আজাদ সমাজ পাৰ্টিয়ে(এএছপি)এই কথা ঘোষণা কৰে।
আজাদ সমাজ পাৰ্টিয়ে ছ’চিয়েল মিডিয়াৰ এক বিবৃতিত কয়, ‘বহুজন হিতাই-বহুজন সুখায়’ৰ বাবে বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰ আৰু কাঞ্চীৰাম চাহিবৰ আদৰ্শক লৈ আজাদ সমাজ পাৰ্টিয়ে(কাঞ্চীৰাম) চন্দ্ৰ শেখৰ আজাদক গোৰখপুৰ সদৰ(৩২২) আসনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে,”। লগতে, এএছপিৰ ৰাষ্ট্ৰীয় মূল সমিতিৰ সদস্য মহম্মদ আকিবে কয়, ভীম সেনাৰ পঞ্জীভুক্ত নাম হৈছে আজাদ সমাজ পাৰ্টি(কাঞ্চীৰাম)।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.